জিৰ' টিলেজ পদ্ধতিৰে আলু খেতি কৰা়টো কিমান লাভজনক জানেনে ?
আলু খেতিৰ নতুন পদ্ধতি অৱলম্বন জোনাইৰ কৃষক জন কুম্বাঙৰ । কম খৰচত জৈৱিক পদ্ধতিৰে উৎপাদন বৃদ্ধিৰ লক্ষ্য ।

Published : December 30, 2024 at 12:30 PM IST
জোনাই : সম্প্ৰতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ কৃষকে সেউজ বিপ্লৱৰ সূচনা কৰিছে । ব্যতিক্ৰমী তথা উদ্ভাৱনী কৃষিৰ জৰিয়তে কৃষকসকলে অসমৰ কৃষি ব্যৱস্থাত অন্য এক মাত্ৰা প্ৰদান কৰিছে । তাৰ অন্যতম উদাহৰণ দেখা গৈছে ধেমাজি জিলাৰ জোনাইত । জোনাই মহকুমাৰ ১ নং মূৰ্কংচেলেক গাঁৱৰ উদ্যমী কৃষক জন কুম্বাঙে জিৰ' টিলেজ পদ্ধতিৰে আলু খেতি আৰম্ভ কৰি সেউজ বিপ্লৱৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে ।
জিৰ' টিলেজ পদ্ধতিৰে আলু খেতি
কৃষিৰ এই উদ্ভাৱনী পদ্ধতি সম্পূৰ্ণ জৈৱিক আৰু অতি কম খৰচত অধিক উৎপাদন কৰিব পাৰি । শনিবাৰে প্ৰায় দুই বিঘা কৃষিভূমিত ধান চপোৱাৰ পিছতে কৃষকজনে এই নতুন পদ্ধতিৰে আলু খেতি আৰম্ভ কৰে ।
জিৰ' টিলেজ পদ্ধতি কি ?
অসমৰ বাবে এই পদ্ধতি নতুন । দুই এগৰাকী কৃষকে এই পদ্ধতি আঁকোৱালি লৈছে যদিও ইয়াৰ প্ৰচাৰ সীমিত হৈ আছে । এই পদ্ধতি সন্দৰ্ভত জন কুম্বাঙে কয়, "এই পদ্ধতিত নৰা কাটি এক বিশেষ ধৰণে কেঁচুসাৰৰ ওপৰত আলু ৰোৱা হয় । এই জিৰ' টিলেজ পদ্ধতিৰ প্ৰধান সুবিধা হৈছে মাটিৰ উপযুক্ত ব্যৱহাৰ আৰু উৎপাদনৰ খৰচ হ্ৰাস কৰি অধিক মুনাফা লাভ কৰা ।" জন কুম্বাঙে জোনাই মহকুমা কৃষি বিভাগৰ পৰা লাভ কৰা উন্নত মানৰ আলু, জৈৱিক সাৰ, নৰা আৰু খেৰ ব্যৱহাৰেৰে এই খেতি কৰিছে । একে সময়তে অঞ্চলটোৰ আন কৃষকসকলকো এই বিশেষ পদ্ধতিত আলু খেতি কৰাৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰে জন কুম্বাঙে ।
তেওঁ আশা কৰিছে যে এই পদ্ধতিৰে অধিক উৎপাদনৰ জৰিয়তে অঞ্চলটোৰ কৃষকসকলৰ মাজত এক নতুন চেতনাৰ জাগৰণ ঘটিব । লগতে জোনাইবাসীক জিৰ' টিলেজ পদ্ধতিৰে আলু খেতি আৰম্ভ কৰি সেউজ বিপ্লৱৰ অংশীদাৰ হোৱাৰো আহ্বান জনাইছে জন কুম্বাঙে । সেউজ বিপ্লৱৰ এই পদক্ষেপে কৃষিখণ্ডত এক নতুন দিশ উন্মোচন কৰিবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক :ৰাজপথত আন্দোলনৰ সমান্তৰালকৈ সেউজ বিপ্লৱৰে স্বাৱলম্বিতাৰ নিদৰ্শন কৃষক নেতাৰ - SELF RELIANT FARMER

