ETV Bharat / state

লখিমপুৰৰ ভোট গণনা কেন্দ্ৰৰ সন্মুখত আৰক্ষীৰ লাঠিচালনা

PANCHAYAT ELECTION 2025
আৰম্ভ হ'ল ভোট গণনা, কোনে মাৰিব শেষ হাঁহি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 10:23 AM IST

|

Updated : May 11, 2025 at 2:23 PM IST

Choose ETV Bharat

গুৱাহাটী : দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা ৷ জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতিৰে পুৱাৰে পৰা আৰম্ভ কৰিছে ভোট গণনা প্ৰক্ৰিয়া ৷ ৰাজ্যৰ ২৭ খন জিলাত একে সময়তে ভোট গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ বেলটযোগে অনুষ্ঠিত এই ভোট ৰাজ্যৰ ২৫,০০৭ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল ৷ ২ মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৪ খন জিলাত আৰু ৭ মে'ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ১৩ খন জিলাত ভোটদান অনুষ্ঠিত হয় ৷ গাঁও পঞ্চায়তৰ ২১,৯২০ টা, আঞ্চলিক পঞ্চায়তৰ ২,১৯১ টা আৰু জিলা পৰিষদৰ ৩৯৭ টা সদস্য পদৰ বাবে এই নির্বাচন অনুষ্ঠিত হয় ৷ ইয়াৰ বহু সদস্য পদত বিজেপি দলৰ প্রার্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷

আজি নিৰ্ণয় হ'ব প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভাগ্য ৷ লক্ষণীয় বিষয় যে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনেও সমদল তথা শোভাযাত্রাৰে বিজয়োৎসৱ পালন কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছিল ৷ ভাৰত-পাকিস্তানৰ মাজত চলি থকা যুদ্ধকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয় সমাবেশ, বিজয়োৎসৱ আদিৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল ৷ কিন্তু শনিবাৰে বিয়লি দুয়োখন দেশে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ এই নীতি-নিৰ্দেশ কার্যকৰী হৈ থাকিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ অৱশ্যে সেয়া ফলাফল ঘোষণাৰ পাছতহে জানিব পৰা যাব ৷

উল্লেখ্য যে বহুকেইটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন ৷ ২ মে'ত ৰাজ্যৰ ১৪ খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল ৷ ১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ ৷ ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল ৷ ইফালে ভোটদানৰ মাজতে কেইবাটাও কেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে ভোটগ্রহণ কেন্দ্র দখলৰ চেষ্টা, ভোটাৰ তালিকাত বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল ৷ যাৰ বাবে ৪ মে'ত পুনৰ ৪৪ টা কেন্দ্ৰত ভোটদান অনুষ্ঠিত হৈছিল ৷ ৪৪ টা ভোটকেন্দ্ৰত পুনৰ নতুনকৈ হোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.১০ শতাংশ ৷ ৪৪ টা ভোটকেন্দ্ৰৰ ভিতৰত আছিল হাইলাকান্দিত ৩২ টা, শ্ৰীভূমিত ৮ টা, লখিমপুৰত ২ টা, গোলাঘাট আৰু মাজুলীত এটাকৈ ভোটকেন্দ্ৰ ৷

আনহাতে ৭ মে'ত দ্বিতীয় পৰ্যায়ত অসমৰ ১৩ খন জিলা ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৯.২৩ শতাংশ ৷ দ্বিতীয় পৰ্যায়ত ভোটাৰৰ সংখ্যা আছিল ৯১,৩১,১২৭ গৰাকী ৷ ইয়াৰে ৪৬,৩০,৯২৪ জন পুৰুষ ভোটাৰ আৰু ৪৪,৯৯,৯৫২ গৰাকী মহিলা ভোটাৰ ৷ অন্যান্য ২৫১ গৰাকী ভোটাৰ ৷ আনহাতে মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা আছিল ১২,১৩০ টা ৷ প্ৰতিদ্বন্দ্বিতা কৰা ২৯,৬০৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী ২,৩৮৮ গৰাকী, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী ২৬৭২৫ গৰাকী ৷ আনহাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা প্ৰাৰ্থী সংখ্যা হৈছে ১২৮৯ গৰাকী ৷ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাসকলৰ ভিতৰত ২১ জন জিলা পৰিষদৰ সদস্য, ১৫১ জন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১,১১৭ জন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য ৷ আজি নিৰ্ণয় হ'ব পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ ভাগ্য ৷

LIVE FEED

2:13 PM, 11 May 2025 (IST)

গোৱালপাৰাত অব্যাহত ভোট গণনা

গোৱালপাৰাত ৪ টা বিধান সমষ্টিৰ ১৬ জিলা পৰিষদৰ দুখন আসন বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ । ১৪ জিলা পৰিষদৰ বাবে অব্যাহত ভোটগণনা । ১৪ জিলা পৰিষদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৪৯ গৰাকী প্ৰাৰ্থীয়ে । জিলাখনত মুঠ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা হৈছে ৮১ খন । বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ ১৭ খন আসনত । মুঠ ৱাৰ্ড সদস্য পদৰ সংখ্যা হৈছে ৮১০ টা ।

1:41 PM, 11 May 2025 (IST)

মুখ্যমন্ত্ৰীৰ আহ্বানক উপেক্ষা ভৱেশ কলিতাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানকো কেৰেপ নকৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই । কাউণ্টিং হলত প্ৰৱেশ কৰি বিতৰ্ক সৃষ্টি কৰাৰ অভিযোগ ভৱেশ কলিতাৰ বিৰুদ্ধে । প্ৰায় দহগৰাকী নেতা-কৰ্মীসহ কাউণ্টিং হলত প্ৰৱেশ কৰে কলিতাই ।

কলিতাৰ বিৰুদ্ধে দলীয় শৃংখলা ভংগৰ অভিযোগ উত্থাপন একাংশৰ । অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ভৱেশ কলিতাই ।

1:23 PM, 11 May 2025 (IST)

বিশ্বনাথত নিৰ্ধাৰিত সময়তকৈ পলমকৈ অনুষ্ঠিত ভোটগ্ৰহণ

বিশ্বনাথত নিশা ধাৰাষাৰ বৰষুণ আৰু বতাহ-ধুমুহাৰ ফলত জিলাখনৰ আজি ভোট গণনা নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ অনুষ্ঠিত হয় ৷ পুৱা 8 বজাৰ পৰিবৰ্তে 9.30 বজাৰ পৰা আৰম্ভ হয় ভোটগণনা ৷ বিশ্বনাথ জিলা আয়ুক্তই নিশ্চিত কৰিছে এই কথা ৷

1:19 PM, 11 May 2025 (IST)

কাছাৰৰ জিলা পৰিষদৰ প্ৰথম ৰাউণ্ডত বিজেপিৰ অগ্ৰগতি

শিলচৰৰ ISBT আৰু লক্ষীপুৰত ভোটগণনাৰ প্ৰথম ৰাউণ্ডৰ অন্ত । কাছাৰৰ জিলা পৰিষদৰ ২৩ খন আসনৰ প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত ১৯ খন জিলা পৰিষদত অগ্ৰগতি বিজেপিৰ ।

12:45 PM, 11 May 2025 (IST)

মাজুলীৰ ২০ খন পঞ্চায়ত, চাৰিখন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত দখলৰ দাবী বিধায়ক ভূৱন গামৰ

ৰাজ্যৰ আন প্ৰান্তৰ লগতে মাজুলীত পুৱাৰ পৰা আৰম্ভ হৈছে ভোট গণনা পৰ্ব । মাজুলীত এইবাৰ সৰ্বমুঠ চাৰিখন জিলা পৰিষদ ২০ টা পঞ্চায়তৰ বাবে অনুষ্ঠিত হৈছে ভোটগণনা ।

ভোট গণনা চলি থকাৰ মাজতে মাজুলীৰ বিধায়ক ভূৱন গামে জিলাখনৰ ২০ খন পঞ্চায়ত, চাৰিখন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত বিজেপি মিত্ৰজোঁটে দখল কৰাৰ দাবী কৰে ।

12:45 PM, 11 May 2025 (IST)

দৰং মহাবিদ্যালয়ত চাৰিটা সমষ্টিত ভোট গণনা, ঢেকীয়াজুলি সম জিলাত সমষ্টিটোৰ ভোটগণনা

শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ৰ প্ৰাংগনত পাঁচটা বিধানসভা সমষ্টিৰ চাৰিটা সমষ্টিত ভোট গণনা অনুষ্ঠিত হৈছে । ইতিমধ্যে পাঁচগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে ৩৬ গৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আৰু ২৬০ গৰাকী গাঁওসভাৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ।

ঢেকীয়াজুলি সমষ্টিৰ ২০৬ টা ভোটগ্ৰহণ কেন্দ্ৰৰ গণনা ঢেকীয়াজুলি সম জিলাত পৃথকে অনুষ্ঠিত হৈছে ৷ আনহাতে বৰছলাৰ ২৬১ টা ভোটকেন্দ্ৰ, তেজপুৰৰ ১৬৯ টা, ৰঙাপৰাৰ ২০৪ টা আৰু নদুৱাৰৰ মাত্ৰ দুটা ৱাৰ্ড সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তাৰ গণনা তেজপুৰৰ দৰং মহাবিদ্যালয়ত চলি আছে । ঢেকীয়াজুলিৰ ১৭ খন গাঁও পঞ্চায়তত ১৪৯ গৰাকী গাঁও সভাৰ সদস্য, বৰছলাৰ ২২ খন গাঁও পঞ্চায়তত ১৮৯ গৰাকী গাঁওসভাৰ সদস্য, তেজপুৰৰ ১৩ খন পঞ্চায়তত ১২১ গৰাকী, ৰঙাপৰাৰ ১৭ খন গাওঁ পঞ্চায়তত ১৫৬ গৰাকী আৰু নদুৱাৰত মাত্ৰ দুগৰাকী সদস্যই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

দৰং মহাবিদ্যালয়ত চাৰিটা সমষ্টিত ভোট গণনা (ETV Bharat)

12:24 PM, 11 May 2025 (IST)

দিখৌমুখৰ ৬ নং ৱাৰ্ডত পৰিধী শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়াৰ জয়

সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত কেইদিনমান পূৰ্বে তোলপাৰ লগাই থকা পৰিধী শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়া দিখৌমুখ গাওঁ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ সদস্য হিচাপে জয়লাভ কৰিছে ।

পৰিধী শৰ্মাৰ ছদ্মনামেৰে প্ৰৱন্ধ লিখা ধ্ৰুৱজ্যোতি শইকীয়াই কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল ৷ ধ্ৰুৱই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক ৪৬ টা ভোটত পৰাজিত কৰে । সংবাদ মাধ্যমৰ সন্মুখত দিখৌমুখৰ ৰাইজক ধন্যবাদ জনাই পৰিধী শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়াই ।

12:05 PM, 11 May 2025 (IST)

ভোট গণনাৰ পূৰ্বে লখিমপুৰ ভোটগণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ভোটগণনা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত একাংশ এজেন্ট-প্ৰাৰ্থীয়ে নিয়ম নমনাকৈ প্ৰৱেশৰ চেষ্টা চলায় । নিৰ্দিষ্ট সময়ৰ আগতেই কেন্দ্ৰটোত প্ৰৱেশৰ বাবে একাংশই চেষ্টা কৰে । আৰক্ষীয়ে তেওঁলোকক বাধা দিয়াত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠিচালনা কৰিবলগীয়া হয় ।

আৰক্ষীৰ লাঠিচালনাৰ পাছত পুনৰ পৰিস্থিতি স্বাভাৱিক হয় আৰু সময়ত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ৷

লখিমপুৰৰ ভোট গণনা কেন্দ্ৰৰ (ETV Bharat)

11:41 AM, 11 May 2025 (IST)

চৰাইদেউ জিলাতো অব্যাহত ভোটগণনা

নতুন পঞ্চায়ত আইনৰ অধীনত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা চৰাইদেউ জিলাখনৰ দুটা স্থানত আৰম্ভ হৈছে । চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ১৯৮ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হোৱা ভোট গ্ৰহণৰ আজি ভোট গণনা আৰম্ভ হৈছে মৰাণ মহাবিদ্যালয়ত । ইয়াৰ সমান্তৰালভাৱে সোণাৰি সমষ্টিৰ ভোট গণনা সোণাৰি মহাবিদ্যালয়ত আৰম্ভ হৈছে । সোণাৰি সমষ্টিত ২০৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ । চৰাইদেউ জিলা প্ৰশাসনে চৰাইদেউৰ দুয়োটা ভোট গণনা কেন্দ্ৰত দায়িত্বশীল বিষয়া আৰু মাইক্ৰ অৱজাৰ্ভাৰ নিয়োগ কৰিছে ।

11:02 AM, 11 May 2025 (IST)

নগাঁৱতো অব্যাহত ভোট গণনা

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নগাঁৱতো কঠোৰ নিৰাপত্তাৰ মাজেৰে আৰম্ভ ভোট গণনা । জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ বিভিন্ন পদৰ বাবে অৱতীৰ্ণ প্ৰাৰ্থীসকলৰ হ'ব ভাগ্য নিৰ্ণয় ।

নগাঁও জিলাৰ ২৭ খন জিলা পৰিষদৰ সদস্য পদৰ বাবে ৬৪ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । মনোনয়ন দাখিলৰ পাছতেই ৬ গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে । নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি আছে ভোট গণনা ।

বালক বিদ্যালয়ত ৭ খন জিলা পৰিষদ আসনৰ, নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১২ খন জিলা পৰিষদ আসনৰ বাবে হৈছে ভোট গণনা । জিলাখনৰ আঞ্চলিক পঞ্চায়তৰ মুঠ ১৬৪ টা সদস্য পদৰ বাবে ৩৫৯ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । ইয়াৰে ২২ গৰাকী প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে । ১৬৪ খন গাঁও পঞ্চায়তৰ ১৬৪০ টা ৱাৰ্ড সদস্য পদৰ বাবে মুঠ ৩৯৮৩ গৰাকী প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা । ইয়াৰে ২২৯ গৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ।

কলিয়াবৰ সম জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আৰু ৰহা সম জিলাতো ভোটগণনা অব্যাহত । প্ৰতিটো গণনা কেন্দ্ৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ নিয়োগ কৰা হৈছে ।

নগাঁৱত ভোটগণনা (ETV Bharat)

10:33 AM, 11 May 2025 (IST)

ডিব্ৰুগড় জিলাৰ মুঠ ৫ টা স্থানত ভোট গণনা

ডিব্ৰুগড় জিলাৰ মুঠ ৫ টা স্থানত চলি আছে ভোট গণনা । খোৱাং সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ তত্বাৱধানত খোৱাং মহাবিদ্যালয়ত খোৱাং সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে ৷ ঠিক তেনেদৰে টিংখাং সমজিলাৰ অধীনত টিংখাং সমষ্টিৰ বাবে টিংখাং মহাবিদ্যালয়ত, নাহৰকটীয়া সমষ্টিৰ বাবে নাহৰকটীয়া মহাবিদ্যালয়ত আৰু দুলীয়াজান সমষ্টিৰ ভোট গণনা দুলীয়াজান মহাবিদ্যালয়ত আৰম্ভ হৈছে ।

এইবাৰ সমগ্ৰ ডিব্ৰুগড় জিলাখনত মুঠ ৮৭১৯৭৫ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে । ডিব্ৰুগড় জিলা প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি প্ৰতিটো ভোটগণনা কেন্দ্ৰত প্ৰথম পোষ্টেল ভোট সমূহৰ গণনা কৰা হ'ব । প্ৰশাসনৰ তৰফৰ পৰা প্ৰতিটো ভোট গণনা কেন্দ্ৰত দায়িত্বশীল বিষয়া আৰু মাইক্ৰ অৱজাৰ্ভাৰ থাকিব ।

চৰাইদেউ জিলাতো অব্যাহত ভোটগণনা (ETV Bharat)
Last Updated : May 11, 2025 at 2:23 PM IST