ETV Bharat / state

সৃষ্টিশীল কৰ্মৰ মাজত জীৱনৰ ছন্দ বিচৰা এগৰাকী নীৰৱ সাহিত্য়িক - LITERARY KRISHNA NARZARY

গ্ৰন্থ বিক্ৰী নকৰা এগৰাকী সাহিত্য়িক । ২৬খন গ্ৰন্থ ৰচনা কৰাৰ পিছতো পোৱা নাই স্বীকৃতি । এইগৰাকী সাহিত্য়িকৰ বিষয়ে জানিবলৈ পঢ়ক..

Literary Krishna Narzary
সাহিত্য়িক কৃষ্ণ নাৰ্জাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 8:21 PM IST

7 Min Read

বাক্সা: নীৰৱে সাহিত্য সাধনা অব্যাহত ৰখা এগৰাকী সাহিত্য়িক ৷ পেচাত শিক্ষক হ'লেও ভাষা, সাহিত্য, গল্প, কবিতা, উপন্যাসৰ প্ৰতি আছে তেওঁৰ সাংঘাতিক দুৰ্বলতা ৷ তেওঁ আজৰি সময়ত সন্ধান কৰে ভাষাৰ-শব্দৰ । সৃষ্টি কৰে কাহিনীৰ পটভূমি আৰু পৰিৱেশ । ঘৰৰ পৰা বিদ্যালয়লৈ অহা-যোৱাৰ সময়ত মনলৈ অহা ভাৱনাখিনিক লিপিবদ্ধ কৰে কাগজত ।

এইগৰাকী ব্য়ক্তিক দেখিলে কোনেও অনুমান কৰিব নোৱাৰে যে তেওঁ ২৬ খন গ্ৰন্থৰ ৰচক ৷ নাম তেওঁৰ কৃষ্ণ নাৰ্জাৰী ৷ ঘৰ বাক্সা জিলাৰ সদৰ চহৰ মুছলপুৰত ৷ সৃষ্টিশীল কৰ্মৰাজিৰ মাজত জীৱনৰ মাদকতা বিচাৰি ভাল পোৱা বিভিন্ন গুণেৰে গুণৱন্ত কৃষ্ণ নাৰ্জাৰী ৷ সৰুৰে পৰা চৰাই আৰু প্ৰকৃতিক ভালপোৱা খেয়ালী মনৰ আপোনভোলা স্বভাৱৰ কৃষ্ণ নাৰ্জাৰী বড়ো সাহিত্য জগতৰ এগৰাকী বিশিষ্ট কবি-সাহিত্যিকৰূপে চিনাকি নাম যদিও এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তি ।

মুছলপুৰৰ সাহিত্য়িক কৃষ্ণ নাৰ্জাৰী (ETV Bharat Assam)

সাহিত্য়িকগৰাকীয়ে ইতিমধ্যে ৪ খনকৈ উপন্যাসকে ধৰি কেইবাখনো প্ৰৱন্ধ সংকলন, কাব্যগ্ৰন্থ, শিশু উপযোগী কিতাপ আৰু গল্প সংকলন প্রকাশ কৰি বড়ো সাহিত্যৰ ভঁৰাল চহকী কৰিছে । এতিয়ালৈ ২৬ খনকৈ গ্ৰন্থ ৰচনা কৰি বড়ো সাহিত্য জগতখনলৈ নিৰলসভাৱে সেৱা আগবঢ়াই অহা প্ৰচাৰবিমুখ সাহিত্য়িক কৃষ্ণ নাৰ্জাৰীয়ে বাক্সা জিলাৰ কলাগুৰু বিষ্ণু ৰাভা হাইস্কুলত বিষয় শিক্ষকৰূপে চাকৰি জীৱন আৰম্ভ কৰি ২০১৪ চনত লিখি উলিয়াইছিল কাব্যগ্ৰন্থ 'সাগৰ' ৷ তাৰ পাছত আৰু সাহিত্যচৰ্চাৰ ক্ষেত্ৰত পাছলৈ উভতি চোৱা নাই ৷ ইখনৰ পাছত সিখন গ্ৰন্থ লিখি পাঠকক দি আহিছে সাহিত্যৰ ভিন্ন ভিন্ন সোৱাদ ৷

সামাজিক কাম-কাজ :

১৯৬১ চনৰ ১ জানুৱাৰীত অবিভক্ত নলবাৰী জিলাৰ দক্ষিণ বাক্সা মৌজাৰ শিংৰাপাৰা গাঁৱত নিৰণ নাৰ্জৰীৰ ঔৰসত আৰু ৰাণী নাৰ্জাৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰা কৃষ্ণ নাৰ্জাৰীয়ে সামাজিক দিশত সৰুৰে পৰা সেৱা আগবঢ়াই ছাত্ৰাৱস্থাত ১৯৭৬ চনত নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ বাক্সা আঞ্চলিক শাখা গঠন কৰি তাৰে প্ৰতিষ্ঠাপক সম্পাদক হৈছিল ৷ ঐতিহাসিক বড়ো অন্দোলনত সক্ৰিয় ভূমিকা লোৱা নাৰ্জাৰী অবিভক্ত নলবাৰী জিলা এবছুৰ তৰ্ক আৰু সাহিত্য সম্পাদকৰ দায়িত্বতো আছিল ৷ পৰৱৰ্তী সময়ত ১৯৮৮ চনৰ পৰা বাক্সাৰ কলাগুৰু বিষ্ণু ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়ত গণিতৰ শিক্ষকৰূপে যোগদান কৰাৰ পিছতো তেওঁ বড়ো সাহিত্য সভা, বাথৌ মহাসভা আদিকে ধৰি বিভিন্ন সামাজিক তথা সাহিত্যানুষ্ঠানৰ সৈতে জড়িত হৈ পৰে ৷

১৯৮৯ চনত বড়ো সাহিত্য সভাৰ নলবাৰী জিলাৰ সহকাৰী সম্পাদক, ২০০৮ চনৰ পৰা ২০১৮ চনলৈ দীৰ্ঘদিন ধৰি মুছলপুৰ আঞ্চলিক বাথৌ মহাসভাৰ সম্পাদক, ২০১৩ চনৰ পৰা ২০১৭ চনলৈ নলবাৰী, বাক্সা জিলা বাথৌ মহাসভাৰ সম্পাদক আৰু তাৰ পিছত সদৌ বাথৌ মহাসভাৰ সাংগঠনিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত তথা বৰ্তমান সময়ত ৰাজ্যখনৰে অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী হৈ পৰা 'দাৰাগাৱ' সৃষ্টিৰ আঁৰৰ ব্যক্তিগৰাকীয়েই হৈছে কৃষ্ণ নাৰ্জাৰী ৷

Literary Krishna Narzary
সাহিত্য়িক কৃষ্ণ নাৰ্জাৰী (ETV Bharat Assam)

এটা দশক পূৰ্বে দুই বন্ধু শৰৎ স্বৰ্গীয়াৰী আৰু বানেশ্বৰ ৰামচিয়াৰীৰে মিলি দাৰাগাঁৱক এক পৰ্যটনস্থলীৰূপে গঢ় দিছিল নাৰ্জাৰীয়ে ৷ ২০২১ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা নাৰ্জাৰীয়ে বৰ্তমান সময়তো বিভিন্ন সামাজিকভাৱে অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ৷ বঁটা-বাহনে এজন সাহিত্যিকৰ খ্যাতি বা যশস্যা, তেওঁৰ সাধনাক ওপৰলৈ নিব নোৱাৰে । এয়া তেওঁৰ কামৰ বাবে বিনম্ৰতাৰে যচা এক স্বীকৃতি বা সন্মান ৷ কিন্তু বড়ো সাহিত্য জগতৰ এইগৰাকী নীৰৱ সাধকে বড়ো সাহিত্যলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে যদিও তেওঁ পাব লগা স্বীকৃতি-সন্মানৰ পৰা বঞ্চিত হৈ আছে ৷

গ্ৰন্থ বিক্ৰী নকৰা সাহিত্য়িকগৰাকী :

ৰাজ্য তথা বি টি আৰ প্ৰশাসনৰ লগতে বড়ো জনগোষ্ঠীটোৰ কোনো এটা জাতীয় অনুষ্ঠানেও আজিলৈকে ২৬ খনকৈ গ্ৰন্থ ৰচনা কৰি বড়ো সাহিত্য জগতৰ ভঁৰাল চহকী কৰা এইগৰাকী প্ৰচাৰ বিমুখ সাহিত্যিকক যথোপযুক্ত সন্মান দিয়া নাই ৷ এইক্ষেত্ৰত কৃষ্ণ নাৰ্জাৰীয়ে কয়, “যিটো জাতিৰ কিতাপৰ লগত সম্পৰ্ক নাথাকে সেই জাতিটো জীয়াই থকাৰ অধিকাৰ হেৰুৱায় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ যদি কিতাপৰ লগত সম্পৰ্ক নাথাকে তেনেহলে বিপথে পৰিচালিত হ'ব ৷ মই কেইবাখনো উপন্যাস, শিশু সাহিত্য, চুটি গল্প, সমাজৰ নিয়ম নীতিৰ ওপৰত গ্ৰন্থ, কবিতা পুথি আদি লিখি উলিয়াইছো ৷ এই গ্ৰন্থসমূহ লিখি চপা কৰাত মোৰ কমেও আঠৰ পৰা ন লাখ টকাৰ খৰচ হৈছে ৷ গ্ৰন্থসমূহ মই আজিলৈকে বিক্ৰীৰ ব্যৱস্থা কৰা নাই ৷ মই মোৰ বন্ধু বান্ধৱী, ৰাইজক পঢ়াৰ কাৰণে দিও ৷"

কেনেধৰণৰ গ্ৰন্থ প্ৰকাশ কৰে ?

এই সন্দৰ্ভত সাহিত্য়িকগৰাকীয়ে কয়, "মই সচৰাচৰ সমাজৰ নীতি-নিয়ম, বড়ো সমাজৰ ৰাজনীতি, ছাত্ৰ-ছাত্ৰীৰ উপযোগী সাধুকথা, উপন্যাস ইত্যাদি গ্ৰন্থ লিখি উলিয়াইছো ৷ প্ৰৱন্ধ বিশেষকৈ বড়ো সমাজৰ বিবাহৰ নিয়ম-কানুন, বড়োসকলৰ ৰাজনীতি-আচাৰ নীতি এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিয়েই লিখিছো ৷ "

কেতিয়াৰ পৰা সাহিত্য জগতৰ লগত জড়িত হ'ল ?

কেতিয়াৰ পৰা সাহিত্য জগতৰ লগত জড়িত হ'ল বুলি প্ৰশ্ন কৰাত সাহিত্য়িকগৰাকীয়ে কয়, "মই কলাগুৰু বিষ্ণু ৰাভা উচ্চ মাধ্যমিক বিদ্যালয়ত গণিতৰ শিক্ষকৰূপে যোগদান কৰাৰ পিছতে লাইব্ৰেৰীৰ দায়িত্বত আছিলো ৷ লাইব্ৰেৰীত থাকিলে বহু কিতাপ দেখো আৰু এখন এখনকৈ কিতাপবোৰ পঢ়ি গৈ থাকো ৷ এনেকৈয়ে মই বহুত কিতাপ পঢ়িলো ৷ তাৰ পিছত ভাবিলো যে ময়ো কিতাপ লিখো ৷ ভবামতেই কাম ৷ তাৰ পৰাই মই কিতাপ লিখা আৰম্ভ কৰিলো ৷"

কি কি গ্ৰন্থ লিখিছে :

কৃষ্ণ নাৰ্জাৰীৰ কলমেৰে সৃষ্টি হোৱা গ্ৰন্থসমূহ হৈছে ক্ৰমে- উপন্যাস খাফালনি লিৰনায় মিথিয়ৈ হাংখৌ, বিবাৰনি এম, জৌমৈ খৌবনায় থৰচে হাথৰখী,গৌৰৌন্থিনি উনাও উন দাহা,প্ৰৱন্ধ সংকলন ক্ৰমে সৌদৌমশ্ৰীনী আগান,চিৰি মৌননায় জিউনি লামা, বুথুৱা থুংগ্ৰী, মানচি জানায়নি চিমাং ৷ কবিতা পুথি ক্ৰমে জাইখলং,সাগৰ (অসমীয়া),গৌমালাংনায় জাইখ্লংনি গামী, চান হাবানায় চমাও, চিমাংনি ৰজে, আগান,বায়নায় গৌৰবনী ৰিংখাংনায় দেংখৌ, জিউনি বেলাসেয়াৱ ৷

গল্প সংকলন হৈছে গৌচৌখাংথিনি মেগন মৌদৈ,গৌৰৌন্থিয়া চৌৰনি,লহৰায় লাংনায় বিবাৰ, চৌদৌব গৈয়ৈ দাহা ৷ শিশু সাহিত্য গ্ৰন্থ ক্ৰমে চল' বাথানি চেৰ চেৰ,গেদেমা সুবুংনি জিউ খৌৰাং,দিন্থি হৰনায় জিউনি লামা, নীতি বৌচৌন আদি ৷ নীৰৱে বড়ো ভাষা-সাহিত্যৰ বৰ পথাৰখনত কাম কৰি যোৱা কৃষ্ণ নাৰ্জাৰীয়ে শেহতীয়াকৈ বড়ো জনগোষ্ঠীৰ সমগ্ৰ বিবাহ পদ্ধতিক সামৰি 'বৰ'নি গৌথাৰ জুলীনি নেমফাৰি' নামেৰে এখন গ্ৰন্থ লিখি উলিয়াইছে ৷ আনহাতে, প্ৰকাশৰ পথত আছে 'গাংখং' নামৰ এখন শিশু সাহিত্য গ্ৰন্থ ৷

বড়ো সাহিত্য সভাই সহায় কৰিছেনে ?

এইক্ষেত্ৰত কৃষ্ণ নাৰ্জাৰীয়ে কয়, “সাহিত্য সৃষ্টিকাৰীয়ে সন্মান বিচাৰি এই গ্ৰন্থসমূহ ছপা নকৰে ৷ ৰাইজক ভাল ভাল গ্ৰন্থ উপহাৰ দিবলৈহs যত্ন কৰে ৷ তথাপি উত্তৰাধিকাৰী সকলে যদি অলপ হ'লেও প্ৰতিদান দিবলৈ আগবাঢ়ি আহে তেতিয়া হয়তো লেখকসকলে অলপ হ'লেও উৎসাহ পাব ৷ আজিলৈকে বড়ো সাহিত্য সভা নতুবা স্থানীয় শাখা সাহিত্য সভাসমূহৰ পৰা কৃতজ্ঞতা পোৱা নাই ৷ সেইবাবে মনত অলপ দুখ অনুভৱ হয় ৷"

লগতে পঢ়ক:কিমান ক্ষোভ-দুখ-অভিমান বুকুত বান্ধি এগৰাকী বৰেণ্য সাহিত্য়িকে ক'ব পাৰে- মই অসমবাসীৰ নহয়... - ASAM SAHITYA SABHA CONTROVERSY

দীৰ্ঘ বিৰতিৰ পিছত জাহ্নু বৰুৱাৰ নতুন ছবি "হেৰোৱা ছন্দ" - JAHNU BARUAS NEW FILM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.