ETV Bharat / state

চাব্বাচ জোনালী ! সমানে চম্ভালিছে কিতাপৰ পৃষ্ঠা-গাড়ীৰ ষ্টিয়েৰিং

"যেতিয়া মই সৰু আছিলো তেতিয়াৰে পৰাই ইচ্ছা আছিল পুৰুষৰ সমানে সমানে কাম কৰাৰ ।" জোনালীৰ মনৰ কথা পঢ়ক...

International Womens Day 2025
চাব্বাচ জোনালী ! সমানে চম্ভালিছে কিতাপৰ পৃষ্ঠা-গাড়ীৰ ষ্টিয়েৰিং (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 6:06 PM IST

3 Min Read
Choose ETV Bharat

হাফলং: আজি আন্তৰ্জাতিক নাৰী দিৱস । বিশ্বজুৰি বিভিন্ন ক্ষেত্ৰত মহিলাসকলৰ অৱদানক স্বীকৃতি দি পালন কৰা হৈছে এই দিৱসৰ । তাৰ মাজতে অসমৰ ডিমা হাছাও জিলাত চৰ্চা লাভ কৰিছে এগৰাকী ছাত্ৰীয়ে । পঢ়াশুনাৰ লগতে পৰিয়ালক পোহপাল দিয়াৰ উদ্দেশ্যে জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছে ছাত্ৰীগৰাকী । শিক্ষাৰ সমান্তৰালকৈ স্বাৱলম্বী হোৱাৰ উদ্দেশ্যে তেওঁ গাড়ীচালকৰ কামো সুন্দৰকৈ কৰি গৈছে । ছাত্ৰীগৰাকী হৈছে ডিমা হাছাও জিলাৰ গুনজুঙৰ জোনালী নাইডিং । প্ৰবল ইচ্ছাশক্তি থাকিলে এগৰাকী মহিলাই যে সকলো কাম কৰিব পাৰে সেয়া কৰি দেখুৱাইছে জোনালীয়ে ।

জোনালীৰ জীৱন সংগ্ৰাম

চাব্বাচ জোনালী ! সমানে চম্ভালিছে কিতাপৰ পৃষ্ঠা-গাড়ীৰ ষ্টিয়েৰিং (ETV Bharat)

হাফলঙৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ গুনজুঙৰ পৰা প্ৰতিদিনে এখন মাৰুতী ইক' বাহনেৰে যাত্ৰী লৈ হাফলঙত উপস্থিত হয় জোনালী । তাৰ পিছত পুনৰ বিয়লি হাফলঙৰ পৰা যাত্ৰী লৈ গুনজুঙলৈ তেওঁ ঘূৰি যায় । প্ৰতিদিনেই ৬০ কিলোমিটাৰ যাত্ৰা কৰাৰ উপৰিও হাফলং চৰকাৰী মহাবিদ্যালয়ত শিক্ষাগ্ৰহণো কৰি আছে জোনালীয়ে । তেওঁ হাফলং চৰকাৰী মহাবিদ্যালয়ৰ কলা বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী । জোনালী নাইডিঙে তেওঁৰ জীৱন সংগ্ৰামৰ কথা উল্লেখ কৰি কয়, "নিতৌ পঢ়াশুনাৰ উপৰিও যোৱা এবছৰৰ বেছি সময় ধৰি মই গাড়ী চলাই আছো । এইদৰে গাড়ী চলাই মই সময় উলিয়াই নিজৰ পঢ়াশুনা চলাই আছো ।" তেওঁ কয়, "আমাৰ পৰিয়ালৰ সদস্যৰ সংখ্যা ৯ গৰাকী । যাৰ বাবে এইদৰে গাড়ী চলাই মই নিজৰ পৰিয়াল পোহপাল দি আছো ।"

আত্মনিৰ্ভৰ জোনালী

চালকৰ পেচা সন্দৰ্ভত জোনালীয়ে কয়, "যেতিয়া মই সৰু আছিলো তেতিয়াৰে পৰাই ইচ্ছা আছিল পুৰুষৰ সমানে সমানে কাম কৰাৰ । পুৰুষে যি কাম কৰিব পাৰে ইচ্ছা থাকিলে এগৰাকী মহিলাইও এই কাম কৰিব পাৰে । মই পৰিয়াল চলোৱাৰ বাবে গাড়ী চলোৱাৰ কাম কৰি আছো ।" তেওঁ লগতে কয়, "মই গাড়ী চলোৱাৰ উপৰিও ফুটবল খেলি আৰু জুম খেতি কৰি ভাল পাও । মই গুনজুঙৰ পৰা সদায় পুৱা ৮ বজাত গাড়ীৰে যাত্ৰী লৈ যাও আৰু হাফলঙৰ পৰা দুপৰীয়া প্ৰায় ২.৩০ মান বজাত গুনজুঙলৈ উভতি আহো । তেলৰ খৰচ বাদ দি দিনটোত মোৰ হাতত এহাজাৰমান টকা ৰাহি হয় ।"

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি তেওঁ কয়, "মহিলাসকল পুৰুষতকৈ কেতিয়াও কম বুলি ভবা উচিত নহয় । আজিৰ দিনত পুৰুষৰ দৰে মহিলাসকলেও সকলো কাম কৰিবলৈ সক্ষম । এতিয়া মহিলাসকলে পেট্ৰ'ল পাম্পত কাম কৰি আছে, বাছ-ট্ৰাক আদি চলাই আছে । যাৰ বাবে মহিলাসকলে স্বাৱলম্বী হোৱাৰ বাবে যি ধৰণৰ কাম কৰাৰ ইচ্ছা আছে সেয়া কাম কৰা উচিত ।"

লগতে পঢ়ক :সামাজিক কৰ্মৰ লগতে নিজৰ প্ৰতিভাৰে স্বাৱলম্বী এগৰাকী মহিলা - INTERNATIONAL WOMENS DAY