ETV Bharat / state

খহনীয়াত গ'ল ঘৰ-ভেটি, পিতৃ-মাতৃও শয্যাশায়ী... অব্যাহত অজিতৰ জীৱন সংগ্ৰাম

ৰাইজৰ বাবে সংগ্ৰাম কৰা মাজুলী ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাৰ জীৱন সংগ্ৰাম ।

AASU leader life struggle
ৰুগীয়া পিতৃ-মাতৃৰ শুশ্ৰূষাত ব্যস্ত এজন আছু নেতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 30, 2025 at 4:25 PM IST

|

Updated : July 30, 2025 at 5:18 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী : এসময়ত ৰাইজৰ স্বাৰ্থত সংগ্ৰামৰ পথ বাছি লৈছিল মাজুলীৰ অজিত হাজৰিকাই । ৰাইজৰ অভাৱ-অভিযোগৰ বাবে মাতি মাতিবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চকে নিজৰ কৰি লৈছিল । এখন চাইকেলেৰে দূৰ দূৰণিলৈ গৈ সংগঠনৰ কামত ব্যস্ত হৈ আছিল । আছুৰ মজিয়াৰ পৰাই ৰাইজৰহকে সংগ্ৰাম কৰা অজিতৰ জীৱনটোৱে এতিয়া সংগ্ৰামেৰে ভৰা । কাৰণ তেওঁৰ পিতৃ-মাতৃ এতিয়া শয্যাশায়ী । বৰ্তমান মাজুলীৰ আছু নেতাজনৰ জীৱন সংগ্ৰাম দেখিলে আপোনাৰো অন্তৰ সেমেকি উঠিব ।

মাজুলীৰ শালমৰা গাৱঁৰ অজিতৰ পৰিয়ালটোৰ এতিয়া দুখৰ অন্ত নাই । ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ ভেটি সকলো হেৰুৱাই আজিৰ তাৰিখত অতি সাধাৰণ জীৱন যাপন কৰি আছে অজিতৰ পৰিয়ালটোৱে । কিন্তু ৩ জনীয়া পৰিয়ালটোৰ মাত্ৰ অজিতে আটাইৰে সাৰথি । অজিতৰ পিতৃয়ে একাংগী জীৱন কটাই আছে আৰু মাতৃও বাৰ্ধক্যজনিত ৰোগত শয্যাগত । ৰোগীয়া পিতৃ-মাতৃক চোৱাচিতা কৰাই প্ৰধান দায়িত্ব অজিতৰ । অৱশ্যে তাৰ মাজতো সাংগঠনিক কাম কৰি গৈছে অজিতে ।

আছু নেতা অজিত হাজৰিকাৰ জীৱন সংগ্ৰাম (ETV Bharat)

আছু নেতাজনে সংবাদ মাধ্যমক জনোৱা মতে ২০২১ চনৰ পৰাই তেওঁৰ পৰিয়ালত স্বাস্থ্যজনিত সমস্যাই দেখা দিছে । প্ৰথম অৱস্থাত তেওঁৰ মাতৃ অসুস্থ হৈ পৰিছিল । মাতৃক যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত এমাহ ধৰি চিকিৎসা চলোৱা হৈছিল । মাতৃ সুস্থ হ'ল কিন্তু ২০২৩ চনত তেওঁৰ পিতৃও পক্ষাঘাতত আক্ৰান্ত হৈছিল । তেতিয়াৰ পৰাই চলি আছে পিতৃৰ চিকিৎসা । ইয়াৰ মাজতে পুনৰ তেওঁৰ মাতৃও অসুস্থ হয় আৰু তেওঁৰো চিকিৎসা চলাই থকা হৈছে । এনে পৰিস্থিতিত আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ সন্মুখত ভয়ংকৰ সংকটে দেখা দিছে । অৱশ্যে আছু নেতৃত্বৰ তৰফৰ পৰা যথেষ্ট সহায় লাভ কৰিছে অজিত হাজৰিকা আৰু পৰিয়ালটোৱে ।

এই সন্দৰ্ভত তেওঁ কয়, "২০২১ চনৰ পৰা মোৰ পৰিয়ালটো স্বাস্থ্যজনিত সমস্যাত ভুগি আছো । ছাত্ৰ সন্থাৰ নেতৃত্ব তথা কৰ্মীসকলে তেতিয়াৰ পৰা মোক পূৰ্ণ সমৰ্থন কৰি আছে । যাৰ সমৰ্থনত আজি মা-দেউতাৰ চিকিৎসা কৰি থাকিব পাৰিছো । কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে মই অকলশৰীয়া হোৱাৰ বাবে মা-দেউতাক বেলেগলৈ লৈ গৈ দীঘলীয়া চিকিৎসা কৰিব পৰা নাই । সেইটোৱে মোক অন্তৰত আঘাত দিছে ।"

এই বিপদৰ সময়ত সহায় আগবঢ়োৱা সকলোকে আছু নেতাজনে ধন্যবাদ জ্ঞাপন কৰে । ভৱিষ্যতেও পিতৃ-মাতৃৰ শুশ্ৰূষাৰ বাবে তেওঁ আছু আৰু শুভাকাংক্ষীৰ আশীৰ্বাদ বিচাৰে ।

লগতে পঢ়ক :চকুপানীৰে এতিয়া বাট দেখা নাই ছামিউলৰ ঘৰখনে - NANDINI KASHYAP ACCIDENT CASE

Last Updated : July 30, 2025 at 5:18 PM IST