ETV Bharat / state

জীৱন সংগ্ৰাম: হ'ব খুজিছিল গায়ক, হ'লগৈ কৃষক

পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে সপোন ত্যাগ কৰি ব্য়স্ত কৃষিভূমিত ।

life struggle of cultivator Ismail Mondal
ইছমাইল মণ্ডল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 7:56 PM IST

3 Min Read
Choose ETV Bharat

ধুবুৰী: যুৱকজনৰ সপোন আছিল এজন ভাল গায়ক হোৱাৰ । সৰুৰে পৰাই বলীউডৰ জনপ্ৰিয় গায়ক কুমাৰ চানুৰ গান গাইছিল যদিও ভাগ্য়চক্ৰ সলনি হ'ল । পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে আনৰ ঘৰত থাকিয়েই চলাবলীয়া হ'ল জীৱন সংগ্ৰাম । তাৰ মাজতেই কলেজত পঢ়িলে যদিও সলনি নহ'ল ভাগ্য়চক্ৰ ।

ধুবুৰীৰ এই যুৱকজনে পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে সপোন ত্যাগ কৰি আজি ৰাসায়নিক সাৰৰ দোকানৰ লগতে খেতিপথাৰতো সমানেই কাম কৰিছে । জীৱন মানেই সংগ্ৰাম । এই সংগ্ৰাম অবিহনে জীৱন আধৰুৱা । ইছমাইল মণ্ডল নামৰ যুৱকজনৰ ক্ষেত্ৰতো একেই ছবি প্ৰতিফলিত হ'ল । তেওঁ এতিয়া খেতি কৰি পোহপাল দি আছে পৰিয়ালটোক । তেওঁৰ সপোন আছিল গায়ক হোৱাৰ; কিন্তু দাৰিদ্রতাই সপোন ভাঙি কৰিলে চূৰমাৰ ।

ইছমাইল মণ্ডলৰ জীৱনগাথা (ETV Bharat Assam)

ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন ভিতৰুৱা গাঁৱৰ ইছমাইল মণ্ডলৰ এয়া হৈছে জীৱনগাথা । ইছমাইলে হাইস্কুলৰ পঢ়া শেষ কৰি অভাৱী পৰিয়ালটোক চলাবলৈ কৃষ্ণাইলৈ গুচি গৈছিল বেলেগৰ ঘৰত কাম কৰিবলৈ । আনৰ ঘৰত বন কৰা হিচাপে থকাৰ লগতে সমান্তৰালভাৱে পঢ়া-শুনাও কৰি গৈছিল ইছমাইলে । এটা সময়ত পঢ়া শেষ কৰি ঘৰলৈ উভতি আহে আৰু এখন সৰু দোকান আৰম্ভ কৰে । পুৱা-গধূলি দোকান চলাই থকাৰ মাজতেই দিনৰ দিনটো খেতি কৰে ।

ইছমাইল মণ্ডলে নিজৰ সপোন আৰু সংগ্ৰামৰ কথা উল্লেখ কৰি কয় যে তেওঁ বৰ্তমান ৩০ পৰা ৪০ বিঘাকৈ মাটিত খেতি কৰে । দেউতাকৰ ১৫ বিঘা নিজৰ মাটি আৰু বাকীখিনি আধিত লোৱা । ধানৰ লগতে ৰবিশস্য, মৰাপাট, কুঁহিয়াৰ, শাক-পাঁচলিৰ খেতি কৰি চলাই আহিছে ঘৰ-সংসাৰ । এই সন্দৰ্ভত ইছমাইলে কয়, "আমাৰ ঘৰৰ অৱস্থা খুব ভাল নাছিল । ঘৰত থাকিয়েই হাইস্কুলত পঢ়িলো । ইয়াৰ পিছত কৃষ্ণাইৰ এঘৰত থাকি তেওঁলোকৰ দোকানত কাম কৰি কলেজতো পঢ়িলো । কলেজীয়া শিক্ষা তাতেই সমাপ্ত কৰি ঘৰলৈ উভতি আহিলো । ইয়াতেই খেতিৰ লগতে এখন ৰাসায়নিক সাৰৰ দোকান আৰম্ভ কৰো । এনেকৈয়ে পোহপাল দি আছো । আজিলৈকে কোনো আঁচনিৰ ৰাজসাহাৰ্য লাভ কৰা নাই । চৰকাৰক আমাৰ দৰে খেতিয়কক ৰাজসাহাৰ্য দিবলৈ আহ্বান জনাম ।"

তেওঁ পুনৰ কয়, "মই কুমাৰ চানুৰ গান বেছি ভাল পাওঁ । গান গোৱাৰ খুউব ইচ্ছা আছিল । পৰিয়ালৰ অভাৱ অনাটনৰ বাবে নোৱাৰিলো । কোনো প্লেটফৰ্মো নাপালো ।"

লগতে পঢ়ক:নিতৌ ১২০ লিটাৰ গাখীৰ বিক্ৰী কৰি হ'ল মহালাখপতি বাইদেউ - SELF RELIANT WOMAN

শিক্ষাদানৰ সমানেই সেউজ বিপ্লৱত ব্য়স্ত এগৰাকী শিক্ষক - SUCCESSFUL FARMER