শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পানী নসৰকা তদন্ত আৰু দোষীক কঠোৰ শাস্তিৰ দাবী : মুখ্যমন্ত্ৰীলৈ আছুৰ জৰুৰী পত্র
বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি এখন জৰুৰী চিঠি প্ৰেৰণ কৰে আছুৱে ।

Published : September 24, 2025 at 9:43 PM IST
গুৱাহাটী: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই এক উচ্চস্তৰীয়, নিৰপেক্ষ আৰু পানী নসৰকা ধৰণৰ তদন্তৰ লগতে দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে । ছাত্ৰ সন্থাই বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এই সম্পৰ্কত এখন জৰুৰী চিঠি প্ৰেৰণ কৰিছে ।
এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ‘‘অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে । শিল্পীগৰাকীৰ শেষ দর্শন, শেষকৃত্যত অসমৰ লক্ষ লক্ষ জনতাই অশ্ৰুসিক্ত নয়নেৰে তেখেতক শেষ বিদায় দিছে । অসমৰ মানুহৰ দুখ দুগুণে বঢ়াইছে শিল্পীগৰাকীৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্যই । এইয়া দুৰ্ঘটনা নহয় বৰঞ্চ এক পৰিকল্পিত ষড়যন্ত্ৰ বুলিও অভিযোগ উত্থাপন হৈছে । জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কোনো প্রশ্নই উত্তৰহীন হৈ থকাটো অসমৰ ৰাইজে, ছাত্ৰ সন্থাই নিবিচাৰে । ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ এক উচ্চস্তৰীয়, নিৰপেক্ষ আৰু পানী নসৰকা তদন্তৰ দাবী জনাইছে ।’’

আছুৰ নেতৃত্বদ্বয়ে কয়, ‘‘ছাত্ৰ সন্থাৰ স্পষ্ট মত যে জুবিন গাৰ্গ অসমৰ জাতীয় সম্পদ । তেখেতৰ পৰিবাৰৰ অনুপস্থিতিত ছিংগাপুৰত জুবিন গাৰ্গৰ যতন লোৱাটো অনুষ্ঠানৰ উদ্যোক্তা আৰু তেখেতৰ আশে-পাশে থকা লোকসকলৰ কেৱল নৈতিক দায়িত্বই নহয়, জাতীয় দায়িত্বও আছিল । এই দায়িত্ব পালনত হোৱা গাফিলতিৰ বাবেই যে অসমে জুবিন গাৰ্গক হেৰুৱাইছে তাত কোনো সন্দেহ নাই । ই এক অক্ষমনীয় অপৰাধ ।’’
মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ গোচৰ চি আই ডিক অৰ্পণ কৰাৰ কথা কৈছে । কিন্তু এই মুহূৰ্তলৈকে কোনো অভিযুক্তক সোধ-পোছ কৰা পৰিলক্ষিত হোৱা নাই । তদন্ত কোনো কাৰণতে লেহেমীয়া হ'ব নালাগিব । ক্ষীপ্ৰতাৰে তদন্ত আগবাঢ়িব লাগে ।

ছাত্ৰ সন্থাৰ স্পষ্ট দাবী, ‘‘North East Festival অর্থাৎ জুবিন গাৰ্গে অংশ ল'বলৈ যোৱা অনুষ্ঠানটোৰ উদ্যোক্তাসকলক, জুবিন গাৰ্গৰ মেনেজাৰ প্ৰমুখ্যে শিল্পীগৰাকীৰ সৈতে যোৱা দলটোৰ সদস্যসকল আৰু সাগৰলৈ তেখেতক লৈ যোৱা সকলো লোককে তদন্তৰ আওতালৈ আনিব লাগে । তেখেতৰ প্ৰতি থকা দায়িত্ব পালনত গাফিলতি কৰা প্ৰতিজনকেই তদন্তৰ আওতালৈ আনিব লাগে । শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে ।’’
উল্লেখ্য জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে তদন্ত দাবী কৰিছে । আনকি ন্যায় বিচাৰি ৰাজপথলৈও ওলাই আহিছে । ইতিমধ্যে অসম চৰকাৰে সমস্ত ঘটনাৰ তদন্ত চি আই ডিৰ ওপৰত ন্যস্ত কৰিছে । আনহাতে অসম চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ।
ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ যোৱা ১৯ ছেপ্টেম্বৰত সাগৰত অকাল মৃত্যুক সাবটিবলগীয়া হৈছিল শিল্পী জুবিন গাৰ্গে ৷ এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আছিল শ্যামকানু মহন্ত । জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰ পৰাই ৰাজ্যজুৰি শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন হৈছে ৷
লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

