ধেমাজি জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ ভূপেন বৰাক - Dhemaji District Congress
Dhemaji District Congress: কংগ্ৰেছত আভ্যন্তৰীণ কন্দলৰ অন্ত কেতিয়া ? ধেমাজি কংগ্ৰেছত হৈছে কি ? জিলা কংগ্ৰেছৰ সভাপতিক অপসাৰণৰ সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছ ৰাজ্যিক সভাপতিক অভিযোগ একাংশ কংগ্ৰেছ কৰ্মীৰ ৷

Published : July 25, 2024 at 8:30 PM IST
ধেমাজি, 25 জুলাই: লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচতে দেশৰ লগতে ৰাজ্যত এতিয়া বৃদ্ধি পাইছে কংগ্ৰেছ তথা বিৰোধী দলৰ তৎপৰতা । বিশেষকৈ আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ৰাজ্যত চৰকাৰ গঠনত মুখ্য ভূমিকা পালন কৰাৰ অংগীকাৰ লৈ ব্যাপক ৰণকৌশল প্ৰস্তুত, সাংগঠনিক তৎপৰতা বৃদ্ধি কৰা সময়তে ধেমাজি জিলা কংগ্ৰেছৰ সভাপতিক লৈ আৰম্ভ হৈছে বিদ্ৰোহ ৷ জিলা কংগ্ৰেছত আভ্যন্তৰীণ কন্দলৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গ’ল ধেমাজিতো ৷
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকী দলীয় শীৰ্ষ বিষয়ববীয়াৰ উপস্থিতিত বুধবাৰে জিলা কংগ্ৰেছৰ উদ্যোগত হোটেল স্ৱাগতত অনুষ্ঠিত হয় এখন বিশাল সাংগঠনিক সভা ৷ এই সভাতেই ধেমাজি জিলাৰ একাংশ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে বৰ্তমান ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁইৰ দলীয় কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি সাত দফীয়া দাবীৰ এখন অভিযোগ পত্ৰ ৰাজ্যিক সভাপতিৰ হাতত দাখিল কৰে ৷
অভিযোগ পত্ৰত উল্লেখ কৰা মতে বৰ্তমান ধেমাজি জিলা কংগ্ৰেছৰ সভাপতিজনে বিজেপি আৰু গণশক্তিৰ লগত জড়িত হৈ ধেমাজি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী আৰু জোনাই সমষ্টিৰ বিধায়কৰ লগত মিতিৰালি কৰি মীন বিভাগৰ পৰা পুখুৰী খন্দাৰ নামত ২২লাখ টকা সাহায্য গ্ৰহণ কৰিছে ৷ জিলা সভাপতিগৰাকীয়ে যোৱা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী বিৰোধ কৰি নিৰ্দলীয় প্ৰাৰ্থীক নিৰ্বাচনী প্ৰচাৰত জড়িত হৈ কাউন্টিং এজেণ্ট কৰিছিল ৷
যোৱা নগৰ পালিকা নিৰ্বাচনত সভাপতিগৰাকীয়ে দুটাকৈ ৱাৰ্ডত বিজেপিৰ লগত মিতিৰালি কৰি কংগ্ৰেছ প্ৰাৰ্থীক পৰাজিত কৰিছিল ৷ জিলা কংগ্ৰেছ সমিতিখনত যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিৰোধিতা কৰা সদস্যক সমিতিত অন্তভুৰ্ক্ত কৰিছিল । তদুপৰি জিলা কংগ্ৰেছৰ সভাপতিগৰাকীৰ মইমতালিত তৃণমূল কংগ্ৰেছ কৰ্মীসকলক হতাশ কৰি তুলিছে ৷ আনহে নালাগে জিলাখনত সাংগঠনিক ভেটি সবল কৰাত সভাপতিগৰাকীয়ে ব্লক, মণ্ডল আৰু প্ৰাথমিক কৰ্মীসকলৰ সৈতে কোনো যোগসূত্ৰ নাৰাখে ৷
লগতে পঢ়ক: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তিনিবছৰ সম্পূৰ্ণ ভূপেন বৰাৰ - APCC President Bhupen Kumar Borah

