বৰপেটা: পদূলিমুখত এতিয়া ৰঙালী বিহু । ঢোল-পেঁপাৰ মাতেৰে চৌদিশ ৰজনজনাই উঠিছে । অসমীয়াৰ হেঁপাহৰ বিহুটিক আদৰিবলৈ সৰ্বত্ৰে ব্যাপক প্ৰস্তুতি চলিছে । ইয়াৰ মাজত ব্যতিক্ৰম বৰপেটা । বৰপেটাত বিহু পালন কৰা হয় সম্পূৰ্ণ সত্ৰকেন্দ্ৰিক ব্যৱস্থাৰ মাজেৰে । বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ দিনৰ পৰা অৰ্থাৎ যোৱা প্ৰায় ৪৫০ বছৰ ধৰি সম্পূৰ্ণ সত্ৰকেন্দ্ৰিক ব্যৱস্থাৰে বৰপেটাত বিহু পালন কৰি অহা হৈছে ।
সেইকাৰণে বৰপেটাত ব'হাগ বিহুক 'বৈহাগৰ দম্হী' বা বহাগৰ দোমাহী বুলিহে কোৱা হয় । সংক্ৰান্তিৰ দিনাৰ পৰা ছয় ব'হাগলৈ সাতদিনীয়াকৈ এই পৰ্ব পালন কৰা হয় । বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড৹ বাবুল চন্দ্ৰ দাসে কয়,"সংক্ৰান্তিৰ পৰা ছয় ব'হাগলৈ বৰপেটা সত্ৰত নিত্য প্ৰসংগৰ উপৰি নৈমিত্তিক প্ৰসংগ অতিৰিক্তভাৱে গায়ন-বায়ন পৰিৱেশন কৰাৰ লগতে ঘোষা কীৰ্তন, ব্যাস কীৰ্তন আদি গোৱা হয় ।"
তেওঁ লগতে কয়,"পৰম্পৰা অনুসৰি বৰপেটা সত্ৰত পহিলা ব'হাগৰ দিনা সত্ৰৰ দৈৱজ্ঞই বিহু গণনা কৰে । দৈৱজ্ঞই প্ৰথমতে সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰৰ গুৰু আসনৰ পিছ পিনে তাৰ পিছত সত্ৰৰ মঠৰ চোতালত বিহু গণনা কৰে । এই গণনাক বৰ্ষফল গণনা বুলিও কোৱা হয় । সম্পূৰ্ণৰূপে সত্ৰীয়া আৰু আধ্যাত্মিক চেতনাৰে কৰা বিহু গণনা শুনিবলৈ সত্ৰত অসংখ্য ভকত বৈষ্ণৱৰ লগতে আই মাতৃসকলে উপস্থিত হয় । বৰপেটা সত্ৰৰ বিহু গণনাই সমগ্ৰ ৰাজ্যখনতে বিশেষ সমাদৰ লাভ কৰে ।"
উল্লেখযোগ্য যে বৰপেটাত যিকোনো উৎসৱ-পাৰ্বনেই হ'ল সত্ৰকেন্দ্ৰিক । অৰ্থাৎ সত্ৰক আগত ৰাখিহে যিকোনো কাম কৰা হয় । আনকি ব্যক্তিগত বিষয়বোৰো সত্ৰৰ লগত সংযুক্ত হৈ থাকে । সেয়েহে বিহুও সত্ৰীয়া পৰম্পৰাৰে পালন কৰা হয় । ইপিনে সাত ব'হাগৰ দিনা সত্ৰৰ দালান তথা কৰাপাটৰ বাহিৰত অনুষ্ঠিত হয় বৰপেটাৰ বিখ্যাত বীৰ নাম । এই বীৰ নামত প্ৰসাদ হিচাপে গুৰ আৰু গুৱামুৰি দিয়া হয় ৷ বীৰ নামৰ অন্তত ভকতসকলে বৰপেটা সত্ৰৰ মঠৰ চোতালত সেৱা জনায় । ইয়াৰ লগে লগে বৰপেটা সত্ৰত পালন কৰা ব'হাগৰ দোমাহীৰ আনুষ্ঠানিক সামৰণি পৰে ।