ETV Bharat / state

হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল; কাক কি ক’ব খুজিছে দেৱব্ৰত শইকীয়াই !

ৰাহুল গান্ধীৰ মন্তব্যত সুৰ মিলালে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই । প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰৰ আদৰণি ।

Leader of Opposition Party appeal to Assam congress to take lesson from Haryana
হাৰিয়ানাৰ পৰা শিক্ষা লোৱাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 15, 2024 at 4:52 PM IST

|

Updated : October 15, 2024 at 5:20 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৫ অক্টোবৰ: কংগ্ৰেছত দলতকৈ নেতা ডাঙৰ ! হাৰিয়ানা বিধানসভা নিৰ্বাচনৰত কংগ্ৰেছৰ বিফলতাৰ পাৰ্শ্বক্ৰিয়া বিয়পিছে অসমলৈয়ো । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ কংগ্ৰেছ নেতৃত্বৰ আভ্যন্তৰীণ বিবাদকে জগৰীয়া কৰি আত্মবিশ্লেষণৰ বাবে আহ্বান জনাইছিল । হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা ল’বলৈ দলীয় নেতা-কৰ্মীক আহ্বান জনাইছে বিৰোধীৰ দলপতি তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই ।

সামজিক মাধ্যমত এই প্ৰসংগত দেবব্ৰত শইকীয়াই লিখে, “লোকৰ অভিজ্ঞতাৰ পৰা শিক্ষা ল'লে ভাল । নিজৰ ওপৰত প্ৰয়োগ কৰি ল’লে ক্ষতি হ’ব । হাৰিয়ানাৰ পৰা কিবা কিবি শিকিব পাৰিলে ভাল ।” দেৱব্ৰত শইকীয়াৰ এই আহ্বানে কংগ্ৰেছ দলৰ ভিতৰচ’ৰাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কিয়নো অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত ক্ষমতাৰ টনা-আজোৰা প্ৰসংগই যোৱা কিছুদিন সামাজিক মাধ্যমত যথেষ্ট শিৰোনাম দখল কৰি আহিছে ।

ভূপেন বৰাৰ পৰিৱৰ্তে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতাৰ বাবে আহ্বান জনাইছিল একাংশ কংগ্ৰেছীয়ে । আনকি, এ আই চি চিৰ নেতা, অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবলৈ বাধ্য হৈছিল যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই অসমত সভাপতি পদৰ সালসলনি কৰাৰ কথা চিন্তা কৰা নাই । ভূপেন বৰাই এই পৰ্যন্ত ভাল কাম কৰি আছে । তেনে এক পৰিৱেশৰ মাজতেই ৰাহুল গান্ধীৰ সুৰতে সুৰ মিলাই জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই হাৰিয়ানাৰ নিৰ্বাচনৰ পৰা শিক্ষা ল’বলৈ জনোৱা আহ্বানে বিশেষ তাৎপৰ্য বহন কৰিছে ।

সামাজিক মাধ্যমত আগবঢ়োৱা মন্তব্যৰ বিষয়ে অধিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীযা । আনহাতে এ পি চি চিৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে এই প্ৰসংগত মন্তব্য কৰে,“আমাৰ নেতা ৰাহুল গান্ধীৰ বক্তব্যক সমৰ্থন কৰি অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই উচিত সচেতনতামূলক বক্তব্যই আগবঢ়াইছে । নিৰ্বাচনত জয়-পৰাজয় থাকেই । জয়ৰ পৰা যিদৰে শিক্ষা ল'ব পাৰি, পৰাজয়ৰ পৰাও শিক্ষা ল’ব পাৰি ।"

তেওঁ লগতে কয়,"হাৰিয়ানাৰ নিৰ্বাচনী ফলাফলত ক’গ্ৰেছ দলৰ পৰাজয় হৈছে । তাৰ পৰা বহুখিনি আমি শিকিবলগীয়া আৰু বিশ্লেষণ কৰিবলগীয়া আছে । দেৱব্ৰত শইকীয়া বিৰোধীৰ দলপতি, আমাৰ এগৰাকী জ্যেষ্ঠ নেতা । তেখেতে এই বিষয়ত আমাক ইতিবাচক দৃষ্টিভংগীৰে সচেতন কৰি দিছে । এয়া আদৰণীয় কথা । আজি যদি হাৰিয়ানাৰ দৰে পৰিস্থিতি আমাৰ মাজত হৈ আছে । তাৰ শিক্ষা ল’বলৈ আমাক সচেতন কৰি দিছে । নিশ্চয় এয়া আদৰণীয় ।"

লগতে পঢক: অসমত তৃতীয়বাৰৰ বাবে পদুম ফুলিব: নায়েব সিং ছেইনী

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত জয়-পৰাজয়ৰ পৰা শিক্ষা ল’ব কংগ্ৰেছে: গৌৰৱ গগৈ

৮ মন্ত্ৰীৰ সৈতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত ল’ব ওমৰ আব্দুল্লাই

Last Updated : October 15, 2024 at 5:20 PM IST