লখিমপুৰ : বিধায়ক মানৱ ডেকাৰ পত্নীয়ে লখিমপুৰ সদৰ থানাত তৰা এক গোচৰৰ ভিত্তিত লখিমপুৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰীতম সিঙক । আজি (বুধবাৰ) বিয়লি লখিমপুৰ জিলা কাৰাগাৰত উপস্থিত হৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জিলা কাৰাগাৰত আৱদ্ধ হৈ থকা কংগ্রেছ দলৰ মিডিয়া বিভাগৰ মুখপাত্র ৰিতম সিঙক সাক্ষাৎ কৰে । খন্তেক সময়ৰ বাবে তেওঁ ৰিতম সিঙৰ সৈতে বাৰ্তালাপ কৰে ।
বাৰ্তালাপৰ পাছতে বিৰোধী দলপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "তেওঁ চৰকাৰক সমালোচনা কৰি বহু টুইট কৰিছে । তাৰ ভিতৰত এটা টুইট এজন ব্যক্তিৰ বিৰুদ্ধে আছিল । সেইটো গোচৰতে ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁ দোষী সাব্যস্তহে হৈছে । দোষী প্ৰমাণিত হোৱা নাই । যেতিয়ালৈকে প্ৰমাণিত নহয় তেতিয়ালৈকে নিৰ্দোষী ।"
তেওঁ পুনৰ কয়, "ন্যায় ব্যৱস্থা মজবুট । ন্যায় ব্যৱস্থাই কেনেধৰণে ন্যায় দিব লাগে সেয়া দিব । লখিমপুৰত ইতিমধ্যে তেওঁৰ জামিন নাকচ হৈছে আৰু কাইলৈ উচ্চ ন্যায়ালয়ত জামিন হ'ব । বিধানসভাৰ অধিৱেশন চলি থকাৰ বাবে মই এই কেইদিনত আহিব পৰা নাছিলো ।"
কংগ্রেছ দলৰ আভ্যন্তৰীণ সংঘাতৰ প্ৰসংগত তেওঁ কয়, "দলীয় কৰ্মীৰ কথা চিন্তা কৰি কাম কৰিব লাগিব । কৰ্মীয়ে যেনেদৰে বিচাৰে তেনেদৰে কৰিব লাগিব । ওপৰৰ পৰা সিদ্ধান্ত জাপি দিব নালাগে । তেনেহ'লে ৰিভলভ হ'ব । ৰিভলভ নোহোৱাকৈ আমি বিজেপিৰ বিৰুদ্ধে যুজিব লাগিব । দলীয় সংঘাত আমাৰো আছে । বিজেপিৰো আছে । পিছে আমাৰ কথা বিলাক বেছিকৈ ওলায় ।" প্ৰসংগত তেওঁ বিধানসভাৰ শেহতীয়া ঘটনা প্ৰবাহকো উল্লেখ কৰে ।

এপেক্স বেংকত দুৰ্নীতি ঘটিছে :
গুৱাহাটীত সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতিগৰাকীয়ে কয়, "এপেক্স বেংকত দুৰ্নীতি ঘটিছে । ৰমেশ বাজাজ নামৰ এজনক চাহ বাগিচা,ঠিকাৰ নামত ২০ কোটি টকা দিয়া হ'ল । বেংকৰ অৱস্থা এতিয়া বেয়া । এনেধৰণৰ ঘটনা সমূহ গাপ দিবলৈ চৰকাৰে আইনৰ অপপ্ৰয়োগ কৰা বুলি ধাৰণা হয় । অশোক সিংহলে চপাৰ চাকাৰৰ নামত ২০ কোটি নষ্ট কৰিলে ।"
তেওঁ কয়, "পলিটেকনিকৰ প্ৰফেচাৰ সকলক লেবাৰৰ লেখীয়াকৈ কাম কৰিলে । স্বাস্থ্যখণ্ডৰ চালিকা শক্তি স্বৰূপ তৃতীয়, চতুর্থ বৰ্গৰ কৰ্মচাৰী বহুবছৰ ধৰি নিযুক্তি দিয়া নাই । এনএইচএম কৰ্মচাৰী, অসমীয়া ভাষা প্ৰয়োগ, জনগোষ্ঠীৰ জনজাতি কৰণ আদি চৰকাৰে কৰিবলগীয়া বহু কাম নকৰাৰ বহু বিষয় আমি ৰাইজৰ আগত তুলি ধৰিছো । ৰাইজে এই লৈ নিশ্চয় সঠিক সিদ্ধান্ত ল'ব ।"