মিচিং বানে কৌবাঙৰ সভাত মূলসুঁতিলৈ ওভতাৰ সংকল্প সশস্ত্ৰ সংগঠনৰ - LDCML Militant to Cease Fire
LDCML cease-fire : মূলসুঁতিলৈ উভতি আহিব ৰাজ্যৰ আন এক সশস্ত্ৰ সংগঠন ৷ মিচিং ৰাজ্য গঠনৰ দাবীৰে গঠিত সশস্ত্র সংগঠন LDCML এ জোনাইত মিচিং বানে কৌবাঙৰ সাধাৰণ সভাত এই বিষয়ে সদৰী কৰিলে ।

Published : September 28, 2024 at 8:21 PM IST
জোনাই ২৮ ছেপ্টেম্বৰ: জোনাইত মিচিং বানে কৌবাঙৰ উদ্যোগত আয়োজিত মিচিং বানে কৌবাঙৰ সাধাৰণ সভাত উগ্ৰপন্থা ত্য়াগ কৰি মূলসূঁতিলৈ উভতি অহাৰ সংকল্প গ্ৰহণ কৰিলে লিবাৰেল ডেম'ক্ৰেটিক কাউন্সিল অৱ মিচিংলেণ্ড চমুকৈ এল ডি চি এম এলৰ শতাধিক সদস্য়ই । সশস্ত্ৰ সংগঠনটোৰ সদস্য়সকলে পোন প্ৰথমবাৰৰ বাবে শনিবাৰে এখন ৰাজহুৱা সভাত উগ্ৰপন্থা ত্য়াগৰ সংকল্প গ্ৰহণ কৰে ৷
১৫ বছৰৰ সশস্ত্ৰ আন্দোলন
গণতান্ত্রিক ভাৱধাৰা আৰু মিচিং জাতীয় সংগঠনৰ নীতি আদৰ্শৰ বাহিৰত কাম কৰি থকা এল ডি চি এম এল নামৰ সশস্ত্ৰ সংগঠনটোৰ অধ্য়ক্ষ ৰোহন পাতিৰে পোনপ্ৰথমবাৰৰ বাবে ৰাজহুৱা সভাত এই সংকল্প গ্ৰহণৰ কথা সদৰী কৰে । সংগঠনটোৰ অধ্য়ক্ষগৰাকীয়ে বিগত ১৫ বছৰৰ সশস্ত্ৰ আন্দোলনৰ পিছত আজিৰে পৰা মূলসুঁতিৰ স'তে মিলি আগুৱাই যাব বুলি ৰাজহুৱাভাৱে উল্লেখ কৰে ।
মিচিং সমাজত শান্তি, প্ৰগতি আৰু উন্নয়নৰ বাবে গঠন হোৱা সশস্ত্ৰ সংগঠনটোৱে আজি জোনাইৰ এক ৰাজহুৱা সভাত সমাজৰ আগত সশস্ত্ৰ সংগঠন এৰি মূলসুঁতিলৈ অহাৰ সংকল্প গ্ৰহণ কৰাত সকলোৱে এই পদক্ষেপক আদৰণি জনাইছে ৷ ২০০৯ চনত মিচিংলেণ্ড দাবীৰে আত্মপ্ৰকাশ কৰা এই সংগঠনটোৱে অসম চৰকাৰৰ লগত ২০১৮ চনতে আলোচনা কৰি সশস্ত্ৰ পথ এৰি মূলসুঁতিলৈ অহা বুলি উল্লেখ কৰে অধ্য়ক্ষ ৰোহন পাতিৰে ।
বানে কেবাঙৰ সাধাৰণ সভা
মিচিং জাতীয় সংগঠন MBK, TMPK, MMK, MAK, MDK আৰু TMMK সহযোগত আজি জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত মিচিং বানে কেবাঙৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ মিচিং বানে কৌবাঙৰ সভাপতি তথা মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই সভাত সভাপতিত্ব কৰে ।
সভাত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে কয়,"আজি মিচিং সমাজৰ কাৰণে এটা ঐতিহাসিক ক্ষণ। মিচিং সমাজত পূৰ্বে কোনো উগ্ৰপন্থী নাছিল আৰু মিচিং সমাজ তথা জাতীয় সংগঠনে কেতিয়াও উগ্ৰপন্থাক বিশ্বাস কৰা নাছিলো । কিন্তু মাজত LDCML বুলি এটা সসস্ত্ৰ সংগঠন ওলাইছিল ৷ কিন্তু এতিয়া তেওঁলোকে সকলো কথাবোৰ অনুভৱ কৰি সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি গণতান্ত্ৰিক সংগ্ৰামৰ মাজেৰে আমাৰ প্ৰাপ্য অধিকাৰ মীমাংসা হ'ব পাৰে বুলি আজি বুজি পাই মিচিং বানে কৌবাং আৰু জাতীয় সংগঠনসমূহৰ নেতৃত্বত আজি ঘোষণা কৰিছে সশস্ত্ৰ সংগ্ৰাম অৰ্থাৎ LDCML ত্যাগ কৰি মিচিং জাতীয় সংগঠনৰ সৈতে একেলগে সংগ্ৰাম কৰি যাব বুলি ৷ গতিকে এয়া আমাৰ কাৰণে অতিকৈ ভাল দিন । "
বিধায়কগৰাকীয়ে অসম আৰু ভাৰত চৰকাৰে তেওঁলোকৰ যি সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দাবী আছে অতি সোনকালে মীমাংসা কৰিবলৈ দাবী জনাই পুনৰ কয়," মিচিং জনগোষ্ঠীৰ উন্নয়ন বিৰোধী তথা ৰাজনৈতিক তথা ব্যক্তিগত লাভালাভৰ বাবে কিছুমান গণভিত্তি নথকা দল-সংগঠনে শান্তিপ্ৰিয় মিচিং অধ্যুষিত অঞ্চলত অশান্তিৰ বীজ সিচিবলৈ চেষ্টা কৰি আছে ৷ "
মিছিং বানে কৌবাঙৰ সভাপতি তথা মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয়," আজি মিচিং সমাজৰ LDCM নামৰ সশস্ত্ৰ সংগঠনে মিচিং বানে কৌবাঙৰ সাধাৰণ সভাত সামাজিকভাৱে মূলসুঁতিলৈ আহিছে । গতিকে আমি তেওঁলোকক আদৰণি জনাইছো ।"
টাকাম মিছিং পৰিন কৌবাঙৰ সভাপতি তিলক দলেয়েও সভাত বক্তব্য় আগবঢ়ায় । জোনাই মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনতত মিচিং সমাজৰ পাঁচ জাতীয় সংগঠনৰ উদ্যোগত অনুষ্ঠিত মিচিং কৌবাঙৰ এই সাধাৰণ সভাত মিচিং সমাজৰ সকলো জাতীয় সংগঠনৰ নেতৃত্বত উপস্থিত থাকে ৷

