হঠাৎ গোচৰৰ দায়িত্ব এৰিলে অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তৰ পক্ষৰ অধিবক্তাই - Abhi Neel murder case
Lawyer of Abhi Neel murder : নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই হঠাৎ গোচৰটোৰ দায়িত্ব এৰিলে অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই ৷ পুনৰ বিচাৰপ্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ আশংকা নীল-অভিৰ পৰিয়ালৰ । কি হ’ল আজিৰ শুনানিত ?

Published : July 18, 2024 at 5:26 PM IST
নগাঁও, ১৮ জুলাই : নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলি থকা ৰাজ্য কঁপোৱা ডকমকাৰ অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ মাজতেই হঠাৎ গোচৰটোৰ দায়িত্ব এৰিলে অভিযুক্ত পক্ষৰ অধিবক্তা তথা মানস শৰণীয়াই ৷ ২০১৮ চনৰ পৰাই নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত আৰম্ভ হোৱা নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ আজিও হোৱা নাই চূড়ান্ত ৰায়দান ।
গোচৰটোৰ আৰম্ভণিৰ পৰাই অভিযুক্ত পক্ষৰ হৈ ওকালতি কৰি আহিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়াই । এনে অৱস্থাত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্তিৰ দিশে আগবঢ়াৰ সময়তে হঠাৎ বিপক্ষৰ তথা অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই গোচৰটোৰ দায়িত্বৰ পৰা আঁতৰি যোৱাৰ পিচত পুনৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ আশংকা কৰিছে বিগত ছটা বছৰে পুত্ৰহত্যাৰ ন্যায়ৰ অপেক্ষা কৰি থকা নীল-অভিৰ পিতৃয়ে ।
অভি-নীল হত্যাকাণ্ডৰ বিচাৰপ্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছিল বিভিন্ন দল-সংগঠনৰ লগতে সমগ্ৰ অসমবাসীয়ে । কিন্তু বিচাৰপ্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ বিপৰীতে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ হৈছিল যদিও প্ৰথম অৱস্থাত ক্ষীপ্ৰগতিত আগবঢ়া বিচাৰপ্ৰক্ৰিয়া পৰৱৰ্তী সময়ত ক'ভিড মহামাৰীকে আদি কৰি বিভিন্ন কাৰণত লেহেমীয়া হৈ পৰা বুলি বিভিন্ন সময়ত নীল-অভিৰ পৰিয়ালে অভিযোগ উত্থাপন কৰি আহিছে ।
কিন্তু শেহতীয়াকৈ বিপক্ষৰ অধিবক্তাই গোচৰটোৰ দায়িত্ব এৰি দিয়াৰ পিচত পুনৰ বিচাৰপ্ৰক্ৰিয়া কম সময়তে চূড়ান্ত কৰাত কিছু বাধাৰ সৃষ্টি হোৱাৰো আশংকা কৰিছে নীল-অভিৰ দুই পিতৃয়ে ৷ ইপিনে, গোচৰটোৰ মুঠ ৭১ গৰাকীকৈ সাক্ষীৰ সাক্ষ্যগ্ৰহণো ইতিমধ্যে সম্পন্ন হোৱাৰ পিচত এতিয়া অভিযুক্তৰ ভাষ্য গ্ৰহণৰ কথা আছিল আদালতত৷ অৱশ্যে অভিযুক্তৰ নিৰক্ষৰতাৰ দোহাই দি পূৰ্বৰ শুনানিত বিপক্ষৰ অধিবক্তাই আগতীয়াকৈ আদালতত সুধিবলগীয়া প্ৰশ্নৰ প্ৰতিলিপি বিচাৰি আবেদন কৰিছিল যদিও সেয়া অগ্ৰাহ্য কৰিছিল আদালতে ।
উল্লেখযোগ্য যে, ২০১৮ চনৰ জুন মাহৰ আঠ তাৰিখে কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল পাষণ্ডৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল গুৱাহাটীৰ নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুই যুৱকে ৷ যাক লৈ সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

