ETV Bharat / state

পাকিস্তানৰ সমর্থনত ফেচবুকত বিতৰ্কিত পোষ্ট দিয়া অধিবক্তাক আটক - ANTI NATIONAL COMMENT ON FACEBOOK

পহলগামৰ ঘটনাক লৈ সামাজিক মাধ্যমত ভাৰতবিৰোধী মন্তব্য় অব্যাহত এচামৰ ।

controversial post on Facebook in support of Pakistan
পাকিস্তানৰ সমর্থনত ফেচবুকত বিতৰ্কিত পোষ্ট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 1:45 PM IST

2 Min Read

শিলচৰ/ গোৱালপাৰা: পহলগামকাণ্ডক লৈ দেশজুৰি তীব্ৰ আলোড়ন অব্যাহত থকাৰ সময়তে এই ঘটনাক লৈ একাংশ লোকে সামাজিক মাধ্য়মত বিতৰ্কিত মন্তব্য কৰি আলহী হ'বলগীয়া হৈছে ৰঙাঘৰৰ । ইতিমধ্য়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল লোকে পহলগাম-কাণ্ড আৰু পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্য়মত ভাৰত বিৰোধী মন্তব্য় কৰিব তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন প্ৰয়োগ কৰা হ'ব । ইয়াৰ পিছতো একাংশ লোকে দেশবিৰোধী মন্তব্য় কৰাত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

বিগত কেইবাদিনত পাকিস্তানক সমর্থন কৰি ফেচবুকত বিতৰ্কিত পোষ্ট শ্বেয়াৰ কৰি প্ৰায় ২০ জন লোক গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ কাছাৰত আৰক্ষীৰ জালত পৰিছে এগৰাকী অধিবক্তা । কাছাৰৰ কাটিগড়াৰ শিৱনাৰায়ণপুৰ গাঁৱৰ বাসিন্দা কমৰ উদ্দিন চৌধুৰী নামৰ এজন অধিবক্তাজনক সামাজিক মাধ্য়মত পাকিস্তানক সমর্থন কৰা বিতৰ্কিত পোষ্ট শ্বেয়াৰ কৰাৰ কাৰণে কাটিগড়া আৰক্ষী আটক কৰে । এতিয়ালৈকে কাটিগড়া আৰক্ষীয়ে কমৰ উদ্দিন চৌধুৰীক জেৰা অব্যাহত ৰাখিছে ।

controversial post on Facebook in support of Pakistan
কমৰ উদ্দিন চৌধুৰী (ETV Bharat Assam)

গোৱালপাৰাত পলাতক যুৱক :

ইপিনে, কাশ্মীৰৰ পহলগামকাণ্ডৰ পিছতেই সমগ্ৰ দেশজুৰি একত্ৰিত হৈছে শাসক-বিৰোধী । এই ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য দি ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে বহুজন । এইবাৰ সামাজিক মাধ্যমত দেশবিৰোধী মন্তব্য কৰি বিপদত পৰিছে গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ধোপতলা লেৱাবাৰীৰ নজমুল হক নামৰ এজন যুৱক । যুৱকজনে কাশ্মীৰৰ পহলগামত সংঘটিত অমানৱীয় ঘটনাৰ সমৰ্থন জনাই সামাজিক মাধ্যমত লিখিছে, "পাকিস্তান জিন্দাবাদ । কাশ্মীৰত মানুহ মাৰা কম হৈছে আৰু বেছিকৈ মাৰিব লাগিছিল । হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ ।" এইদৰে সামাজিক মাধ্যমত লিখি এতিয়া আৰক্ষীৰ ভয়ত পলাতক হৈ আছে নজমুল হক ।

নজমুল হক (ETV Bharat Assam)

মৰনৈ আৰক্ষীয়ে বিগত দুদিন ধৰি নজমুল হকক বিচাৰি ফুৰিছে । ইতিমধ্যে নজমুল হকৰ পৰিয়ালে আৰক্ষীৰ হাতত নজমুল হকে ব্যৱহাৰ কৰা মোবাইল ফোন গতাই দিছে যদিও যুৱকজন বৰ্তমান পলাতক অৱস্থাত আছে ।

লগতে পঢ়ক:শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰা হ'ব বিধায়ক আমিনুল ইছলামক - MLA AMINUL ISLAM ARRESTED

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ৰঙাঘৰত জুইফুল যোদ্ধা - ANTI NATIONAL REMARKS ON FACEBOOK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.