চৰাইদেউ: পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত ব্যাপক উচাহ ৰাজনৈতিক দলৰ নেতাৰ কৰ্মীসকলৰ মাজত । বিশাল জনসভা আৰু শোভাযাত্ৰাৰে শক্তি প্ৰদৰ্শন কৰি সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে নিৰাপত্তা, আইন-শৃংখলাক লৈ অসম আৰক্ষীৰ তৎপৰতা বৃদ্ধি পাইছে । পঞ্চায়ত নিৰ্বাচনৰ লগতে উজনিৰ আইন শৃংখলাৰ পৰিস্থিতি বুজ লোৱাৰ বাবে উজনি ভ্ৰমণলৈ আহিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিং ।
বৃহস্পতিবাৰে চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ বিশেষ বৈঠকত অংশগ্ৰহণ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে । জিলাখনৰ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া, সেনা বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াৰ সৈতে এই বৈঠকত মিলিত হয় আৰক্ষী । অসম নাগালেণ্ডৰ সীমাত থকা চৰাইদেউ জিলাৰ বিভিন্ন নিৰাপত্তাৰ বিষয় পৰ্যালোচনা কৰে সঞ্চালক প্ৰধানগৰাকীয়ে ।
শেহতীয়াকৈ অসম নাগালেণ্ডৰ সীমান্তত সংঘটিত হোৱা কেইবাটাও ঘটনাক লৈ চৰাইদেউ জিলা আৰক্ষী আৰু সেনা বিষয়াসকলৰ পৰা বুজ লোৱা বুলি জানিব পৰা গৈছে । আগন্তুক পঞ্চায়ত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীয়ে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়ে ।
অসম আৰক্ষীয়ে ৰাইজৰ নিৰাপত্তাৰ বাবে সেৱা আগবঢ়াই আহিছে আৰু সেৱা আগবঢ়াই থাকিব:
চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ বিশেষ বৈঠকত অংশগ্ৰহণ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে কয়,"অসম আৰক্ষীৰ কাম হৈছে ৰাইজৰ সুৰক্ষা আৰু নিৰাপত্তা দিয়া । তাতে পঞ্চায়ত নিৰ্বাচন আহি আছে সেয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি সীমান্ত অঞ্চলসমূহত পৰিদৰ্শন কৰিছোঁ । পুলিচৰ সকলো বিভাগৰ কাম-কাজ চাই কেনেকৈ নাগৰিক কেন্দ্ৰিক সেৱা হ'ব পাৰে আলোচনা কৰা হৈছে ।"
তেওঁ আৰু কয়, "লগতে নিৰাপত্তাৰ ক্ষেত্ৰত থকা আৰ্মী, নেচনেল এজেঞ্চিসকলৰ সৈতে কেনেকৈ সম্পৰ্ক স্থাপনত কৰি কাম কৰিব পাৰি সেই সম্পৰ্কত আলোচনা কৰা হৈছে ।" লগতে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়, "অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাইজৰ নিৰাপত্তাৰ বাবে সেৱা আগবঢ়াই আহিছে আৰু সেৱা আগবঢ়াই থাকিব ।"