ETV Bharat / state

ৱাকফ বিৰোধী প্ৰতিবাদ; শিলচৰত প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি

ৱাকফ(সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত শিলচৰত উত্তপ্ত পৰিস্থিতি ।

Protest against Waqf Amendment Act
ৱাকফ বিৰোধী প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 5:48 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ : ৱাকফ(সংশোধনী) আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে । পশ্চিমবংগৰ মুৰ্ছিদাবাদত প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে । অসমৰো বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে । কাছাৰ জিলাৰ শিলচৰতো ৱাকফ(সংশোধনী) আইনৰ বিৰুদ্ধে শ শ লোক ৰাজপথলৈ ওলাই আহিল । ইছলাম ধৰ্মৰ লোকসকলে ৰাজপথত প্ৰতিবাদী সমদল উলিয়ায় ।

শিলচৰত ৱাকফ বিৰোধী প্ৰতিবাদ

এই বৃহৎ সমদলৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয় । প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনাও কৰিবলগীয়া হয় । ইফালে আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণ কৰে । ঘটনাস্থলীত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাসহ আৰক্ষীৰ বিশাল বাহিনী উপস্থিত হয় । অৱশ্যে অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় । সম্প্ৰতি পৰিস্থিতি শান্ত হৈছে বুলি জানিব পৰা গৈছে ।

ৱাকফ বিৰোধী প্ৰতিবাদ (ETV Bharat)

আৰক্ষীৰ লাঠীচালনা

জানিব পৰা মতে ৱাকফ(সংশোধনী) আইন বাতিলৰ দাবীত শিলচৰৰ বৰাকপাৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ লোকসকল ৰাজপথলৈ ওলাই আহে । হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰীয়ে বেৰেঙ্গাৰ পৰা শিলচৰ চহৰ অভিমুখে ৰাওনা হয় । প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে বেৰিকেড স্থাপন কৰে । কিন্তু প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি আগুৱাই যাবলৈ চেষ্টা কৰোতে পৰিস্থিতি উত্তপ্ত হৈ পৰে । চহৰৰ কালিবাৰী পইণ্টৰ পৰা প্ৰতিবাদী সমদলটোক আৰক্ষীয়ে উভতাই পঠিয়ায় । তেনে সময়তে আন এটা প্ৰতিবাদী সমদল সেই স্থানত উপস্থিত হয় ।

তেতিয়া শ শ প্ৰতিবাদকাৰীয়ে শিলচৰ অভিমুখে অগ্ৰসৰ হয় । পৰিস্থিতিত অৱনতি হোৱাৰ লগে লগে আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয় । একাংশ সচেতন নাগৰিকৰ সহযোগত কিছু সময় পিছতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । প্ৰতিবাদ সন্দৰ্ভত এজন প্ৰতিবাদকাৰীয়ে কয়,"ৱাকফ(সংশোধনী) আইন সম্পূৰ্ণ অসংবিধানিক ।"

আনহাতে ঘটনা সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই কয়, "নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি এই প্ৰতিবাদী সমদল ওলাইছিল ৷ বাধা প্ৰদান কৰাৰ সময়ত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী হতাহতিত লিপ্ত হয় । আৰক্ষীৰ ওপৰতো শিলাবৰ্ষণ আৰম্ভ কৰে প্ৰতিবাদকাৰীসকলে । বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে । ঘটনা সন্দৰ্ভত মোকৰ্দমা ৰুজু কৰিছো । আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ তৎপৰ হৈ আছো ।"

লগতে পঢ়ক :বিতৰ্কিত আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক ৰিজাৰ্ভ ক্ল’জ - POLICE BEATEN AASU LEADER