ETV Bharat / state

জাতি-মাটিৰ গীত গাই গায়েই গুছি যোৱা ৰাজীৱ শদিয়াক শেষ শ্ৰদ্ধা অজস্ৰজনৰ

জাতিৰ হকে গান গাই ভালপোৱা শিল্পীগৰাকীয়ে গানৰ মাজতে বিদায় ল’লে এই পৃথিৱীৰ পৰা । তিনিচুকীয়াত বিভিন্ন দল-সংগঠন, শুভাকাংক্ষীৰ অন্তিম শ্ৰদ্ধা ।

last tribute to Rajib Sadiya
last tribute to Rajib Sadiya (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 13, 2025 at 10:44 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : জাতি-মাটিৰ গান গাই ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই মঞ্চত গান গায় থকাৰ সময়তে হঠাৎ অসুস্থ হৈ ঢলি পৰি সোমবাৰে চিকিৎসাধীন অৱস্থাত এই জগতৰ পৰা বিদায় লয় ।

দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত দুৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা 'ৰসবাৰী পৰ্যটন মেলা'ৰ সাংস্কৃতিক অনুষ্ঠানত দ্বিতীয়টো গীত সামৰি তৃতীয়টো আৰম্ভ কৰাৰ সময়তে জাতি আৰু মাটিৰ গীত গাই ভালপোৱা জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াই হঠাৎ কাণ আৰু বুকুত সোপা মাৰি ধৰা বুলি কৈ অসুস্থ হৈ ঢলি পৰে ।

কণ্ঠশিল্পী ৰাজীৱ শদিয়াক অন্তিম শ্ৰদ্ধা দল-সংগঠন, গুণমুগ্ধৰ (ETV Bharat Assam)

ততাতৈয়াকৈ তেওঁক ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ৷ কিন্তু সোমবাৰে দিনৰ ভাগত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ এই চি ইউত চিকিৎসাধীন হৈ থকাৰ সময়তে জনপ্ৰিয় শিল্পী ৰাজীৱ শদিয়াই ৪০ বছৰ বয়সতেই সকলোকে কন্দুৱাই এই জগতৰ পৰা গুচি যায় ৷

ইফালে ৰাজীৱ শদিয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে সাংস্কৃতিক জগতখনৰ লগতে বিভিন্ন মহলে দুখ প্ৰকাশ কৰে । পৰৱৰ্তী সময়ত জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ নশ্বৰ দেহ গৃহজিলা তিনিচুকীয়ালৈ অনাৰ পাছতে চহৰখনৰ প্ৰাণকেন্দ্ৰ থানা চাৰিআলিত পূৰ্বৰে পৰা ৰৈ থকা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটাছু, মটক যুৱ-ছাত্ৰ সন্মিলন, প্ৰেছ ক্লাব আদিকে ধৰি কেইবাটাও সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন দল-সংগঠন তথা শুভাকাংক্ষীয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

পৰৱৰ্তী সময়ত শিল্পীগৰাকীৰ নশ্বৰ দেহ জয়ানগৰস্থিত বাসগৃহলৈ নিয়াৰ লগতে মাকুম, বৰহাপজান, ডুমডুমাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শদিয়াৰ নিজা বাসগৃহলৈ লৈ যোৱা হয় ।

আনহাতে, ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত উপস্থিত থাকি জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষি নেওগে কয়, "এনে এজন সাহসী কণ্ঠৰ গৰাকী আৰু দ্বিতীয়জন হয়তো নোলাব । প্ৰতিটো সময়তে সাহস দি যোৱা এজন ককাইদেউক হেৰুৱাই দুখ লাগিছে ।"

সমান্তৰালভাৱে আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমৰজ্যোতি গোঁহায়েও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজীৱ শদিয়াৰ কৰ্মৰাজিক সুঁৱৰি কয়, "জাতিৰ সংকটৰ সময়ত নিজৰ কণ্ঠৰ জৰিয়তে আপোচবিহীন এক সংগ্ৰাম গঢ়াৰ লগতে জাতীয় চেতনাক জগাই তুলি ৰাজীৱ শদিয়াই সকলোকে একত্ৰিত কৰিছিল ।"

আনহাতে, নৱ-নিৰ্বাচিত তিনিচুকীয়া জিলা যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰি সদায় জনতাৰ পক্ষত থিয় দিয়া এগৰাকী শিল্পীক হেৰুৱাই দুঃখিত বুলি উল্লেখ কৰে ।

উক্ত শ্ৰদ্ধাঞ্জলিত প্ৰাক্তন মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণো উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰে ।

ৰাজীৱ শদিয়াৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি, ৰাজীৱৰ নিম্ন ৰক্তচাপৰ সমস্যা আছিল । মাজে-সময়ে নিম্ন ৰক্তচাপৰ পৰীক্ষা কৰাই আছিল যদিও মধুমেহ ৰোগৰ সন্দৰ্ভত কোনো পৰীক্ষা কৰা নাছিল ।

লগতে পঢ়ক :'ৰসাতলে গ'ল ঐ অসমীয়া...' বুলি ক'বলৈ ৰাজীৱ শদিয়া আৰু নাহে - SINGER RAJIB SADIYA DIES
লগতে পঢ়ক :জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শেষ নিশ্বাস - SINGER RAJIB SADIYA