ETV Bharat / state

পঞ্চভূতত বিলিন ভাষাতত্ত্ববিদ ড৹ নগেন ঠাকুৰ - LAST TRIBUTE TO NAGEN THAKUR

অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড৹ নগেন ঠাকুৰৰ শেষকৃত্য় ৰাজ্য়িক মৰ্যাদাৰে নকৰাত গুণমুগ্ধৰ ক্ষোভ ।

last Tribute To Nagen Thakur
বিশিষ্ট সাহিত্যিক ড৹ নগেন ঠাকুৰৰ শেষকৃত্য় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 9:20 AM IST

4 Min Read

গোলাঘাট : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক তথা বিশিষ্ট সাহিত্যিক ড৹ নগেন ঠাকুৰক কালি গুণমুগ্ধসকলে অন্তিমবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । দেৰগাঁও নগৰৰ ৰজাবাহৰস্থিত বাসভৱনত বৃহস্পতিবাৰে বাৰ্দ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটা সাহিত্যিকগৰাকীৰ নশ্বৰদেহত শুকুৰবাৰে দেৰগাঁও সাহিত্য সভা ভৱনৰ চৌহদত সাহিত্য সভাকে ধৰি কুৰিটাৰো অধিক ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনায় ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দেৰগাঁও আঞ্চলিক সমিতি আৰু দেৰগাঁৱৰ ৰাইজৰ সহযোগত এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । দেৰগাঁৱৰ বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধা জনায় সাহিত্যিকগৰাকীক । ১৯৩৯ চনত জন্মগ্ৰহণ কৰা ড৹ নগেন ঠাকুৰে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়ায় থৈ গ'ল এক অনবদ্য অৱদান ।

বিশিষ্ট সাহিত্যিক ড৹ নগেন ঠাকুৰৰ শেষকৃত্য় (ETV Bharat Assam)

তেওঁ অসমীয়া ভাষা বিষয়ত ১৩ খন গ্ৰন্থ প্ৰকাশ কৰিছছে । পালি প্ৰাকৃত, অপভ্ৰংশ আৰু অসমীয়া ভাষা বিষয়ক গৱেষণামূলক গ্ৰন্থ কেইখনে অসমীয়া ভাষা মৰ্যদা সহকাৰে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছে ।

তেওঁ নামতি মাইগুৰি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰি দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে । ১৯৫৭ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৫৯ চনত যোৰহাট জে বি কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয় ।

১৯৬২ চনত কটন কলেজৰ পৰা অসমীয়া বিষয়ত অৰ্নাছসহ স্নাতক ডিগ্ৰী লাভ কৰে । তাৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । ১৯৮২ চনত তেওঁ ‘‘Elements of Non-Indo Aryan Languages in the formation of Assamese Language’’ শীৰ্ষক বিষয়ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে ।

কৰ্মজীৱন :

১৯৬৫ চনত হাফলং মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰা নগেন ঠাকুৰে পৰৱৰ্তী সময়ত দেৰগাঁও কমল দুৱাৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে । তাৰ পাছত ১৯৮৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে ।

পাছত ১৯৯৫ চনত অধ্য়াপক আৰু ১৯৯৯ চনত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দ্বায়িত্ব গ্ৰহণ কৰে । ২০০১ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে যদিও ২০০৪ চনলৈকে অতিৰিক্তভাৱে অধ্যাপনা কৰে ।

সাহিত্যিক জীৱন:

দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়ি থাকোতে তেওঁ ‘‘আজিৰ কবিতা’’ নামৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল । ১৯৬১ পৰা ৭৮ লৈকে মণদ্বীপ, আমাৰ প্ৰতিনিধি, ৰামধেনু, আৱাহন আদি আলোচনীত বহু কবিতা প্ৰকাশিত হৈছিল । তেওঁৰ নিৰ্বাচিত ৩০ টা কবিতাৰ ‘‘মোৰ গানৰ শব্দ’’ ১৯৮২ চনত প্ৰকাশ কৰিছিল কলকাতাৰ বিপুল গুহ অসম বুক ডিপু প্ৰকাশনে ।

এই সাহিত্য়িকগৰাকীয়ে সম্পাদনা কৰা গ্ৰন্থ অসমীয়া ভাষা আৰু ব্যাকৰণ, নিৰ্জনতাৰ পৰা কোলাহললৈৰ লগতে প্ৰখ্যাত কবি নীলমণি ফুকনৰ কৃতি, কৃতিত্ব আৰু ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰা গ্ৰন্থও সম্পাদনা কৰিছিল ।

শিৱসাগৰ জিলা কবি চক্ৰৰ অধিবেশনৰ স্মৃতিগ্ৰন্থ,পণ্ডিত হেমচন্দ্ৰ গোস্বামী শতবৰ্ষৰ স্মৃতিগ্ৰন্থ,ভাষা চিন্তা বিচিত্ৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সোণালী জয়ন্তী স্মৃতিগ্ৰন্থৰ যুটীয়াভাবে সম্পাদনা কৰিছিল । অসম সাহিত্য সভাৰ দেৰগাঁও অধিবেশনৰ স্মৃতিগ্ৰন্থ ‘‘দিচৈ-দৰিয়া’’ৰ সম্পাদনা সমিতিৰ সভাপতিও আছিল ৷

ইয়াৰ উপৰি ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়, ডিপিই আৰু এনচিইআৰটি ৰ বাবে অসমীয়া বিষয়ত ৩৯ খন পাঠ্যপুথি সম্পাদনা কৰিছে । লগতে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ৰ বাবে অসমীয়া ভাষাত ভিত্তিস্থাপন পাঠ্যক্ৰমৰ (Foundation Course) চাৰিটা খণ্ড যুটীয়াভাৱে সম্পাদনা কৰে ।

তেনেদৰে হেমকোষৰ চতুৰ্দশ সংস্কৰণত ৫০ হাজাৰৰ নতুন শব্দ অন্তৰ্ভুক্ত কামত নগেন ঠাকুৰ জড়িত আছিল । তেওঁৰ ভাৰতীয় ভাষা বিষয়ক ২৩টা লেখা ‘‘অসমীয়া বিশ্বকোষ’’ৰ চতুৰ্থখণ্ডত অন্তৰ্ভুক্ত হৈছে ।

শোকত ম্ৰিয়মান এগৰাকী গুণমুগ্ধই নগেন ঠাকুৰ সন্দৰ্ভত কয়, "তেওঁৰ অন্তোষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে কৰিব পাৰিলেহেতেন, কিন্তু কিহৰ বাবে চৰকাৰে অৱহেলা কৰিলে আমি নাজানো । তেওঁৰ নিচিনা এজন গৱেষক পণ্ডিতক ৰাজ্যিক মৰ্যাদাৰে সন্মান জনালে ভাল পালোহেঁতেন,নকৰা বাবে আমি দুখ পাইছো ।"

এগৰাকী স্থানীয় মহিলাই কয়, "নগেন ঠাকুৰ ছাৰক লৈ ইমান দিনে গৌৰৱ কৰি আছিলো । তেওঁৰ দ্বাৰা আমি বহু উপকৃত হৈ আহিছিলো । আমি বহু নজনা কথা তেওঁৰ পৰা জানিব পাৰিছিলো । আনহাতে, নিৰ্বাচনৰ বাবে চৰকাৰী বিষয়া সকল আহিব পৰা নাই যদিও স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী তেওঁৰ ঘৰত উপস্থিত হৈছিল ।"

লগতে পঢ়ক:সাহিত্যিক-ভাষাতত্ববিদ ড৹ নগেন ঠাকুৰৰ দেহাৱসান - DR NAGEN THAKUR PASSES AWAY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.