ETV Bharat / state

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন চিংফৌ ৰজা বিচা নং চিংফৌৰ শেষকৃত্য

লিডুৰ বিচা গাঁ‌ৱৰ বাসগৃহত অসম-অৰুণাচলৰ হাজাৰ হাজাৰ লোক ৷ সু-সজ্জিত ৰথত তুলি সমদল কৰি নশ্বৰদেহ অন্তিম সৎকাৰস্থলীলৈ নিয়া হয় ৷

singpho king bisha no singpho
ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন চিংফৌ ৰজা বিচা নং চিংফৌৰ শেষকৃত্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 17, 2025 at 10:47 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: উত্তৰ-পূবৰ এটি চিনাকী নাম চিংফৌ ৰজা বিচা নং চিংফৌৰ শুক্ৰবাৰে ৰাজ্যিক মৰ্যাদাৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । লিডুৰ ঐতিহাসিক বিচাগাৱঁৰ তেওঁৰ বাসভৱনৰ কাষত আয়োজিত শেষকৃত্য অনুষ্ঠানত অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত স্বপ্নীল পাল উপস্থিত থাকে ।

সহজ-সৰল কথনভংগী আৰু জীৱন্ত ইতিহাস হিচাপে পৰিচিত জনজাতীয় নেতাজনৰ দেহাৱসানক লৈ সমগ্ৰ উজনি অসম-অৰুণাচল শোকস্তব্ধ হৈ পৰে । অসম তথা ভাৰতবৰ্ষৰ চাহ ইতিহাসৰ জন্মদাতা বিচাগাম স্বাধীনতা সংগ্ৰামী বিচা বম চিংফৌ আৰু বিচাগামৰ পৰিনাতি ৷

singpho king bisha no singpho
শেষ শ্ৰদ্ধাঞ্জলি জিলা আয়ুক্তৰ (ETV Bharat Assam)

বংশানুক্ৰমে বিচাৰজা হিচাপে অধিষ্ঠিত বিচা নং চিংফৌ (৭৬) টিৰাপ মৌজাৰ মৌজাদাৰ আৰু শেষৰজন ৰাজনৈতিক জমিদাৰ আছিল । তেওঁৰ সোণসেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনেই মূল আছিল ।

সেই বাবে সীমাৰ পৰিধি ভাঙি তেওঁ সকলোৰে প্ৰিয় । বিছাৰজাৰ অতি সহজ-সৰল কথনভংগী সদায় মানুহৰ কাণত বাজি থাকিব । সকলো জাতি-জনগোষ্ঠীৰ সমন্বয় সাধনত তেওঁ লোৱা পদক্ষেপ সদায় জনতাই মনত ৰাখিব । আধুনিকতাৰ কৰাল গ্ৰাসত নিজকে বিলীন হ'বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা, বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদৰ্শন তেওঁ দাঙি ধৰিলে সেয়া সকলোৰে বাবে অনুকৰণীয় হৈ থাকিব ।

singpho king bisha no singpho
অন্তিম শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহ্যমণ্ডিত বিচাগাৱঁৰ নিজা বাসগৃহত চিকিৎসাধীন হৈ আছিল তেওঁ । বুধবাৰে পৰলোকগামী হোৱা বিচাৰজাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে । শুক্ৰবাৰে শেষ যাত্ৰাত অসম-অৰুণাচলৰ সহস্ৰাধিক লোক উপস্থিত থাকে ।

গায়ন -বায়ন তথা চিংফৌ জনগোষ্ঠীৰ লোককৃষ্টিৰে সু-সজ্জিত ৰথত তুলি সমদল কৰি নশ্বৰদেহ অন্তিম সৎকাৰস্থলীলৈ অনা হয় । তাৰ পাছতে অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত স্বপ্নীল পাল, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ হৈ দিচেন টিপমীয়া, আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে পুষ্পমাল্য প্ৰদান কৰি তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

লগতে পঢ়ক: চিংফৌ ৰজা বিছা নং চিংফৌৰ দেহাৱসান