ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নলবাৰী ৰত্ন বসন্ত কুমাৰ ভট্টাচাৰ্যৰ
পঞ্চভূতত বিলীন হ'ল শিক্ষাবিদ, সাহিত্যিক, সমালোচক, নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য । নলবাৰী ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ।

Published : July 24, 2025 at 9:38 AM IST
নলবাৰী: পঞ্চভূতত বিলীন হ'ল বটবৃক্ষৰ দৰে নলবাৰীবাসীক ছাঁ দি থকা নলবাৰী ৰত্ন, সাহিত্যিক, শিক্ষাবিদ, সমালোচক ডঃ বসন্ত ভট্টাচাৰ্যৰ নশ্বৰদেহ । অজস্ৰ গুণমুগ্ধ, পৰিয়াল, আত্মীয়-স্বজনকে ধৰি নলবাৰীবাসীক কন্দুৱাই গুচি গ'ল সাহিত্যিক পেঞ্চনাৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ।
উল্লেখ্য যে বুধবাৰে পুৱা ৪.৪৫ বজাত নলবাৰীৰ বিদ্যাপুৰস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ বৰেণ্য সাহিত্যিকগৰাকীয়ে । দীৰ্ঘদিনে অসুস্থ হৈ বিছনাত পৰি অৱশেষত চিৰ বিদায় ল'লে সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্যই ।
তেওঁৰ মৃত্যুৱে শোকস্তব্ধ কৰি গ'ল সাহিত্যিক, সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক সমাজখনক । এক অপূৰণীয় ক্ষতি হৈ ৰ'ল নলবাৰীৰ ! নলবাৰীবাসীৰ সকলো স্তৰৰ হিয়াৰ আমঠু হৈ নলবাৰীৰ অভিভাৱক স্বৰূপ, 'নলবাৰী ৰত্ন' উপাধিৰে বিভূষিত বসন্ত কুমাৰ ভট্টাচাৰ্য বৈকুণ্ঠগামী হ'ল ।
সাহিত্যিকগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত পুৱাৰে পৰা তেখেতৰ বাসগৃহত অজস্ৰজনে আহি শেষ শ্ৰদ্ধা নিবেদন কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ সামাজিক মাধ্যমত সাহিত্যিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব বুলি উল্লেখ কৰিছিল ।
অন্তিম সংস্কাৰৰ পূৰ্বে সাহিত্যিকগৰাকীৰ নশ্বৰদেহ তেখেতৰ কৰ্মভূমি নলবাৰী মহাবিদ্যালয়, শ্বহীদ ভৱন আৰু জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ নিয়া হয় । তাত অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধা জনাই শেষ বিদায় জনায় নলবাৰীৰ গৌৰৱক ।
সন্ধিয়া নলবাৰীৰ ৰাজহুৱা শ্মশানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু অন্যান্য বিষয়াসকলৰ লগতে শ শ গুণমুগ্ধৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ।
শেষকৃত্য অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে তেখেতৰ অৱদান, কৰ্মৰাজিক স্মৰণ কৰে ।
আনহাতে, শেষকৃত্যত উপস্থিত থাকি বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে কয়, "অসমৰ কাৰণে দুখৰ কথা, সাহিত্য জগতৰ কাৰণে দুখৰ কথা, সমাজ জীৱনৰ কাৰণে দুখৰ কথা, নলবাৰী ৰত্ন বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰে আমাক এৰি গুচি গ'ল । ছাৰৰ লগত যোৱা প্ৰায় ৩৫ বছৰীয়া সম্পৰ্ক । মেট্ৰিক পাছ কৰাৰ পিছত ১৯৯৫ চনৰ পৰা শেষ মুহূৰ্তলৈকে ছাৰৰ লগত আছিলোঁ । ছাৰৰ লগত এখন আমি ডকুমেণ্টৰীও কৰিছিলোঁ বসন্ত বৈভৱ নামেৰে । সেইখন মুক্তিৰ বাবে প্ৰায় সাজু হৈ আছে ।"

