সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ মহেন্দ্ৰ লস্কৰৰ
ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত দুগৰাকীকৈ চি আৰু পি এফৰ জোৱানে প্ৰাণ দিবলগা হৈছিল ৷ ইয়াৰে এগৰাকী অসম সন্তান মহেন্দ্ৰ লস্কৰ ।

Published : October 12, 2025 at 10:20 PM IST
নগাঁও : এক শোকাকুল পৰিৱেশ । সমগ্ৰ গাঁওবাসীৰ চকুত কেৱল চকুলো । এগৰাকী বীৰক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ অজস্রজনৰ । উপস্থিত আত্মীয়, চি আৰ পি এফ, স্থানীয় লোক । সকলোৰে নিগৰিছে অশ্ৰু । এনে পৰিৱেশৰ মাজতেই এগৰাকী বীৰৰ ত্যাগক লৈ যেন গৌৰৱান্বিত গাঁওবাসী ।
এই পৰিৱেশ নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাঁৱৰ । গাঁওখনৰেই এগৰাকী বীৰে প্ৰাণ আহুতি দিলে দেশমাতৃৰ বাবে । বীৰ শ্বহীদগৰাকী হৈছে কামপুৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰ ।
১০ অক্টোবৰ অৰ্থাৎ শনিবাৰে ঝাৰখণ্ডত দেশৰ সুৰক্ষাৰ বাবে দায়িত্ব পালন কৰি থকাৰ সময়তেই এক ভয়ংকৰ আই ই ডি বিস্ফোৰণত প্ৰাণ দিবলগীয়া হয় অসমৰ মহেন্দ্ৰ লস্কৰে । তেওঁৰ নশ্বৰদেহ দেওবাৰে কুঁৱৰীআটি গাঁৱস্থিত বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে ৷
চি আৰ পি এফ জোৱানজনৰ নশ্বৰদেহ ৰেলী কৰি আনি চিআৰপিএফৰ জোৱান সকলে উপস্থিত হয় শ্বহীদগৰাকীৰ বাসগৃহত । এই বাসগৃহতে বীৰ শ্বহীদ জোৱানজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন দল সংগঠন, চি আৰ পি এফ আৰু পৰিয়াল বৰ্গই শেষশ্ৰদ্ধা জ্ঞাপন কৰে ।
তদুপৰি শ্বহীদগৰাকীক শেষশ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । শ্বহীদ মহেন্দ্ৰ লস্কৰৰ নশ্বৰ দেহ বাসগৃহত উপস্থিত হোৱাৰ সময়তে নগাঁৱৰ কাতিমাৰীস্থিত চি আৰ পি এফ ৩৪ নং বেটেলিয়েনৰ বিষয়া জোৱানসকলেও শেষশ্ৰদ্ধা জ্ঞাপন কৰে ।
দেশ মাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ সকলোৱে সমবেদনা জ্ঞাপন কৰিছে । কান্দোনত ভাঙি পৰিছে মাতৃ, পত্নী, সন্তানৰ লগতে সকলো আত্মীয় । বিয়লি বীৰ শ্বহীদ মহেন্দ্ৰ লস্কৰক সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় ।
উল্লেখ্য় যে, ১০ অক্টোৱৰত ঝাৰখণ্ডৰ চাইবাসা ৰেঞ্জ এলেকাত সংঘটিত হোৱা আই ইডি বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল চি আৰ পি এফ জোৱান মহেন্দ্ৰ লস্কৰে । প্ৰায় ১১/১২ জনীয়া চিআৰপিএফ ৰ ৬০ বেটেলিয়নৰ দল এটাই তহল দি আগবাঢ়ি গৈ থাকোতেই সংঘটিত হৈছিল আই ই ডি বিস্ফোৰণটো ।
সেই বিস্ফোৰণতে কামপুৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰ নামৰ জোৱানজন থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো জোৱান আহত হয় । শেষকৃত্য় অনুষ্ঠানত অংশগ্ৰহণ কৰা এগৰাকী চি আৰ পি এফ বিষয়াই কয়, "মহেন্দ্ৰ লস্কৰে দেশৰ বাবে প্ৰাণ আহুতি দিলে । সকলোৰে এনে সৌভাগ্য় নিমিলে ।"

