উপস্থিত আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যাৰ মাজত বৃহৎ ব্যৱধান : উদ্বিগ্ন শিক্ষা বিভাগ
সমগ্ৰ শিক্ষাৰ পৰ্যালোচনা বৈঠকত জিলা বিষয়াবৰ্গক কঠোৰ নিৰ্দেশ মিছন সঞ্চালকৰ । অনুসন্ধান কৰাৰ নিৰ্দেশ ।

Published : August 3, 2025 at 11:24 PM IST
গুৱাহাটী : শিক্ষাসেতু এপকে ধৰি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডত চলি অহা বহু অনিয়ম তথা গাফিলতি পোহৰলৈ আহিছে । শেহতীয়াকৈ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু মধ্যাহ্ন ভোজনক লৈ বৃহৎ অনিয়মৰ তথ্য পোহৰলৈ আহিছে ।
এখন বিদ্যালয়ৰ শ্ৰেণীত এদিনত যিমান সংখ্যক ছাত্র-ছাত্রী উপস্থিত থাকে সিমান সংখ্যকৰে মধ্যাহ্ন ভোজন ব্যৱস্থা হ'ব লাগে । কেতিয়াবা মধ্যাহ্ন ভোজন গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দুই-এজন কম হ'ব পাৰে । দুই-এক শিক্ষাৰ্থীয়ে কোনো কাৰণত কোনোবা দিনা মধ্যাহ্ন ভোজন গ্রহণ নকৰাটো অস্বাভাৱিক কথা নহয় ।

কিন্তু ইয়াৰ বিপৰীতে একাংশ বিদ্যালয়ত উপস্থিত থকা শিক্ষাৰ্থীৰ বিপৰীতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰা শিক্ষাৰ্থীত সংখ্যা অধিক হোৱা আৰু কেতিয়াবা চকুত লগাকৈ কম হোৱাৰ তথ্য উন্মোচিত হৈছে । আনকি এই বিষয়টো মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো পর্যবেক্ষণ কৰিছে ।
উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা বিভাগত অদৃশ্য ছাত্র-ছাত্রী আৰু মধ্যাহ্ন ভোজনক লৈ দীৰ্ঘদিনৰ পৰা অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । এই অনিয়ম প্ৰতিৰোধৰ অন্যতম উপায় হিচাপে শিক্ষা সেতু এপ ব্যৱহাৰ কৰা হৈছে ।
তৎসত্ত্বেও ৰাজ্যৰ এক বৃহৎ সংখ্যক বিদ্যালয়ত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যাৰ মাজত বৃহৎ ব্যৱধান ধৰা পৰাটো উদ্বেগৰ বিষয় হৈ পৰিছে ।

লক্ষণীয় বিষয় যে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ড° ওম প্ৰকাশৰ অধ্যক্ষতাত অলপতে এখন পর্যালোচনা সভা অনুষ্ঠিত হয় । সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, খণ্ড প্রাথমিক শিক্ষা বিষয়া আদিৰ অংশ গ্ৰহণৰে অনুষ্ঠিত এই পর্যালোচনা সভাত আন বিষয়ৰ লগতে শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যাৰ লগত মধ্যাহ্ন ভোজন গ্রহণ কৰা শিক্ষাৰ্থীৰ সংখ্যাত বৃহৎ অমিলৰ বিষয়টো আলোচনা কৰা হয় ।
প্ৰথমবাৰৰ বাবে বিষয়টো আলোচনা কৰাৰ পাছত জিলাসমূহৰ বিষয়াসকলক তৎকালে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। উপস্থিতি আৰু মধ্যাহ্ন ভোজন গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সমান হ'বই লাগিব বুলি মিছন সঞ্চালকজনে জিলাবোৰক স্পষ্ট কৰি দিয়ে।

শিক্ষা বিভাগৰ সহকাৰী সঞ্চালকে জনোৱা মতে অধিকাংশ জিলাতে এনে অমিলৰ ঘটনা সংঘটিত হৈছে। অমিলৰ এই ঘটনা এদিন বা দুদিন নহয়, ধাৰাবাহিকভাৱে এনে ঘটনা সংঘটিত হৈ আহিছে । শিক্ষা সেতু এপৰ জৰিয়তে সকলো বিষয় নিয়ন্ত্রিত হয় আৰু তেনে ক্ষেত্ৰত এই ধৰণৰ অমিল গুৰুতৰ হিচাপে গণ্য কৰা হৈছে ।

এই ব্যৱধান কিহৰ বাবে হৈছে তাৰ অনুসন্ধান কৰিবলৈ সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জিলা পৰ্যায়ৰ বিষয়াসকলক নিৰ্দেশ দিছে ।


