লামডিং-বদৰপুৰ পাহাৰ লাইনত পুনৰ ভূমিস্খলন, আবদ্ধ কেবাখনো ৰে'ল
এটা পষেকৰ ভিতৰতেই ডিমা হাছাও জিলাৰ ৰে'ল লাইনত তিনিবাৰ ভূমিস্খলন ।

Published : July 7, 2025 at 1:11 PM IST
হাফলং: যোৱা ৩০ জুনত সাত দিনৰ মূৰত লামডিং-বদৰপুৰ পাহাৰ লাইন মুকলি হোৱাৰ ছয় দিন পিছত একেটা লাইনতেই পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । এইবাৰ লামডিং-বদৰপুৰ পাহাৰ লাইনৰ দিহাখো আৰু মুপা ষ্টেচনৰ মাজৰ ৫১/২ কিলোমিটাৰ অংশত হৈছে ভূমিস্খলন । যোৱা ২৩ জুনৰ পৰা লামডিং বদৰপুৰ পাহাৰ লাইনত হোৱা ভূমিস্খলনৰ এইটো তৃতীয় ঘটনা ।
উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ৰে'লপথ সুচল কৰি যাতায়ত অব্যাহত ৰখাৰ সময়তেই দেওবাৰে নিশা মুপা ষ্টেচনৰ ৫০/২ কিলোমিটাৰ অংশত ভূমিস্খলন হোৱাৰ ফলত পাহাৰ লাইনত ৰে'ল চলাচল আকৌ ব্যাহত হৈ পৰিছে । লামডিং ষ্টেচনত আবদ্ধ হৈ পৰিছে শিয়ালদাহৰ পৰা চাবৰুমলৈ যাবলগীয়া কাঞ্চনজংঘা এক্সপ্ৰেছ ।
মানদাৰদিছা ষ্টেচনত আবদ্ধ হৈ আছে গুৱাহাটীৰ পৰা শিলচৰলৈ যাবলগীয়া গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ । আগৰতলা ৰাণী কোমলাবতি এক্সপ্ৰেছ মাইবাং ষ্টেচন আৰু শিলচৰ- ৰঙিয়া এক্সপ্ৰেছ নিউহাফলং ষ্টেচনত আবদ্ধ হৈ আছে ।

আনহাতে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই আবদ্ধ হৈ থকা যাত্ৰীসকলৰ বাবে খোৱাৰ ব্যৱস্থা কৰে । ইপিনে, লামডিং-বদৰপুৰ পাহাৰ লাইনত ভূমিস্খলনৰ পিছতে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই কামাখ্যা, গুৱাহাটী, লামডিং, নিউহাফলং, বদৰপুৰ, শিলচৰ আৰু আগৰতলা ষ্টেচনত ৰে'ল যাত্ৰীসকলৰ বাবে সহায়তা কেন্দ্ৰ মুকলি কৰিছে ।

উল্লখ্য় যে যোৱা ২৩ জুনত জাতিংগা-লামপুৰ আৰু নিউহাফলং ষ্টেচনৰ মাজতে ১০৮/৭-৮ কিলোমিটাৰ অংশত ভূমিস্খলনৰ ফলত পাহাৰ লাইনত সাত দিন ৰে'ল চলাচল বন্ধ আছিল ।
উত্তৰ পূব-সীমান্ত ৰে'ল কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে কাম কৰি ৩০ জুনত এই পথটো সুচল কৰি তোলাৰ পিছতে আকৌ ৩ জুলাইত মুপা ষ্টেচনৰ ওচৰত ৫০/২ কিলোমিটাৰ অংশত পাহাৰৰ পৰা শিল-মাটি নামি অহাৰ ফলত ৰে'ল চলাচল ব্যাহত হয় । ইয়াৰ পিছত শুকুৰবাৰে ৰে'ল চলাচল পুনৰ স্বাভাৱিক হৈছিল যদিও ডিমা হাছাও জিলাত বৰষুণ হৈ থকাৰ বাবে ভূমিস্খলনো সমানেই অব্যাহত আছে ।

দেওবাৰে পুৱা লামডিং-বদৰপুৰ পাহাৰ লাইনত প্ৰথমতে জাতিংগা-লামপুৰ আৰু নিউ হাফলং ষ্টেচনৰ মাজত ১০৮/৭-৮ কিলোমিটাৰ ভূমিস্খলন এলেকাত পৰীক্ষামূলকভাৱে এটা ইঞ্জিন চলোৱা হয় । ইয়াৰ পিছত লামডিং-বদৰপুৰ পাহাৰ লাইনত ৰে'ল সেৱা স্বাভাৱিক হৈ পৰে ।

