খাজনা পৰিশোধত সমস্য়া; মৌজাদাৰেও নলয়-অনলাইনো নহয় - Land revenue
Land revenue problem : ৰাইজৰ মাটিৰ খাজনা নলয় কোনোৱে । ফলত সংকটত পৰিছে ৰাইজ । চৰকাৰে মৌজাদাৰৰ পৰিৱৰ্তে অনলাইন যোগে খাজনা সংগ্রহ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে যদিও ব্যবস্থাটো সুচল হোৱা নাই ।

Published : September 18, 2024 at 1:49 PM IST
লখিমপুৰ, ১৮ ছেপ্টেম্বৰ : চৰকাৰে ভূমি সম্পৰ্কীয় জটিল বিষয়সমূহ অন লাইন মাধ্য়মেৰে সৰলীকৰণৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কৰিছে । এতিয়া কিছুমান বিষয়ত কাৰ্যালয়লৈ নোযোৱাকৈয়ে সম্পন্ন কৰিব পাৰি । পিছে এনে ব্য়ৱস্থাৰ মাজতো এতিয়াও মাটিৰ খাজনা পৰিশোধ কৰোতে বহুতেই ভুগিবলগীয়া হৈছে যমৰ যাতনা । লখিমপুৰ জিলাতো তেনে এখন ছবিয়েই ফুটি উঠিছে ।
লখিমপুৰত সময়মতে মাটিৰ খাজনা দিব নোৱাৰি সংকটত পৰিছে ৰাইজ । ৰাজ্য চৰকাৰে বিভিন্ন ক্ষেত্রত সংষ্কাৰ সাধনৰ প্ৰয়াস কৰিছে । বহু পুৰণি প্ৰথা আধুনিকীকৰণ কৰি ডিজিটেল মাধ্যমেৰে সমপন্নৰ আঁচনি লৈছে যদিও লখিমপুৰৰ ৰাইজক বিপাঙতহে পেলাইছে । প্ৰায় দুমাহ ধৰি খাজনা দিব নোৱৰাত এনে অচলাবস্থাই বিৰাজ কৰি আছে জিলাখনত ।
মৌজাদাৰৰ কাৰ্যালয়ত নাই ব্য়ৱস্থা
উল্লেখ্য যে পূৰ্বৰ নিয়ম অনুসৰি ৰাইজে মৌজাদাৰৰ কাৰ্যালয়ত মাটিৰ খাজনা দি ৰচিদ সংগ্রহ কৰি আহিছিল । কিন্তু দুমাহ পূৰ্বে চৰকাৰে মাটিৰ খাজনা মৌজাদাৰক দিয়াৰ পৰিৱৰ্তে অনলাইন যোগে দিয়াৰ নিয়ম ঘোষণা কৰে । চৰকাৰৰ এই সিদ্ধান্তৰ পাছত ৰাইজে মৌজাদাৰক খাজনা দিব নোৱাৰা হ'ল । মৌজাদাৰৰ কাৰ্যালয়ত খাজনা দিবলৈ গ'লে ৰাইজক অনলাইন যোগে দিয়াৰ পৰামৰ্শ দিয়ে ।
ইফালে, অনলাইন যোগেও ৰাইজে খাজনা দিব নোৱাৰা হ'ল । কিয়নো যি নিৰ্দিষ্ট এপত চৰকাৰে খাজনা দিয়াৰ ঘোষণা কৰিছিল সেয়া এই পৰ্যন্ত কাৰ্যকৰী হোৱা নাই । সেই এপৰ জৰিয়তে অৰুণোদয় কেন্দ্র বা কেফেত গৈ ৰাইজে খাজনা দিব বিচাৰিলে খাজনা দিয়াৰ প্ৰক্ৰিয়াটো সম্পূর্ণ নহয়গৈ । যাৰ বাবে ৰাইজ সমস্যাত পৰিবলগীয়া হৈছে ।
উল্লেখ্য় যে মাটি-বাৰী সম্পৰ্কীয় তথা আন কেতবোৰ কামত খাজনা দিয়াৰ ৰচিদ অপৰিহাৰ্য । কিন্তু এতিয়া খাজনা দিয়াৰ প্ৰক্ৰিয়াটো চৰকাৰে সংষ্কাৰ সাধন কৰাৰ বাবে ৰাইজে খাজনা দিব পৰা নাই ।পূৰ্বৰ খাজনা আদায় দিয়াৰ নিয়ম চৰকাৰে সলনিহে কৰিলে । কিন্তু নতুন প্ৰক্ৰিয়াটো কাৰ্যক্ষম কৰি নিদিলে । যাৰ বাবে ৰাইজ এতিয়া সমস্যাত পৰিবলগীয়া হৈছে ।
সদৌ অসম নিবনুৱা সন্থাৰ আহ্বান
কেৱল মাটি-বাৰী সম্পর্কীয় কাম কাজেই নহয়, ইয়াৰ সৈতে সংগতি থকা অন্যান্য কাম-কাজো এতিয়া অচল হৈ পৰিছে । ৰাইজৰ এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম নিবনুৱা সন্থাৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই নতুন নিয়মেই হওক বা পুৰণি নিয়মেই হওক ইয়াৰ যি কোনো এটা কাৰ্যক্ষম কৰি খাজনা আদায় দিয়াৰ প্ৰক্ৰিয়াটো সোনকালে সুচল কৰিবলৈ চৰকাৰক আহ্বান জনায়। অন্যথা সমস্যাত ভোগা ৰাইজ প্ৰতিবাদ কৰিবলৈ ওলাই আহিব বুলি তেওঁ কয় ।

