ETV Bharat / state

জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ৫১৭.২৭ বিঘা ভূমি আৱন্টন প্ৰক্ৰিয়া সম্পন্ন - Tata Semiconductor Project

TATA Semi Conductor Plant: ৩০ হাজাৰ কোটি টকীয়া টাটা কোম্পানীৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন অহা ৩ আগষ্টত হ’ব । ইয়াৰ পূৰ্বে সম্পন্ন হ'ল ভূমি আৱন্টন প্ৰক্ৰিয়া ৷

land allotment process of tata semiconductor project
টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি আৱন্টন প্ৰক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 17, 2024 at 11:52 AM IST

2 Min Read
Choose ETV Bharat

মৰিগাঁও, ১৭ জুলাই : মৰিগাঁও জিলাৰ জাগীৰোডত স্থাপন হ'বলগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি আৱন্টন প্ৰক্ৰিয়া মঙলবাৰে সম্পন্ন হয় । এই টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৰ বাবে অসম চৰকাৰে আৱন্টন দিয়া ৫১৭.২৭ বিঘা মাটি মঙলবাৰে চৰকাৰী নিয়মানুসাৰে মৰিগাঁও উপ পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ।

টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি আৱন্টন প্ৰক্ৰিয়া (ETV Bharat Assam)

ভূমি আৱন্টন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয়, "আজি মৰিগাঁও জিলাবাসীৰ বাবেই নহয়,অসম তথা ভাৰতবৰ্ষৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হৈছে ।" মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কথা দিয়া মতেই মঙলবাৰে জাগীৰোড কাগজকলৰ ভূমিত স্থাপন হ'বলগা টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে টাটা ইলেকট্ৰনিকছ কৰ্তৃপক্ষৰ ৰঞ্জন বন্ধোপ্যাধায় আৰু আশিস মিশ্ৰৰ নেতৃত্ব এটা উচ্চস্তৰীয় দল মুম্বাইৰ পৰা কালি জিলাখনত উপস্থিত হয় ।

প্ৰথমে প্ৰতিষ্ঠান পৰিচালনা কৰিবলগীয়া বিষয়ববীয়া সকলক আদৰণি মৰিগাঁও জিলা আয়ুক্তই এক আলোচনাত মিলিত হয় । এই আলোচনাৰ পিচতেই আয়ুক্ত দেৱাশীষ শৰ্মাসহ দলটোৱে উপ-পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হৈ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰে ।

উল্লেখ্য় যে, কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য় কৰিছিল যে ৩০ হাজাৰ কোটিৰ টকীয়া টাটা কোম্পানীৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন অহা ৩ আগষ্টত হ’ব । সেয়েহে এই ভূমি পূজনৰ পূৰ্বেই কালি সম্পন্ন কৰা হয় ভূমি আৱন্টন প্ৰক্ৰিয়া । অহা ২ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব 30 হাজাৰ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম ।

লগতে পঢ়ক:আগন্তুক 3 আগষ্টত ঐতিহাসিক টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন - Tata Semiconductor Project

নগাঁও কাগজ কলৰ স্থানত টাটাৰ চেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন LIVE