আজি লক্ষ্মী পূৰ্ণিমা: ঘৰে ঘৰে ঐশ্বর্য-বিভূতিৰ অধিষ্ঠাত্রী দেৱীৰ আৰাধনা
সন্ধিয়ালৈ লক্ষ্মী দেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিব ৰাজ্যৰ আকাশ-বতাহ ৷ সকলোৱে সামৰ্থ অনুযায়ী আৰাধনা কৰিব দেৱী লক্ষ্মীক ৷

Published : October 6, 2025 at 1:07 PM IST
গুৱাহাটী: আজি লক্ষ্মী পূজা ৷ ধন, ঐশ্বর্য-বিভূতিৰ অধিষ্ঠাত্রী দেৱী মা লক্ষ্মী দেৱীৰ বন্দনাৰে আজি সন্ধিয়া মুখৰ হৈ পৰিব ৰাজ্যৰ আকাশ-বতাহ । ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ দেৱালয়, লক্ষ্মী মন্দিৰ, ৰাজহুৱা স্থান আৰু ঘৰ বা গৃহস্থিত ধন-সম্পদ, ঐশ্বর্য-বিভূতিৰ অধিষ্ঠাত্রী দেৱী শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ পূজা-আৰাধনা কৰা হ'ব ।
পুৰোহিতৰ মন্ত্রধ্বনি, মংগলধ্বনি, শংখনাদ, আয়তীৰ উৰুলি, ভক্তিনামেৰে উথলি উঠিব চৌদিশৰ পৰিৱেশ । ধন, যশ, খ্যাতি, সু-স্বাস্থ্য আদি সমস্ত জাগতিক সুখ লাভৰ বাবে লক্ষ্মী দেৱীৰ ওচৰত প্ৰণিপাত জনাই দেৱীৰ আশীৰ্বাদ বিচাৰিব ভক্তগণে ।
কোনো কোনোৱে পুৱাই বিভিন্ন মন্দিৰ, নামঘৰত গৈ মা লক্ষ্মীক পূজা-আৰাধনা কৰাও দেখা গৈছ ৷ সন্ধিয়ালৈ সকলোৱে শ্ৰীশ্ৰী লক্ষ্মী দেৱীক পূজা কৰাৰ লগতে পাঠ কৰিব লক্ষ্মী চৰিত ৷
লক্ষ্মী পূজাক কেন্দ্ৰ কৰিয়ে ৰাজ্যজুৰি এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা গৈছে । লক্ষ্মী পূজা উপলক্ষে গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰ ভৰি পৰিছে পূজাৰ বিবিধ সামগ্ৰীৰে । লক্ষ্মী মূর্তি, মাটিৰ চাকি, ধানৰ শিৰ, ৰবাব টেঙা, কলপুলি, ফুল, কল, কুঁহিয়াৰ, নাৰিকল, দুবৰি বন আদিকে ধৰি পূজাত ব্যৱহৃত সামগ্ৰীৰে উভৈনদী হৈ পৰিছে গুৱাহাটীৰ বজাৰ ।

লক্ষ্মী পূজাৰ বাবে অতি প্রয়োজনীয় ধানৰ শিৰ এইবাৰ গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে ২০-৫০ টকা দৰত ৷ তেনেদৰে প্ৰতিটো নাৰিকলৰ দাম ৫০-৬০ টকা, সৰু চাকি ৫-১০ টকা, ঘট ৩০-৫০ টকা, লক্ষ্মী দেৱীৰ সৰু মূৰ্তি আৰু ফটো ৫০-১০০ টকা দৰত বিক্ৰী হোৱা দেখা গৈছে ।

পূৰ্বৰ তুলনাত সামগ্ৰীৰ দাম বৃদ্ধি হ’লেও মা লক্ষ্মীক আদৰিবলৈ কৃপণালী কৰা নাই ভক্তগণে ৷ সামৰ্থ অনুযায়ী সকলোৱে কম-বেছি পৰিমাণে ক্ৰয় কৰিছে পূজাৰ বিবিধ সামগ্ৰী ৷

উল্লেখ্য যে, দেৱী লক্ষ্মীক হিন্দুসকলে ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী বুলি বিবেচনা কৰে ।

