লাখপতি হোৱাৰ সপোন পূৰণৰ বাবে মৰমত বিলাব লাগে টকা-মিঠাই ! পিচে ক’ত...
ডিমা হাছাও জিলাত লাখপতি বাইদেউৰ আবেদনকাৰী প্ৰ-পত্ৰ পূৰণৰ বাবে সংগ্ৰহ কৰা হৈছে ধন । সাংবাদিকে প্ৰশ্ন সোধোতে বাইদেউৱে দিলে অদ্ভূত উত্তৰ ৷

Published : March 14, 2024 at 2:34 PM IST
হাফলং, 14 মাৰ্চ : মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা অভিযানৰ অধীনত লাখপতি বাইদেউ আচঁনিৰ আবেদনকাৰীৰ পৰা প্ৰ-পত্ৰ পূৰণৰ বাবে 200 টকা কৰি সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত । ৰাজ্যৰ চহৰ অঞ্চলত মহিলাসকলক লাখপতি কৰাৰ লক্ষ্যৰে চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমীতা অভিযানৰ অধীনত লাখপতি বাইদেউ আচঁনিৰ সূচনা কৰিছে ।
কিন্তু এতিয়া এই আচঁনিক লৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ শিল্পনগৰী হিচাপে পৰিচিত উমৰাংচুত এতিয়া এই আচঁনিৰ অধীনত প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে এটা দালাল চক্ৰই 200 টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ।
ইটিভি ভাৰতৰ হাতত এই অভিযোগৰ তথ্য ইতিমধ্যে আহি পৰিছে । ভিডিঅ’ ফুটেজতো দেখা গৈছে এগৰাকী মহিলাই প্ৰ-পত্ৰ পূৰণৰ বাবে হাতত টকা লৈ থিয় হৈ থকাৰ দৃশ্য ৷ উমৰাংচুৰ এটা সহায়তা কেন্দ্ৰৰ দৃশ্য এয়া । উমৰাংচুৰ এই সহায়তা কেন্দ্ৰত লাখপতি বাইদেউ আচঁনিৰ আবেদনকাৰী সকলৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবদ এগৰাকী মহিলাই 200 টকাকৈ সংগ্ৰহ কৰিছে বুলি জানিবলৈ দিছে আবেদনকাৰীয়ে । এই তথ্য লাভ কৰাৰ পাচত যেতিয়া সাংবাদিক সত্যৰ অনুসন্ধানত এই সহায়তা কেন্দ্ৰত উপস্থিত হয়গৈ, তেতিয়া সমগ্ৰ বিষয়টো লৈ ধন সংগ্ৰহ কৰা গৰাকীয়ে সাংবাদিকসকলৰ লগত দুৰ্ব্যৱহাৰ কৰাৰ লগতে যেনেকৈ ইচ্ছা তেনেকৈয়ে বাতৰি পৰিবেশন কৰিবলৈ কয় ।
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল লাখপতি বাইদেউ আচঁনিৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে কাকো ধন দিব নালাগে ৷ কিন্তু দেখা গৈছে উমৰাংচুত এটা দালাল চক্ৰই প্ৰ-পত্ৰ পূৰণৰ বাবে মহিলাসকলৰ পৰা 200 টকাকৈ সংগ্ৰহ কৰিছে । ৰাজ্য চৰকাৰে মহিলাসকলক লাখপতি বনোৱাৰ বাবে 10 হাজাৰ টকাকৈ দিব । বিশেষকৈ মহিলা আত্মসহায়ক গোটক এই আচঁনিৰ অধীনত টকা দিয়া হ’ব ।
উমৰাংচুৰ এটা আত্মসহায়ক গোটৰ এগৰাকী মহিলাই জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ মোবাইললৈ এই আচঁনিৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰাৰ নামত 200 টকা দিব লাগিব মেছেজ আহে ৷ এই মহিলা গৰাকীয়ে কয় তেওঁলোকৰ আত্মসহায়ক গোটত 10 গৰাকী সদস্য আছে আৰু এই 10 গৰাকী সদস্যই প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে 200 টকা কৰি মুঠ দুহাজাৰ টকা ইতিমধ্যে দিছে ।
লগতে পঢ়ক : নাৰী দিৱসত চৰ্চাত এগৰাকী প্ৰকৃত লাখপতি বাইদেউ

