লখিমপুৰৰ গো-মুণ্ড কাণ্ডত সাতজনক গ্ৰেপ্তাৰ; পুনৰ তিনিটা গো-মুণ্ড উদ্ধাৰ
লখিমপুৰৰ গো-মুণ্ড কাণ্ড । সাতজনক গ্ৰেপ্তাৰ । ধৃত লোকৰ ঘৰত পুনৰ উদ্ধাৰ তিনিটা গো-মুণ্ড ।

Published : June 18, 2025 at 8:55 PM IST
লখিমপুৰ : গো-মুণ্ড কাণ্ডই জোকাৰিছে লখিমপুৰ । নামঘৰৰ সন্মুখত নিশা দুৰ্বৃত্তই তিনিটা গো-মুণ্ড পেলাই যোৱাৰ পাছত ধৃত এজনৰ ঘৰৰ পৰা আৰক্ষীয়ে আৰু তিনিটা গো-মুণ্ড উদ্ধাৰ কৰিছে । ঘটনা সন্দৰ্ভত এতিয়ালৈকে সাতজনক গ্ৰেপ্তাৰ কৰা হৈছে । লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুকৰ নামঘৰৰ সন্মুখত মঙলবাৰে নিশা তিনিটাকৈ গো-মুণ্ড পেলাই যোৱা ঘটনাত এই পৰ্যন্ত সাতজনক গ্ৰেপ্তাৰ কৰা হৈছে । নিশাতেই আৰক্ষীয়ে অভিযান চলাই পাঁচজনক গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে দিনৰ ভাগত আৰু দুজনক গ্ৰেপ্তাৰ কৰে ।
আনহাতে, বুধবাৰে বিয়লি আটাইকেইজনকে লখিমপুৰ আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষীয়ে অভিযুক্ত আটাইকেইজনকে ৭ দিনৰ জিম্মা বিচাৰিছিল যদিও আদালতে ৫ দিনৰ আৰক্ষী জিম্মা প্ৰদান কৰে ।
নিশা মনচুৰ আলী, দিলদাৰ হুছেইন, চাহা আলী, ৰেজ্জাক আলী আৰু দিলোৱাৰ হুছেইনক আটক কৰাৰ পাছত বুধবাৰে চুকুলীভৰীয়াৰ পৰা জাহিদুল ইছলাম আৰু আবু কালাম নামৰ দুজনক গ্ৰেপ্তাৰ কৰে । তেওঁলোক আটাইকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ঘটনা সন্দৰ্ভত পানীগাঁও থানাত ৩৭/২০২৫ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে । গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে ৬১(২) (ক) ২৯৮/২৯৯/১৯৬(২) /৩২৯(৩) /৩(৫) ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাৰ লগতে আৰ ডব্লিউ ১৩(১) ধাৰা ।

গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে আৰক্ষীয়ে আদালতত হাজিৰ কৰি অধিক অনুসন্ধানৰ বাবে নিজৰ জিম্মাত বিচৰাৰ প্ৰস্তুতি কৰিছে ।

এই সন্দৰ্ভত বুধবাৰে বিয়লি লখিমপুৰৰ আৰক্ষী নিৱেশত আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই সংবাদ মেল সম্বোধন কৰে । তেওঁ কয়, "কালি প্ৰায় ৮.৩০ বজাত আমি খবৰ এটা পাওঁ । ঢকুৱাখনীয়া চিৰিংচুক গাঁৱৰ যিটো নামঘৰ আছে নামঘৰটোৰ ওচৰত ৰাস্তাত তিনিটা গৰুৰ লাওখোলা পৰি থকা বুলি কয় । খবৰ পাই আমাৰ পুলিচৰ টীম গৈ সেইকেইটা ছীজ কৰে ।"

তেওঁ লগতে কয়, "আমি তাৰে মানুহৰ লগত কথা পাতি আৰু অনুসন্ধান কৰি কিছু সন্দেহজনক ঠাইত আমি অভিযান চলাওঁ । আমি কালি পাঁচজন আৰু আজি ৰাতিপুৱা দুজন মুঠ সাতজনক মানুহক আমি আটক কৰোঁ । তাৰে মনচুৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত আমি প্ৰায় একেই গৰুৰ লাওখোলা আমি আৰু তিনিটা পাওঁ । আৰু কিছু আপত্তিজনক বস্তুও পাওঁ আমি । সেইখিনি আমি ছীজ কৰিছোঁ । আমি ঘটনাটোৰ অনুসন্ধান কৰি আছোঁ... যিসকল ব্যক্তি ইয়াৰ সৈতে জড়িত আছে তেওঁলোকৰ বিপক্ষে যাতে আমি আইনমতে ব্যৱস্থা ল'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ ।"

উল্লেখ্য যে ইতিমধ্যে জিলাখনলৈ উত্তৰ অসমৰ আই জি পি আহি আছে । আনহাতে, ঘটনা সংঘটিত হোৱা অঞ্চলকে সামৰি স্পৰ্শকাতৰ এলেকাত আৰক্ষী, চি আৰ পি এফ, কমাণ্ডো আদি নিয়োগ কৰা হৈছে । ইয়াৰ উপৰি থানা সমিতিসমূহৰ সভা অনুষ্ঠিত কৰা হৈছে আৰু বৃহস্পতিবাৰে শান্তি সমিতি গঠন কৰা হ'ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় ।

ইয়াৰ লগতে কোনেও যাতে এই ঘটনাক লৈ অশান্তি বিয়পাব নোৱাৰে তাৰ বাবে কঠোৰ দৃষ্টি ৰখা হৈছে বুলিও জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে ।

ইফালে এই ঘটনাৰ প্ৰতিবাদত বুধবাৰে বিশ্ব হিন্দু পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা দি এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি ৰ দাবী জনায় । লগতে জিলা আয়ুক্তক এখন স্মাৰক-পত্রও প্ৰদান কৰে । আনহাতে, হিন্দু যুৱ ছাত্র পৰিষদেও এই ঘটনাত তীব্র প্রতিবাদ সাব্যস্ত কৰি দোষীৰ কঠোৰ শাস্তি দাবী জনায় ।


