ধেমাজি : কেনেকৈ চলিছে ৰাজ্যৰ জিলা পুথিভঁৰালসমূহ ? ৰাজ্য চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগৰ লগতে জনসাধাৰণৰ সততে দৃষ্টিগোচৰ নোহোৱা অন্যতম অনুষ্ঠান হৈছে জিলা গ্ৰন্থাগাৰ ৷ য'ত গুৰুত্বপূৰ্ণ গ্ৰন্থৰ সংৰক্ষণ আৰু অধ্যয়ন হৈছে এটা জাতিৰ দাপোণ বা মেৰুদণ্ড স্বৰূপ । এতিয়া কথা হ'ল এই গ্ৰন্থাগাৰ বা পুথিভঁৰালসমূহত বিষয়া-কৰ্মচাৰীয়ে কেনেদৰে কৰ্তব্য সম্পাদন কৰি মাহেকত দৰমহা আদায় লৈ আহিছে ? জিলা পুথিভঁৰাললৈ পঢ়ুৱৈ বা শিক্ষাৰ্থীসকল আহে নে নাই ? একেদৰে বিষয়া-কৰ্মচাৰীসকল সময়ত উপস্থিত হয় নে ? জিলা পুথিভঁৰালৰ কাৰ্যালয়ৰ আন্তঃগাঁথনি কেনেকুৱা ? এই সকলো সামৰি এই বিশেষ প্ৰতিবেদন ৷
কেনেদৰে চলিছে ধেমাজি জিলা পুথিভঁৰাল ?
ধেমাজি সদৰত আছে এটা বৃহৎ অট্টালিকা আৰু সেয়া হৈছে জিলা পুথিভঁৰাল । পঢ়ুৱৈৰ অধ্যয়ন কক্ষ, বাতৰি কাকত কক্ষ, গ্ৰন্থৰ কক্ষ আদি সকলো আছে পুথিভঁৰালত । আৱাহন, অৰুণোদয়কে ধৰি বহু ন-পুৰণি গ্ৰন্থ-আলোচনীও উপলব্ধ পুথিভঁৰালৰ বুক শ্বেল্ফ আৰু আলমাৰিত ৷ পিছে আচৰিত কথাটো হ'ল যে ইয়াৰে কম্পিউটাৰ কক্ষত নাই এটাও কম্পিউটাৰ । সেইদৰে চৰকাৰৰ সংশ্লিষ্ট বিভাগে পুথিভঁৰাললৈ নিয়মিতভাৱে গ্ৰন্থ প্ৰেৰণ কৰে যদিও গ্ৰন্থসমূহ ৰাখিবলৈ আলমাৰি বা শ্বেল্ফৰ অভাৱ আছে ৷ যাৰ বাবে কম্পিউটাৰ কক্ষৰ মজিয়া আৰু চকীতে পেলাই থোৱা আছে গ্ৰন্থবোৰ ।

এগৰাকী বিষয়াৰে চলিছে ৩ খন জিলাৰ পুথিভঁৰালৰ কাৰ্যালয়
আপুনি শুনি আচৰিত হ'ব যে ৰাজ্যত বিভিন্ন সময়ত হাজাৰ হাজাৰ নিবনুৱাক বিভিন্ন চৰকাৰী বিভাগত চৰকাৰে নিযুক্তি দিয়া বুলি দাবী কৰি অহাৰ সময়তে ধেমাজি জিলা পুথিভঁৰালৰ বিষয়া কৰিশ্মা কুলিয়ে ধেমাজি জিলাৰ উপৰিও মুখ্য কাৰ্যালয় ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ গ্ৰন্থাগাৰিকৰ দায়িত্বত আছে ৷ যাৰ ফলত কোনো এটা কাৰ্যালয়তে বিষয়াগৰাকীৰ উপস্থিতি নিয়মীয়া নহয় ৷

বিভিন্ন আচবাবৰ অভাৱ
ধেমাজি জিলা পুথিভঁৰালত সম্প্ৰতি গ্ৰন্থসমূহ ৰাখিবলৈ বুক শ্বেল্ফ বা আলমাৰিৰ অভাৱ দীৰ্ঘদিনীয়া । যাৰ ফলত মজিয়াতে পৰি আছে নতুনকৈ অহা গ্ৰন্থবোৰ ৷ একেদৰে বিভাগটোত কম্পিউটাৰ কক্ষ আছে যদিও নাই এটাও কম্পিউটাৰ ৷ বৰ্তমান সময়তো চৰকাৰী কাৰ্যালয়ত এটা কম্পিউটাৰ নথকা কথাটোৱে হাস্যকৰ ৷ যাৰ বাবে কম্পিউটাৰৰ কামবোৰ বাহিৰৰ বিপণীত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
জিলা পুথিভঁৰালটোৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত কনিষ্ঠ সহায়ক পূৰবী তামুলীয়ে কয়, "আমি চাৰিগৰাকী কৰ্মচাৰী আছো ৷ লকডাউনৰ পৰাই পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাইছে । অৱশ্যে বৰ্তমান আকৌ আহিবলৈ আৰম্ভ কৰিছে ৷ শিক্ষাৰ্থীসকল সদায় আহে বুলিও ক'ব নোৱাৰো ৷ আমাৰ মূল সমস্যা হৈছে কিতাপ থ'বলৈ বুক শ্বেল্ফ আৰু ৰেগ নাই ৷ প্ৰতি বছৰে কিতাপ দি থাকে কিন্তু থ'বলৈ সমস্যা হৈছে ৷ সংশ্লিষ্ট বিভাগক জনাই থকা হৈছে যদিও আজিলৈকে গুৰুত্ব দিয়া নাই । আমাৰ কাৰ্যালয়ত এটাও কম্পিউটাৰ নাই । যাৰ বাবে বাহিৰত কাম কৰিবলগীয়া পৰিস্থিতিৰ হৈছে ৷"
ৰাজ্য চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ হৈছে গ্ৰন্থাগাৰ । তাৰ অধীনতে প্ৰতিখন জিলাতে আছে গ্ৰন্থাগাৰ । এটা জাতিৰ দাপোণ, মানৱ সম্পদ সৃষ্টিৰ আঁৰত থকা গ্ৰন্থবোৰ জিলা গ্ৰন্থাগাৰতে উপলব্ধ । কিন্তু সেই পুথিভঁৰালৰ আন্ত:গাঁথনিৰ সমস্যাই নিসন্দেহে বৌদ্ধিক তথা পঢ়ুৱৈ সমাজক উদ্বিগ্ন কৰিছে ৷
লগতে পঢ়ক : কাইলৈ BTC সচিবালয়ত ২০২৫-২৬ বৰ্ষৰ বাজেট অধিৱেশন - BUDGET SESSION OF ASSAM ASSEMBLY