ETV Bharat / state

তুলিৰাম ৰংহাঙৰ মন্তব্যৰ কোনো ভিত্তি নাই: থাংলুম চাংচন

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ মন্তব্যক ভিত্তিহীন আখ্যা কুকি ইনপি অসমৰ সভাপতি থাংলুম চাংচনৰ ।

Kuki Inpi Assam reacts to Tuliram Ronghang's comment
তুলিৰাম ৰংহাঙে কৰা মন্তব্য সম্পূৰ্ণ ভিত্তিহীন: থাংলুম চাংচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 28, 2024 at 8:16 PM IST

2 Min Read
Choose ETV Bharat

হাফলং: সাম্প্ৰদায়িক হিংসাত জৰ্জৰিত মণিপুৰৰ পৰা পলাই অসমৰ কাৰ্বি আংলং জিলাত এক হাজাৰ কুকি জনগোষ্ঠীৰ শৰণাৰ্থী আশ্ৰয় লোৱা বুলি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কৰা মন্তব্য সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰিছে কুকি ইনপি অসমৰ সভাপতি থাংলুম চাংচনে ।

বৃহস্পতিবাৰে হাফলঙত কুকি ইনপি অসম আৰু কুকি ষ্টুডেন্টছ অৰ্গেনাইজেচনৰ এখন যৌথ সংবাদমেল সম্বোধন কৰি কুকি ইনপিৰ সভাপতিগৰাকীয়ে কয়,"কাৰ্বি আংলং জিলাৰ দৰে কম জনসংখ্যাৰ এক স্থানত মণিপুৰৰ পৰা আহি এক হাজাৰ কুকি জনগোষ্ঠীৰ লোকক লুকুৱাই ৰখা সম্ভৱ নহয় । আমি কাৰ্বি আংলং জিলাৰ কুকি চি এছ অ'ৰ লগত যোগাযোগ কৰি জানিব পাৰিছোঁ কাৰ্বি আংলং জিলাত মণিপুৰৰ পৰা আহি কোনো কুকি শৰণাৰ্থী আশ্ৰয় লোৱা নাই ।"

তুলিৰাম ৰংহাঙে কৰা মন্তব্য সম্পূৰ্ণ ভিত্তিহীন: থাংলুম চাংচন (ETV Bharat Assam)

তেওঁ লগতে কয়,"এনে মিছা কথা বিয়পাই কাৰ্বি আংলং জিলাত বসবাস কৰা কুকি জনগোষ্ঠীৰ লোকসকলকৰ মাজত অসুস্থ পৰিৱেশ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে । ইমান ডাঙৰ এটা পদত থকা তুলিৰাম ৰংহাঙৰ দৰে ব্যক্তিয়ে এনেধৰণৰ ভিত্তিহীন মন্তব্য দিয়া উচিত নহয় । ২০২৩ চনৰ ৩ মে'ৰ পৰা মণিপুৰত সংঘটিত হৈ অহা মেইটে আৰু কুকি জনগোষ্ঠীৰ মাজৰ সাম্প্ৰদায়িক হিংসা কিছু কিছু লোকে ওলোটা পথেৰে নি ইয়াক অসমত বিয়পোৱাৰ চেষ্টা চলাইছে ।"

থাংলুম চাংচনে কয়,"এই হিংসা যাতে কোনো কাৰণতে অসমত বিয়পাব নোৱাৰে আৰু অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত শান্তি বর্তাই ৰখা যায় ইয়াৰ বাবে কুকি ইনপি অসম আৰু কুকি ষ্টুডেন্টছ অৰ্গেনাইজেচনে চেষ্টা চলাই গৈছোঁ । কিন্তু এনে মন্তব্যই কুকি জনগোষ্ঠীক সংকটৰ মুখত ঠেলি দিয়াৰ দায়িত্ব কোনে ল'ব ?"

কুকি ইনপি অসমৰ সভাপতিগৰাকীয়ে কয়,"কিছুদিন আগতে এগৰাকী ব্যক্তিয়ে ৰে'লত এগৰাকী মহিলাক মৰাৰ বাবে কুকিসকলে আহি বিচাৰিছে বুলি মিছা কথা বিয়পাই দিছিল ৷ কিন্তু অসম আৰক্ষীয়ে মিছা কথা বিয়পাই দিয়া ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰে ।" তেওঁ কুকি জনগোষ্ঠীক বচোৱাৰ বাবে, ৰক্ষাৰ বাবে আৰু শান্তি বর্তাই ৰখাৰ বাবে এনেধৰণৰ ভিত্তিহীন মন্তব্য আৰু এটা জাতিক টাৰ্গেট কৰা বন্ধ কৰাৰ আহ্বান জনাই অসম চৰকাৰৰ ওচৰত ।

লগতে পঢ়ক: কাৰ্বি আংলঙৰ পৰা বিতাড়ন কৰা হ'ব মণিপুৰৰ পৰা প্ৰব্ৰজিত কুকিক: তুলিৰাম ৰংহাং

মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত; ৯৪ টা নতুন চেকপইণ্ট স্থাপন