ETV Bharat / state

দীপাৱলীত বিদ্যুৎ বিভাগে ঝাণ্ডি মুণ্ডা খেল পাতক ! এই আহ্বান কিয় কৃষক মুক্তিৰ ?

এ পি ডি চি এলৰ প্রি-দীপাৱলী উদযাপনক লৈ সৰৱ কৃষক মুক্তি । ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিগাৰ আগতে এই অনুষ্ঠান বাতিলৰ বাবে কৃষক মুক্তিৰ আহ্বান ।

APDCLS PRE DIWALI CELEBRATION
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 26, 2024 at 6:19 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: এ পি ডি চি এলৰ প্ৰি-দীপাৱলী উদযাপনক লৈ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তোলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এ পি ডি চি এলৰ দীপাৱলী উদযাপনৰ এখন জাননীক লৈ ক্ষুব্ধ হৈ পৰিছে । শনিবাৰে সংগঠনটোৰ গুৱাহাটীস্থ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শ‍ইকীয়াই ।

লগতে পঢ়ক: গুৱা-পাণ, শৰাই-অৰিহণা আগবঢ়াই স্মাৰ্ট মিটাৰ ঘূৰাই দিলে শ শ উপভোক্তাই - Protest Against Smart Meter

সংবাদমেলত এ পি ডি চি এল, শক্তি বিভাগ আৰু অসম চৰকাৰৰ বিৰুদ্ধে তীব্র বিষোদগাৰ প্ৰকাশ কৰি বিদ্যুৎ শ‍ইকীয়াই কয়, "যি সময়ত এ পি ডি চি এলে চৰকাৰৰ নিৰ্দেশত কোম্পানীৰ স্বাৰ্থত ডকাইতৰূপী স্মার্ট মিটাৰ জাপি দি সাধাৰণ মানুহৰ ওপৰত লুণ্ঠনৰাজ চলাইছে আৰু যাৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে সেই সময়ত এ পি ডি চি এলে এখন চৰকাৰী জাননীৰ জৰিয়তে সমগ্ৰ অসমৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক গুৱাহাটীৰ বিজুলী ভৱনলৈ মাতি আনি আগতীয়া দীপাৱলী উদযাপনৰ ব্যৱস্থা কৰিছে । দুখীয়া মানুহৰ মূৰত ৰাম-টাঙোন শোধাই স্মার্ট মিটাৰৰ জৰিয়তে অবৈধভাৱে কোটি কোটি টকা লুণ্ঠন চলাই সেই ধনেৰে আগতীয়া দীপাৱলীৰ নামত অনুষ্ঠান পাতি এ পি ডি চি এলে মদ আৰু জুৱাৰ আড্ডা বহুৱাৰ পৰিকল্পনা কৰিছে । স্মার্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে ন্যায় বিচাৰি জনসাধাৰণে ৰাজপথত আন্দোলন গঢ়ি তোলাৰ সময়ত কিহৰ স্বাৰ্থত, কি যুক্তিত ৰাইজৰ টকাৰে এনেকৈ ৰাজকীয় অনুষ্ঠান পাতি ৰং ৰহইচ কৰিব পাৰে ।"

APDCLS PRE DIWALI CELEBRATION
এ পি ডি চি এলৰ জাননী (ETV Bharat Assam)

পত্রখনৰ উদ্ধৃতি দি তেওঁ কয়, "অনুষ্ঠান অনুষ্ঠিত কৰা ৩০ অক্টোবৰৰ দিনা কোনো ধৰণৰ চৰকাৰী বন্ধ নথকাকৈ কেৱল বিজুলী ভৱন অথবা গুৱাহাটীৰ কৰ্মচাৰী নহয় এ পি ডি চি এলৰ লগতে এ জি চি এল আৰু এ পি জি চি এলৰ সকলো কৰ্মচাৰীক অফিচলৈ মাতি দিনৰ ১ বজাৰ পৰা নিশা দুপৰলৈকে প্রি-দীপাৱলী উদযাপনৰ নামত কৰ্মচাৰীৰ মাজত ৰংগোলী প্রতিযোগিতা, পেইণ্টিং প্রতিযোগিতা পাতি ৰং ৰহইচ কৰিবলৈ লোৱা কাণ্ডজ্ঞানহীন কার্য কেৱল জধামূৰ্খইহে কৰিব পাৰে । স্মার্ট মিটাৰৰ জৰিয়তে ৰাইজৰ তেজ শুহি খোৱা টকাৰে প্ৰি-দীপাৱলী নহয় ঝাণ্ডি মুণ্ডা খেল পাতক বিদ্যুৎ বিভাগে ।"

লগতে পঢ়ক: সৰুপথাৰত স্মাৰ্ট মিটাৰ খুলি পেলোৱা গ্ৰাহকৰ বিৰুদ্ধে গোচৰ; কঠোৰ সকীয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - Protest Against Smart Meter

তেওঁ লগতে কয়, "বিদ্যুৎ আইন ২০০৩ৰ ৫৬ নং ধাৰা অনুসৰি কোনো গ্ৰাহকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ হ'লে অতি কমেও ১৫ দিনৰ আগত গ্ৰাহকগৰাকীক জাননী জাৰি কৰিব লাগিব । কিন্তু ক্ষমতাই মূৰত ধৰা বিজেপি চৰকাৰৰ নিৰ্দেশত এ পি ডি চি এলে স্মার্ট মিটাৰ সংস্থাপন কৰি প্রি-পেইড মুডৰ জৰিয়তে ৰিচাৰ্জ শেষ হোৱাৰ লগে লগে গ্ৰাহকৰ সংযোগ বিচ্ছিন্ন কৰি দিছে । কেৱল আৰু কেৱল কৰ্পৰেটৰ স্বাৰ্থত বিদ্যুৎ সেৱাক বজাৰৰ পণ্য হিচাপে গণ্য কৰি স্মাৰ্ট মিটাৰ ক্ৰয়ৰ এখনি মুকলি বজাৰৰ জৰিয়তে কমিচনৰ অংকত এতিয়া সাধাৰণ মানুহক জীয়াই থাকিব নোৱৰা অৱস্থা এটা সৃষ্টি কৰিছে । ইতিমধ্যে অসমত সংস্থাপন কৰা ২৭ লাখ স্মার্ট মিটাৰ খুলি আনি পুৰণি ডিজিটেল মিটাৰ সংযোগ নকৰিলে অসম চৰকাৰৰ বিৰুদ্ধে পৰিকল্পিতভাৱে সংগঠিত ৰূপত বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ'ব । অসমবাসীৰ যুক্তিপূর্ণ, ন্যায়সংগত আন্দোলনক উপলুঙা কৰি দেৱালীৰ নামত আয়োজন কৰা ৰাজকীয় অনুষ্ঠান ৰাইজৰ ৰোষত পৰাৰ আগতেই বাতিল কৰাৰ কাৰণে এ পি ডি চি এল, শক্তি বিভাগ আৰু অসম চৰকাৰক আমি সকীয়াই দিছো ।"