ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী - Congress stages protest

Congress stages protest against BJP govt: বিজেপি চৰকাৰখনত চৰিত্ৰহীন চৰকাৰ ৷ চৰকাৰখনে বিৰোধী কংগ্ৰেছ দলৰ বিৰুদ্ধে ইডি, চিবিআইক ব্যৱহাৰ কৰা গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা তথা ধ্বংস দিশে আগুৱাই নিয়াৰ অভিযোগ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ ৷ লগতে বিজেপি চৰকাৰে সদায় কংগ্ৰেছৰ টকা লক্ষ্য কৰি অহাৰো অভিযোগ কৰে কোকৰাঝাৰ জিলা কংগ্ৰেছে ৷

Congress stages protest against BJP Govt
বিজেপিৰ বিৰুদ্ধে কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 9:08 PM IST

2 Min Read
Choose ETV Bharat
বিজেপিৰ বিৰুদ্ধে কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

কোকৰাঝাৰ, 30 মাৰ্চ:- দেশৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ উঠিছে কংগ্ৰেছ দল ৷ শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰত বিজেপিৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা কংগ্ৰেছ দলে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কোকৰাঝাৰ চহৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰণেন্দ্ৰ ভৱনৰ প্ৰৱেশদ্বাৰত বিয়লি প্ৰায় এক বজাৰ পৰা এই প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কোকৰাঝাৰ জিলা কংগ্ৰেছৰ উদ্যোগত ৰূপায়িত হোৱা এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অন্যতম সাধাৰণ সম্পাদক তথা কোকৰাঝাৰ লোকসভা সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰী আৰু কংগ্ৰেছ জ্যেষ্ঠ মুখপাত্ৰ অশ্বিনী মহন্তই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ ভূমিকাক অসন্তুষ্ট ব্যক্ত কৰি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

তেওঁলোকে বিজেপি চৰকাৰখনত চৰিত্ৰহীন চৰকাৰ বুলি উল্লেখ কৰি চৰকাৰখনে বিৰোধী কংগ্ৰেছ দলৰ বিৰুদ্ধে ইডি, চিবিআইক ব্যৱহাৰ কৰা গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা তথা ধ্বংসৰ দিশে আগুৱাই নিয়াৰ অভিযোগ কৰে ৷ বিজেপি চৰকাৰে সদায় কংগ্ৰেছৰ টকা লক্ষ্য কৰি লোৱাৰো অভিযোগ কৰে কোকৰাঝাৰ লোকসভা সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে ৷

শেহতীয়াকৈ আই টি আৰু আয়কৰ বিভাগে কংগ্ৰেছ দলৰ পৰা 135 কোটি টকা জৰিমনা বিহাৰ পাচত এইবাৰ আই টি বিভাগে পুনৰ 1823 কোটি টকা জৰিমনা বিহে ৷ ইফালে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰা মাতে, বিজেপি দলে নিৰ্বাচনী বণ্ডৰ পৰা লাভ কৰা 9000 কোটি টকা অবৈধ ৷

লগতে পঢ়ক: বড়োলেণ্ড অতিথিগৃহত বিজেপি-অগপ-ইউপিপিএলৰ যৌথ বৈঠক - Lok Sabha Election 2024