মাজুলীৰ ক'ত, কেনেকৈ তৈয়াৰ কৰা হয় মুখা ?
দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু চামগুৰি সত্ৰৰ মুখাশিল্প । মাজুলীৰ এই মুখাশিল্পৰ বিষয়ে জানো আহক ।

Published : March 23, 2025 at 11:25 AM IST
মাজুলী: মাজুলীৰ গৌৰৱ মুখাশিল্প । এই মুখাশিল্পৰ কথা মনলৈ অহাৰ লগে লগেই সত্ৰ নগৰী মাজুলীৰ চামগুৰি সত্ৰৰ কথাই পোন প্ৰথমে মানুহৰ চকুলৈ ভাঁহি আহে । মাজুলীৰ চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখাশিল্পই আকৰ্ষণ কৰে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকক ।
এখন মুখা এটা ব্যৱহাৰ কৰোতে কি কি উপাদানৰ প্ৰয়োজন হয়:
দেশী-বিদেশী হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষণ কৰা এই 'মুখা' তৈয়াৰ কৰাৰ আছে বহু পদ্ধতি । মাজুলীৰ চামগুৰি সত্ৰৰ এগৰাকী মুখাশিল্পীয়ে জনোৱা মতে এটা মুখা তৈয়াৰ কৰোতে প্ৰথম অৱস্থাত জাতি বাঁহৰ কাঠিৰে মুখাৰ অৱয়ব তৈয়াৰ কৰা হয় । দ্বিতীয় অৱস্থাত কটন কাপোৰৰ ওপৰত কুমাৰ মাটি সানি বাঁহৰ কাঠিৰে তৈয়াৰ কৰা মুখাৰ অৱয়বটোৰ ওপৰত লগোৱা হয় । তৃতীয় অৱস্থাত এই উপাদানসমূহ শুকুৱাৰ পাছত গৰুৰ গোৱৰে মুখা তৈয়াৰ কৰা হ’ব তাৰ ৰূপ দিয়া হয় ।
চতুৰ্থ অৱস্থাত মুখাৰ চেহেৰা তৈয়াৰ হোৱাৰ পাছত ৰ'দত শুকুৱাই ইয়াৰ ওপৰত পুনৰ কুমাৰ মাটি লগাই কাপোৰ মাৰি ৰ’দত শুকুৱা হয় । পঞ্চম অৱস্থাত ৰ'দত শুকুৱাৰ পাছত ৰং কৰা হয় আৰু মুখাখনে নিজৰ সম্পূৰ্ণ ৰূপ পায় ।
মুখা এটা তৈয়াৰ কৰোতে কিমান সময়ৰ প্ৰয়োজন:
মাজুলীৰ গৌৰৱ চামগুৰি সত্ৰৰ মুখাশিল্প । মুখা শিল্পী ধীৰেন গোস্বামীয়ে কয়,"এই মুখাৰ আছে কেইবাটাও ভাগ । মুখাৰ ভাগ অনুযায়ী মুখা তৈয়াৰ কৰাৰ সময় লয় । 'মুখা' তৈয়াৰ কৰোতে তিনি দিনৰ পৰা চাৰিদিন সময় লোৱাৰ বিপৰীতে বৰ মুখা তৈয়াৰ কৰোঁতে প্ৰায় দুমাহ সময় লয় । ইফালে লুতুকৰি মুখা তৈয়াৰ কৰিবলৈ ১৫ ৰপৰা ২০ দিন সময় লয় ।"

ইফালে চামগুৰি সত্ৰত নিৰ্মাণ হোৱা প্ৰায় এক লাখ মুখা এটা বছৰত বিক্ৰী হয় বুলি মুখাশিল্পীগৰাকীয়ে জানিবলৈ দিছে । এই বিক্ৰী হোৱা মুখাসমূহ মাজুলীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ নিয়া হয় ।
মুখাশিল্প শিকিবৰ বাবে যুৱ প্ৰজন্ম কিমান আগ্ৰহী:
মাজুলীৰ চামগুৰি সত্ৰৰ এইগৰাকী মুখাশিল্পীয়ে জনোৱা মতে আজিৰ তাৰিখত মুখাশিল্প শিকিবৰ বাবে যুৱ প্ৰজন্ম যথেষ্ট আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে যিটো মুখাশিল্পতোৰ প্ৰতি এটা ভাল খবৰ । আজিৰ তাৰিখত এটা বছৰত ৫০ ৰ অধিক ছাত্র-ছাত্ৰীয়ে মুখাশিল্প শিকিবৰ বাবে আগবাঢ়ি আহিছে । এই ছাত্ৰ-ছাত্ৰী সকল মাজুলীৰ নহয় আমাৰ দেশৰ লগতে দেশৰ বাহিৰৰ বিভিন্ন ঠাইৰ পৰা আহে বুলি জানিবলৈ দিছে ।

এই সকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম অৱস্থাৰ পৰা শিকি এটা মুখা তৈয়াৰ কৰোতে প্ৰায় দুমাহ সময়ৰ প্ৰয়োজন হয় বুলি কয় এইগৰাকী মুখাশিল্পীয়ে । ইফালে মুখা শিল্প শিকিবৰ বাবে মাজুলীৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ লগতে ইজৰাইল, অষ্ট্ৰেলিয়াকে আদি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ আহে বুলি মুখাশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে ।
শৰৎ কালৰ পৰা মুখাৰ চাহিদা অধিক হয়:
শৰৎ কাল অহাৰ লগে লগেই মুখাৰ চাহিদা বৃদ্ধি হয় । শৰৎ ঋতুত অনুষ্ঠিত হয় মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । এই ৰাসৰ সময়ৰ পৰাই মুখাৰ চাহিদা বৃদ্ধি পায় । এই মুখা মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ যায় প্ৰদৰ্শনৰ বাবে । ইফালে মাজুলীলৈ অহা বিদেশী পৰ্যটকসকলেও এই মুখা নিজৰ দেশলৈ লৈ যায় বুলি মন্তব্য কৰে মুখাশিল্পীগৰাকীয়ে ।
বাৰিষা সময়ত যিহেতু দেশৰ বাহিৰৰ লগতে আমাৰ দেশৰো পৰ্যটকসকল ফুৰিবলৈ নাহে সেই সময়চোৱাত কিছু পৰিমাণে মুখৰ চাহিদা হ্ৰাস পায় । ইফালে মাজুলীৰ গৌৰৱ এই মুখাশিল্প অকল ভাওনা ৰাস আদিতে ব্যৱহাৰ হয় এনে নহয় । বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা সভা, আলোচনা চক্ৰ আদিতো ব্যৱহাৰ হয় ।

