'কা'ৰ বিৰোধিতাৰে ক'লা পতাকা প্ৰদৰ্শন, প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই গোলাঘাটত কৃষক মুক্তিৰ নেতৃত্বত উত্তাল প্ৰতিবাদ ।

Published : September 13, 2025 at 8:33 PM IST
গোলাঘাট: প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ দিনাই 'কা' বাতিলৰ লগতে অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) নিৰ্দেশনা ২০২৫ৰ বিৰোধিতাৰে উত্তাল গোলাঘাট । কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে ক'লা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰধানমন্ত্ৰীৰ গোলাঘাট জিলাৰ নুমলীগড় ভ্ৰমণৰ প্ৰাকক্ষণত ২০২৪ চনৰ ৩১ ডিচেম্বৰ লৈকে বিদেশীক নাগৰিকত্ব দিয়া সিদ্ধান্তৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদৰ সময়ত জিলা আয়ুক্ত কাৰ্যালয়ৰ সমুখত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰু হতাহতি হয় । গোলাঘাট নগৰৰ মাজেৰে যোৱা প্ৰতিবাদী দলটোৱে হাতে হাতে ক'লা পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগানেৰে গোলাঘাটৰ আকাশ বতাহ কঁপাই তোলে ।
প্ৰতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয়,'কা' আইনৰ অধীনত অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ৰ জৰিয়তে নৰেন্দ্ৰ মোদী নেতৃত্বৰ কেন্দ্ৰীয় বিজেপি চৰকাৰে অসমক অতিৰিক্ত ৫৩ বছৰৰ বিদেশীৰ বোজা জাপি দি অসমৰ সম্পদ লুণ্ঠন কৰিবৰ বাবে নুমলীগড়লৈ আহিছে । সেইবাবেই আমি ক'লা পতাকা প্ৰদৰ্শন কৰি বিৰোধিতা কৰিছো আৰু ১৬ মে'ৰ পাছত অসমৰ পৰা বিদেশী খেদিম বুলি কোৱা নৰেন্দ্ৰ মোদীয়ে এতিয়া 'কা'ৰ জৰিয়তে অসমত বিদেশী সংস্থাপন কৰিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণত অসমৰ মানুহে মানি নলয় ।"

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদলৈ সমৰ্থন জনাই কয়, "যোৱা নিৰ্বাচনৰ সময়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি ঘোষণা কৰা নৰেন্দ্ৰ মোদীয়ে কিয় আজি পৰ্যন্ত জনজাতিকৰণৰ স্বীকৃতি প্ৰদান নকৰিলে ইয়াৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব ।" তেওঁ লগতে কাইলৈৰ প্ৰধানমন্ত্ৰীৰ নুমলীগড় ভ্ৰমণৰ সময়তো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অনান্য সংগঠনে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে ।

ইপিনে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈয়ে কয়,"দেশৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ মিছলীয়া আৰু প্ৰতাৰক প্ৰধানমন্ত্ৰীগৰাকী হৈছে নৰেন্দ্ৰ মোদী, যিয়ে ১৬ মে'ৰ পাছত অসমৰ পৰা বিদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব বুলি কৈছিল ; কিন্তু সেইগৰাকী নৰেন্দ্ৰ মোদীয়ে এতিয়া 'কা'ৰ জৰিয়তে অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচাৰিছে । "
এই প্ৰতিবাদী কাৰ্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা,সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ,অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদকে ধৰি বহুকেইটা সংগঠনে অংশগ্ৰহণ কৰে ।

