ETV Bharat / state

কৃষি পথাৰৰ কেনেল বন্ধ কৰাক লৈ কৃষক নেতাৰে খণ্ডযুদ্ধত লিপ্ত জলসিঞ্চন বিষয়া

বণিক গোষ্ঠীক উচ্ছেদ কৰি সাহস দেখুৱাওক । মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান কৃষক নেতাৰ । কৃষক নেতাৰে খণ্ডযুদ্ধত লিপ্ত জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰী ।

KMSS Leader on irrigation canal
কৃষক নেতাৰে খণ্ডযুদ্ধত লিপ্ত জলসিঞ্চন বিষয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2024 at 9:42 PM IST

|

Updated : December 30, 2024 at 10:11 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : নিজৰ বিভাগৰ বিৰুদ্ধে মন্তব্য কৰিলে সহ্য কৰিব নোৱাৰে নগাঁও জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে । নিজৰ বিভাগৰ বিৰুদ্ধে কেমেৰাৰ সন্মুখত মন্তব্য কৰা শুনিয়েই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল নগাঁও জলসিঞ্চন বিভাগৰ বিষয়া, কৰ্মচাৰী ।

ঘটনাটো সোমবাৰৰ । নগাঁও জিলাৰ কৃষ্ণঘাইটৰ পথাৰত জলসিঞ্চন বিভাগে পথাৰত পানী দিয়াৰ উদ্দেশ্যে নিৰ্মাণ কৰা জলসিঞ্চন কেনেল বিগত পাঁচ বছৰ ধৰি বন্ধ হৈ থকাৰ ফলত কৃষকে পানী লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জিতেন বৰাই ।

কৃষক নেতাৰে খণ্ডযুদ্ধত লিপ্ত জলসিঞ্চন বিষয়া (ETV Bharat Assam)

আনহাতে, জলসিঞ্চন বিভাগৰ কৃষি পথাৰৰ কেনেল বন্ধ কৰি বণিক গোষ্ঠীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰি উক্ত কেনেল মুকলি কৰি দিয়াৰ দাবীত স্মাৰক-পত্ৰ প্ৰদানৰ উদ্দেশ্যে সোমবাৰে জলসিঞ্চন বিভাগৰ নগাঁও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জিতেন বৰা । বিভাগীয় বিষয়াক স্মাৰক-পত্ৰ প্ৰদান কৰি কাৰ্যালয় চৌহদতেই সংবাদ মাধ্যমৰ সন্মুখত জলসিঞ্চন বিভাগটোৰ বিৰুদ্ধে অকৰ্মণ্যতাৰ অভিযোগ উত্থাপন কৰে কৃষক নেতাগৰাকীয়ে । ইফালে এই মন্তব্য কৰি থকাৰ সময়তেই কৃষক নেতা জিতেন বৰাৰ বিৰুদ্ধে খড়্গহস্ত হৈ পৰে বিভাগটোৰ বিষয়া কৰ্মচাৰীসকল ।

বিশেষকৈ বিভাগীয় বিষয়াৰ বিৰুদ্ধে কৃষকৰ খবৰ ল'বলৈ আহৰি নোপোৱা বুলি মন্তব্য কৰা শুনিয়েই জাঙুৰ খাই উঠা কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকল বাহৰিলৈ ওলাই আহি কৃষক নেতা জিতেন বৰাৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় । যাৰ ফলত কাৰ্যালয় চৌহদত কিছু সময়ৰ বাবে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

আনহাতে, বিভাগীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা জিতেন বৰা । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক কৃষকবিৰোধী চৰকাৰ আখ্যা দি মুখ্যমন্ত্ৰীক কৃষক নেতা জিতেন বৰাৰ প্ৰত্যাহ্বান, “ সততে উচ্ছেদৰ পক্ষত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ কৃষ্ণাইঘাট বাইপাছৰ কাষত কৃষি পথাৰৰ কেনেল বন্ধ কৰি নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰি সাহস দেখুৱাওক ।”

লগতে পঢ়ক :এৰাতিৰ ভিতৰতে থান-বান এটি সুখৰ সংসাৰ; প্ৰকৃততে ভুল কাৰ ! - HUSBAND KILLED HIS WIFE
লগতে পঢ়ক :শান্তিৰ প্ৰতীক পাৰ চৰাই এটাও হ’ব পাৰে কাৰোবাৰ মৃত্যুৰ কাৰণ ! - BRUTAL MURDER
Last Updated : December 30, 2024 at 10:11 PM IST