ETV Bharat / state

মুখ্যমন্ত্রীক শান্তিত থাকিবলৈ দিয়া নহ'ব; উচ্ছেদিতৰ মাজত এজনো বাংলাদেশী আছে যদি চৰকাৰক দেখুৱাই দিয়াৰ চেলেঞ্জ

লখিমপুৰৰ তিনিটা স্থানত উচ্ছেদ কৰাসকলৰ ভিতৰত এজনো যদি বাংলাদেশী আছে চৰকাৰে দেখুৱাই দিয়ক। যদি নাই তেন্তে কিয় খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হ'ল ।

KMSS protest against eviction
উচ্ছেদিতক কাষত লৈ লখিমপুৰত কৃষক মুক্তিৰ হুংকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 3:59 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ : লখিমপুৰৰ উচ্ছেদিত পৰিয়ালৰ মাজত বাংলাদেশীক দেখুৱাই দিবলৈ চৰকাৰক দাবী কৃষক মুক্তি সংগ্রাম সমিতিৰ । একাংশ উচ্ছেদিত লোকক লৈ শুকুৰবাৰে কৃষক মুক্তিৰ লখিমপুৰ জিলা সমিতিয়ে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

"লখিমপুৰৰ উচ্ছেদিতৰ মাজত এজনো বাংলাদেশী আছে যদি চৰকাৰে দেখুৱাই দিয়ক । ৪৮ ঘণ্টাৰ ভিতৰত ব্যৱস্থা নল'লে বন্ধ হ'ব লখিমপুৰ জিলা ।" প্ৰতিবাদস্থলীত চৰকাৰক এইদৰে সকীয়নি প্ৰদান কৃষক মুক্তিৰ ।

উচ্ছেদিতক কাষত লৈ লখিমপুৰত কৃষক মুক্তিৰ হুংকাৰ (ETV Bharat Assam)

"লখিমপুৰৰ তিনিটা স্থানত উচ্ছেদ কৰাসকলৰ ভিতৰত এজনো যদি বাংলাদেশী আছে চৰকাৰে দেখুৱাই দিয়ক । বহিষ্কাৰ কৰক বাংলাদেশীক । যদি নাই তেন্তে কিয় খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হ'ল । ৪৮ ঘণ্টাৰ সময় দিছোঁ । ইয়াৰ ভিতৰত উচ্ছেদিতসকলক সংস্থাপনৰ ব্যৱস্থা কৰক । নহ'লে বন্ধ হ'ব লখিমপুৰ জিলা ।" এই হুংকাৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আব্দুল মান্নানৰ ।

উল্লেখ্য যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শুকুৰবাৰে একাংশ উচ্ছেদিত লোকে লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত পুনৰ সংস্থাপনৰ দাবীত ধৰ্ণা দিয়ে । এই ধৰ্ণাত অংশগ্রহণ কৰি কৃষক মুক্তিৰ জিলা সভাপতি আব্দুল মান্নানে চৰকাৰক সকীয়নি দি কয়, "যুগ যুগ ধৰি বসবাস কৰি অহা লোকসকলক উচ্ছেদ কৰা হ'ল । মাথোঁ চাৰিদিনৰ সময় দি তেওঁলোক উচ্ছেদ কৰা হ'ল । উচ্ছেদৰ পাছত বাছি বাছি একাংশ হিন্দু লোকক ভূমিপট্টা দিয়া হৈছে । ইয়াৰ বিপৰীতে সংখ্যালঘু লোকসকলক দিয়া নাই । এনেদৰে নহ'ব । সকলো উচ্ছেদিতক ভূমিপট্টা দিব লাগিব ৷ নহ'লে ৪৮ ঘণ্টাৰ পাছত লখিমপুৰ জিলা বন্ধ কৰা হ'ব ।"

আনহাতে, লখিমপুৰৰ স্থানীয় বিধায়ক মানৱ ডেকাকো সকীয়নি দি তেওঁ কয়, "২০২৬ৰ নিৰ্বাচনৰ বাবে তেওঁ সাজু থাকক । আমি তেওঁক পৰাজিত কৰিবলৈ চেষ্টা কৰিম ।"

ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলাৰ যুটীয়া সম্পাদক ৰাজ্জাক আলীয়েও চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, "উচ্ছেদৰ পাছত লোকসকলৰ অৱস্থা কি হৈছে সেয়া চাবলৈ চৰকাৰ বা প্ৰশাসনৰ আহৰি নাই । একাংশক ভূমিপট্টা দি আন একাংশক বঞ্চিত কৰিছে । সকলোকে ভূমিপট্টা দিব লাগিব । নহ'লে মুখ্যমন্ত্রীক শান্তিত থাকিবলৈ দিয়া নহ'ব । চৰকাৰখনে যিধৰণে বুলড'জাৰ চলাইছে, ২০২৬ত সেয়া বিজেপিৰ বিৰুদ্ধে চলিব । এনে অমানৱীয় উচ্ছেদ বন্ধ কৰক । অন্ন, বস্ত্ৰ, বাসস্থানৰ পৰা জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে ৷"

এইদৰে ক্ষোভ প্ৰকাশ কৰি তেওঁ বিধায়ক মানৱ ডেকাকো ২০২৬ত ইয়াৰ প্ৰত্যুত্তৰ পাবলৈ সাজু থাকিবলৈ হুংকাৰ দিয়ে ।

উল্লেখ্য যে ধৰ্ণাৰ অন্তত প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে উচ্ছেদিত পৰিয়ালৰ সংস্থাপন, ভূমিপট্টা প্ৰদান আদি দাবীৰে মুখ্যমন্ত্রীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :মুখ্য সচিব-ধুবুৰীৰ আয়ুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ উচ্চ ন্যায়ালয়লৈ চিঠি ৰকিবুল হুছেইনৰ - MP ROKIBUL HUSSAIN
লগতে পঢ়ক :এ বি এমছু নালাগে কোনেও সংখ্যালঘু কৰিব নোৱাৰে অসমীয়া ভাষাক: সকীয়াই দিলে সাহিত্য সভাই - BASANTA KUMAR GOSWAMI