ETV Bharat / state

বাজেটক হিতাধিকাৰীমুখী বাজেট আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

KMSS Reacted on Budget 2024 : অসম চৰকাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটক লৈ তীব্ৰ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ । এই বাজেটক এখন হিতাধিকাৰীমুখী বাজেট আখ্যা কৃষক নেতাজনৰ ।

হিতাধিকাৰীমুখী বাজেট আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
হিতাধিকাৰীমুখী বাজেট আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 10:38 PM IST

3 Min Read
Choose ETV Bharat
বাজেট সন্দৰ্ভত কৃষক মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া

গোলাঘাট, ১২ ফেব্ৰুৱাৰী : সোমবাৰে বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট । বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ ইতিমধ্যে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শাসকীয় পক্ষই এই বাজেটক জনমুখী বাজেট আখ্যা দিয়াৰ বিপৰীতে বিৰোধীয়ে এক অন্তঃসাৰশূন্য বাজেট হিচাপে অভিহিত কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, বাজেটক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই । নেতাগৰাকীয়ে কয় যে বাজেট হৈছে সৰ্বসাধাৰণ জনতাৰ আশা-আকাংক্ষা আৰু প্ৰাপ্তিৰ প্ৰতিফলন ঘটাব পৰা এখন দলিল । সাধাৰণ জনতাই বছৰটোৰ বাবে আশাৰে বাজেটলৈ অপেক্ষা কৰি থাকে । ঠিক তেনেদৰে এখন চৰকাৰৰ কাম-কাজ, পৰিকল্পনা আটাইবিলাক কথা বাজেটত সন্নিবিষ্ট হৈ থাকে । কিন্তু সোমবাৰে সদনৰ মজিয়াত দাখিল কৰা বাজেটখন কেৱল হিতাধিকাৰীমুখী এখন বাজেট, য'ত কোনোধৰণৰ নতুনত্ব নাই বুলি মন্তব্য কৰে কৃষক নেতাজনে ।

ইয়াৰ উপৰি কৰ্মসংস্থাপনৰ বিষয়ে বাজেটত একো নাই বুলি তেওঁ অভিযোগ কৰে । বৰ্তমান ৰাজ্যখনত ১৮ লাখৰো অধিক পঞ্জীয়নভুক্ত নিবনুৱা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকৰ বাবে এই বাজেটত কোনো ধৰণৰ স্থান নাই । অসম চৰকাৰে বাৰে বাৰে ১ লাখ নিযুক্তি দিয়াৰ কথা কৈ আহিছে যদিও প্ৰতিবছৰে ২ নিযুক্তি দিয়াৰ কথা কোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে বিগত তিনি বছৰত মাত্ৰ ৯৪ হাজাৰ ৬০৬ গৰাকী নিবনুৱা যুৱক-যুৱতীকহে নিযুক্তি দিছে ।

লগতে এই নিযুক্তি কেৱল অৱসৰ গ্ৰহণৰ পিছত খালী হোৱা পদ পূৰণৰ বিপৰীতে কোনো ধৰণৰ নতুন নিযুক্তি দিয়া নাই বুলি তেওঁ মন্তব্য কৰে । ইয়াৰ উপৰি বিগত চৰকাৰে নিযুক্তি দিয়া অংগনবাড়ী কৰ্মী, আশাকৰ্মী, ১০৪ এম্বুলেন্স সেৱাৰ কৰ্মী, ১০৮ এম্বুলেন্স সেৱাৰ কৰ্মী, স্বাস্থ্যকৰ্মী আদিয়ে নিজৰ প্ৰাপ্য বিচাৰি বৰ্তমান আন্দোলন কৰিবলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰি কয় যে বাজেটত কিন্তু এইসকল কৰ্মচাৰীৰ বাবে কোনো ধৰণৰ স্থান নাই ।

অৰুণোদয় আঁচনিৰ জৰিয়তে নতুনকৈ ২.৫০ লাখ হিতাধিকাৰী সৃষ্টি কৰাৰ কথা উল্লেখ কৰি কয় যে এই আচঁনিৰ জৰিয়তে মুঠ হিতাধিকাৰী প্ৰায় ৩০ লাখ সৃষ্টি কৰিছে । লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যামিতা আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক ১০ হাজাৰ অনুদান আগবঢ়োৱাৰ বাবে লোৱা সিদ্ধান্তৰ পৰাই বুজিব পাৰি যে বৰ্তমান চৰকাৰৰ লক্ষ্য কেৱল হিতাধিকাৰী সৃষ্টি কৰা বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :অসম বাজেট ২০২৪-২৫ : কেৱল হিতাধিকাৰী সৃষ্টি কৰা বাজেট; অখিল গগৈৰ প্ৰতিক্ৰিয়া