ETV Bharat / state

একাংশ জাতীয় সংগঠন Pay and Use Toilet ৰ দৰে; কাক লৈ এই মন্তব্য কৃষক মুক্তিৰ - KMSS GS BIDYUT SAIKIA

পইচা দিয়ক আৰু ব্যৱহাৰ কৰক..., একাংশ জাতীয় সংগঠনক শৌচালয়ৰ সৈতে ৰিজালে কিয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকে ?

KMSS General Secretary Bidyut Saikia severely criticizes a section of the national organization
'পে’ এণ্ড ইউজ টইলেট' আখ্যা কৃষক মুক্তিৰ বিদ্যুৎ শইকীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 11:14 PM IST

3 Min Read

গুৱাহাটী: “পইচা দিয়ক আৰু ব্যৱহাৰ কৰক... একাংশ জাতীয় সংগঠন পে’ এণ্ড ইউজ টইলেটৰ দৰে ৷”-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ বিস্ফোৰক সমালোচনা একাংশ জাতীয় দল-সংগঠনৰ । অসমৰ একাংশ জাতীয় সংগঠনৰ ভূমিকাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ অসমৰ একাংশ জাতীয় সংগঠনে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ তুলি সমালোচনাত মুখৰ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকী ।

শইকীয়াই অভিযোগ উত্থাপন কৰি কয়,“অসমীয়া জাতীয় জীৱনৰ বাবে অত্যন্ত লজ্জাজনক ভূমিকাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ একাংশ জাতীয় নেতা আৰু সংগঠন ।” জাতীয় জীৱনৰ প্ৰতি নিজৰ দায়িত্ব পালন নকৰি বেলেগৰ দ্বাৰা ব্যবহৃত হৈ অহা সংগঠন সমূহক লৈ বিদ্যুৎ শইকীয়াই কয়,"ৰাজহুৱা শৌচাগাৰবোৰত যে লিখা থাকে... Pay and Use... পইচা দিয়ক আৰু ব্যৱহাৰ কৰক... সেই পৰ্যায়ত যদি জাতীয় সংগ্ৰামৰ নামত আন্দোলনৰ নেতৃত্ব লোৱা ব্যক্তিসকলক বা জাতীয় সংগঠনক ৰাজনীতি মানুহে ভাবিবলৈ লয় সেইটো আচলতে অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা । শেহতীয়াকৈ দুলীয়াজানৰ প্ৰতিবাদে কোনো ফল নধৰিলে । ঠিক তেনেদৰে কাৰোবাৰ শ্ৰুতলিপি মতে যোৰহাটত বিদেশী খেদাৰ আহ্বানত যিকোনো মানুহেই ৰহস্যৰ গোন্ধ পাব ।”

'পে’ এণ্ড ইউজ টইলেট' আখ্যা কৃষক মুক্তিৰ বিদ্যুৎ শইকীয়াৰ (ETV Bharat Assam)

এইদৰে যোৰহাটৰ প্ৰসংগ টানি আনি শৃংখল চলিহাকেই ইংগিত দিলে নেকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ? কাৰণ শেহতীয়াকৈ দুলীয়াজানত প্ৰতিবাদ কৰা আৰু যোৰহাটত বাংলাদেশী বিদেশী খেদাৰ হুংকাৰেৰে শৃংখল চলিহাই লৈছিল বিশেষ কাৰ্যসূচী । লগতে তেওঁ কয় যে বিদেশী সমস্যাৰ বাস্তৱ সন্মত সমাধান বিচাৰি অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ ত অটল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

এই প্ৰসংগত তেওঁ কয়,“অবৈধ বাংলাদেশী বিতাৰণৰ দাবীত অসমত শেহতীয়া কা আন্দোলনত সন্মুখৰ পৰা সবল নেতৃত্ব প্ৰদান কৰি প্ৰত্যক্ষ ৰোষত পৰি কেইবাজনো নেতাই দীঘলীয়া সময়ৰ কাৰণে কাৰাবাস খটাৰ লগতে আটাইতকৈ বেছি সাংগঠনিক ক্ষতিসাধন হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । বিদেশী বহিস্কাৰৰ দাবীত চৰকাৰৰ লগত সম্মুখ সমৰত লিপ্ত হৈ ৰাজপথৰ পৰা গ্ৰেপ্তাৰ হৈছিল কৃষক মুক্তিৰ নেতা । সেই অভিজ্ঞতাৰে পুষ্ট হৈ বিদেশী সমস্যাৰ বাস্তৱ সন্মত সমাধান বিচাৰি অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ পাছত অহা প্ৰতিগৰাকী বিদেশী লোককে অসমৰ পৰা বহিষ্কাৰ কৰাৰ দাবীত আমাৰ স্থিতি অটল ।”

একাংশ জাতীয় দল-সংগঠনক লক্ষ্য কৰি লগতে বিদ্যুৎ শইকীয়াৰ মন্তব্য,"কেৱল এক ৰহস্যজনক পৰিস্থিতিত বিদেশী সমস্যাৰ দৰে অসমৰ জাতীয় সমস্যা এটাত ৰাইজৰ মাজত কেৱল আবেগ সৃষ্টি কৰি পাছ মুহূৰ্তত নীৰৱ হৈ পৰাৰ দৰে কাণ্ড যদি বাৰে বাৰে একাংশ জাতীয় সংগঠনৰ নাম লৈ বিশেষ কিছু নেতাই সংঘটিত কৰি আহিছে । সেয়া জাতিটোৰ বাবে ক্ষতিকাৰক আৰু কোনো প্ৰকৃত জাতিপ্ৰেমী লোকে ইয়াক প্ৰশ্ৰয় দিয়া উচিত নহয় ৷”

এতিয়া লক্ষ্যণীয় হ’ব পোনপটীয়াকৈ কাৰো নাম নধৰাকৈ একাংশ জাতীয় দল-সংগঠনক কৃষক মুক্তিৰ সাধাৰণ সম্পাদকগৰাকীয়ে 'পে’ এণ্ড ইউজ টয়লেট’ আখ্যা দিয়াৰ পিছত ৰাজ্যৰ কোনো দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নে নকৰে ।

লগতে পঢ়ক: আৰু দুজনক মাতি জেৰা কৰিবলৈ এছ আই টিক কৈ থৈ আহিল ৰিপুণ বৰাই: কোন সেই দুজন - RIPUN BORA

ঐতিহাসিক পল্টন পুখুৰীৰ বিষয়ে জানেনে ? গোহাঞিবৰুৱাৰে কি সম্পৰ্ক এই পুখুৰীৰ ? - HISTORIC PALTAN POND

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.