ফাদিল হৈছে দুৰ্নীতিৰ বিস্ফোৰক তথ্য; অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে বিধায়কে !
কিয় অমৃত সৰোবৰ পুখুৰী খান্দিছিল বেদখলকাৰীৰ মাটিত ? প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

Published : August 5, 2025 at 1:32 PM IST
|Updated : August 5, 2025 at 1:55 PM IST
সৰুপথাৰ : গেলাবিলৰ ঘটনাই লৈছে নতুন মোৰ । তিনি শ্ৰেষ্ঠৰ এক শ্ৰেষ্ঠ আৰক্ষীৰ জিম্মাত আছে যদিও আন দুই শ্ৰেষ্ঠক লৈ উত্তাল হৈ আছে গেলাবিল । ৰাইজৰ লগতে দল-সংগঠনৰ অভিযোগ আৰু প্ৰতিঅভিযোগে ক্ৰমাৎ ছবিখন স্পষ্ট কৰি তুলিবলৈ ধৰিছে । সাংবাদিকক বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গতিয়াই দিয়াৰ অভিযোগ উত্থাপনৰ পিচতেই বিষয়টোৱে গতি কৰিছে অন্য়ফালে ।
ফাদিল হৈছে বহু দুৰ্নীতিৰ বিস্ফোৰক তথ্য । কেঁচু খান্দোতে ওলাইছে সাপ । ৰাজু শ্ৰেষ্ঠৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ । ইপিনে, ৰাজু শ্ৰেষ্ঠক বিধায়কৰ লগতে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে । ইপিনে, ৰাজু শ্ৰেষ্ঠই বহুতো দুৰ্নীতিত লিপ্ত থকাৰো অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ।
সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাটত অমৃত সৰোবৰ খন্দাৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ফাদিল কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "মানৱ সমাজক লজ্জানত কৰি তালিবানী কায়দাৰে দুগৰাকীকৈ কিশোৰক যিধৰণে সৰুপথাৰত আক্ৰমণ কৰিলে এই কাণ্ডক সমগ্ৰ অসমেই গৰিহণা দিয়াৰ পিছতো দুজন অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱৰাটো অসম আৰক্ষীৰ কাৰণে চূড়ান্ত ব্যৰ্থতা ।"

ৰাজু শ্ৰেষ্ঠ বিজেপিৰ নেতা:
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ কয়, "সকলোৱে জানে মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠ বিজেপিৰ নেতা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে মুকলিকৈ তেওঁক ৰক্ষণাবেক্ষণ দিছিল । ৰাইজৰ বিপুল দাবীত ৰাজু শ্ৰেষ্ঠই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল । এতিয়া আৰক্ষী নিৰৱ । কেৱল মাত্ৰ ৰাজু শ্ৰেষ্ঠই আত্মসমৰ্পণ কৰাৰ পিছত তেওঁক জিম্মাত লৈ দায়িত্ব সামৰিব বিচাৰিছে । দেখা গৈছে যে সৰু সৰু ব্যক্তি যি মূল অভিযুক্ত নহয় তেনে লোকক গ্ৰেপ্তাৰ কৰি বাঃ বাঃ ল'ব বিচাৰিছে । ৰাজু শ্ৰেষ্ঠৰ ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ যিগৰাকী শৰীৰ চৰ্চা নিৰ্দেশক শিক্ষক, বিজেপিৰ লগতো জড়িত । আনজন হৈছে শশাংক শ্ৰেষ্ঠ । দুয়োজনক বচোৱাৰ চেষ্টা কৰিছে ।

ৰাজু শ্ৰেষ্ঠ কেনেকৈ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ ?
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে পুনৰ কয়, "ৰাজু শ্ৰেষ্ঠ কেনেকৈ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ এটা প্ৰমাণ দিম । কিছু দিনৰ আগতে সৰুপথাৰত অমৃত সৰোবৰ পুখুৰী খান্দিবৰ কাৰণে উৰিয়ামঘাটৰ খেৰবাৰীকে ধৰি যিবিলাক ঠাই উচ্ছেদ কৰা হৈছে শেহতীয়াকৈ সেই ঠাইত অমৃত সৰোবৰৰ নামত সাংঘাটিক ধৰণে পাথৰ খান্দি, ব'ল্ডাৰ খান্দি শিলৰ ছিণ্ডিকেট চলাইছিল ৰাজু শ্ৰেষ্ঠই । এই সমগ্ৰ ঘটনা সৰুপথাৰৰ বিধায়কগৰাকীয়ে জানে ।" ইয়াৰ লগতে অমৃত সৰোবৰৰ বহু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তথ্যসহ ফাদিল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্য়ুৎ শইকীয়াই ।
অপৰাধীক বচাবলৈ সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ :
তেওঁ পুনৰ কয়, "দেওবাৰে বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিগন্ত শইকীয়াই সাংবাদিককো আক্ৰমণ কৰিছে ৰাজু শ্ৰেষ্ঠক ৰক্ষণাবেক্ষণ দিবলৈ যাওতে । তাৰ পিছতেই বৰপথাৰ, সৰুপথাৰ, গোলাঘাট আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা নোহোৱা হৈছে । গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ লগতে সৰুপথাৰৰ বিধায়কে ৰঞ্জিত শ্ৰেষ্ঠক ৰক্ষণাবেক্ষণ দিয়াৰ পোনপটীয়া অভিযোগ উঠিছে । তেওঁৰ লগত ঘনিষ্ঠ । অভিযোগৰ আঙুলি এতিয়া জিলা আৰক্ষী অধীক্ষকৰ ওপৰতো উঠিছে ।"
মুখ্যমন্ত্ৰীয়ে পোনপটীয়া হস্তক্ষেপ কৰাৰ দাবী :
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া হস্তক্ষেপৰ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "স্পষ্ট কথা গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই ঘটনাত পোনপটীয়া হস্তক্ষেপ কৰক । আমি দেখিছিলো ডাইনী হত্যা, সোপাধৰা ইত্যাদিৰ লগতে অন্ধবিশ্বাসৰ কবলৰ পৰা অসমীয়া মানুহ কিছু আঁতৰি আহিছিল । এনে সময়তেই গোলাঘাটৰ সৰুপথাৰৰ নিচিনা ঠাইত এই ধৰণৰ জঘন্য কাণ্ড, যি কাণ্ড যদি আমি পুলিয়ে পোখালিয়ে উভালিব নোৱাৰো তেতিয়া পুনৰ এনে অৰাজকতাৰ দিশলৈ যাব । গতিকে শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক পোনপটীয়া হস্তক্ষেপৰ দাবী জনাইছো ।"

মৃত্যুৰ সৈতে যুঁজিছে ভুক্তভোগী :
ভুক্তভোগীয়ে মৃত্যুৰ সৈতে যুঁজিছে বুলি উল্লেখ কৰি বিদ্যুৎ শইকীয়াই কয়, "দুজন ভুক্তভোগীৰ এজনে যোৰহাটত এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে সংকটজনক অৱস্থাত । তেওঁক দেওবাৰে নিশা মেডিকেলত ভৰ্তি কৰোৱা হৈছে । কাৰণ তেওঁ শ্বাস-প্ৰশ্বাসত কষ্ট পাইছে । আমাৰ প্ৰশ্ন এই দুই কিশোৰৰ চিকিৎসাৰ দায়িত্ব কোনে ল'ব, এই বিষয়টো এতিয়ালৈকে স্পষ্ট হোৱা নাই ।"

