ETV Bharat / state

মমতা বেনাৰ্জীক বহিৰাগত আখ্যা কেএলঅ’ প্ৰধান জীৱন সিংহৰ

KLO Chief Jibon Singha: দীৰ্ঘ বিৰতিৰ মূৰত জীৱন সিংহৰ ৰাজহুৱা বাৰ্তা ।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰৱ কেএলঅ’ প্ৰধানগৰাকী ৷ মমতা বেনাৰ্জীক কামতাপুৰী ৰাজ্যৰ বাহিৰৰ মানুহ আখ্যা দিয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৷

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 7:50 PM IST

KLO Chief Jibon Singha
কেএলঅ’ প্ৰধান জীৱন সিংহ
কেএলঅ’ প্ৰধান জীৱন সিংহৰ ভিডিঅ’ বাৰ্তা

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী : বহুদিনৰ মূৰত ৰাজহুৱা বাৰ্তা কে এল অ’ৰ সেনাধ্যক্ষ জীৱন সিংহৰ । ম্যানমাৰৰ জংঘলৰ পৰা শান্তিচুক্তি কৰিবলৈ অহাৰ পিচত প্ৰথমবাৰৰ বাবে ভিডিঅ’যোগে ৰাজহুৱা আত্মপ্ৰকাশ কৰিয়েই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কামতাপুৰী ৰাজ্যৰ বাহিৰৰ মানুহ আখ্যা দি ভিডিঅ’টোত অঞ্চলটোত বাস কৰা বৈচিত্ৰময় জনগোষ্ঠীৰ মাজত ঐক্যৰ প্ৰয়োজনীয়তা উল্লেখ কৰি কামতাপুৰ ৰাজ্য পুনৰুদ্ধাৰৰ বাবে সংগ্ৰাম অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে জীৱন সিংহই ৷ পশ্চিমবংগৰ প্ৰশাসনে কে এল অ’ৰ সদস্যক গ্ৰেপ্তাৰ আৰু দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগে পশ্চিমবংগৰ কোচ অধ্যুষিত এলেকাত এতিয়া চেপা উত্তেজনাৰ সৃষ্টি কৰিছে ৷ জীৱন সিংই এই কাৰ্যক ভিডিঅ’যোগে গৰিহণা দিছে ৷

মনকৰিবলগীয়া যে শেহতীয়াকৈ তপস ৰায় আৰু কে এল অ’ৰ সচিব প্ৰধান কৈলাশ কোচকে ধৰি কে এল অ’ৰ একাংশ সদস্যক ৰাজ্যিক কৰ্তৃপক্ষই গ্ৰেপ্তাৰ কৰাৰ অভিযোগত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে । জীৱন সিংহই চৰকাৰৰ এনে কাৰ্যক সমালোচনা কৰিছে ভিডিঅ’ বাৰ্তাটোত ।

লগতে জীৱন সিংহই মাৰ্জাৰ চুক্তিৰ উল্লেখ কৰি কয় যে কোচবিহাৰক গ শ্ৰেণীৰ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল । এই স্বীকৃতিৰ পিচতো সিঙে কামতাপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ক্ষোভ প্ৰকাশ কৰি চৰকাৰখনে নিজৰ জনসাধাৰণৰ শোষণ, অপমান আৰু বঞ্চনাৰ অভিযোগ উত্থাপন কৰে ।

সংবাদ মাধ্যমলৈ KLO ই প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাটোত আজি চিলাৰায় দিৱসৰ ওলগ জনাই কয় যে KLO প্ৰধান জীৱন সিংহই স্বাধীন ভাৰতবৰ্ষত কোচবিহাৰ ৰাজ্য আজি পৰাধীন । কামতাপুৰবাসী আজিও শোষিত, লাঞ্চিত, বঞ্চিত বুলি আক্ষেপ জীৱন সিংহৰ ৷

সমুখত লোকসভা নিৰ্বাচন ৷ তাৰ পূৰ্বে কেএলঅ’ নেতা জীৱন সিংহই পশ্চিমবংগৰ মু্খ্যমন্ত্ৰী মমতা বেনাৰ্জীক বহিৰাগত আখ্যাৰে কৰা সমালোচনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: মৰিগাঁৱত চিলাৰায় দিৱস উদযাপন: কোচ ৰাজবংশীক শীঘ্ৰে জনজাতিকৰণৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.