ETV Bharat / state

সঁচাই 'ভগৱান' আছিল জুবিন গাৰ্গ; কিমানক যে দিলে নতুন জীৱন !

জুবিন গাৰ্গৰ মহানুভৱতাৰ বহু উদাহৰণ আছে । এগৰাকী নিৰ্যাতিতা কিশোৰীক কেনেকৈ নতুন জীৱন দিছিল মহান শিল্পীগৰাকীয়ে ?

kindness of Zubeen Garg
নিৰ্যাতিতা কিশোৰীক নতুন জীৱন দিছিল জুবিন গাৰ্গে (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 25, 2025 at 4:22 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : "তেওঁৰ বাবে মই পুনৰ জনম লাভ কৰিছিলোঁ । তেওঁ মোৰ জন্মদাতা পিতৃতকৈ ঊৰ্ধ্বত আছিল ।" এই মন্তব্য এগৰাকী নিপীড়িতাৰ । তেওঁ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কথা এনেদৰে আৱেগেৰ উল্লেখ কৰিছে ।

আচলতে অসমে আজি এগৰাকী শিল্পীক হেৰুওৱা নাই, এটা প্ৰতিষ্ঠানক হেৰুওৱা নাই, অসমৰ সম্পদক হেৰুওৱা নাই...হেৰুওৱাইছে 'ভগৱান'ক । এয়া আমাৰ কথা নহয় । সামাজিক মাধ্যমত আজি সকলোৱে প্ৰিয় শিল্পীগৰাকীক 'ভগৱান' জ্ঞান কৰিছে । শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ ৬ দিন অতিক্ৰম কৰাৰ পিছতো আজিও অশ্ৰুসিক্ত নয়নেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে অনুৰাগী তথা ৰাইজে । আনকি জীৱ-জন্তু তথা প্ৰকৃতিও উচুপিছে ! কাৰণ তেওঁ শিল্পী হিচাপে মানুহৰ যিমান আপোন আছিল তেওঁৰ ব্যক্তিত্ব আছিল তাৰো ঊৰ্ধ্বত ।

জুবিন গাৰ্গৰ মহানুভৱতা (ETV Bharat)

যিসকলে তেওঁক ব্যক্তিগতভাৱে লগ পাইছিল তেওঁলোকে আজি শিল্পীগৰাকীৰ মহানুভৱতাৰ কাহিনী বৰ্ণনা কৰিছে । আনকি ওচৰৰ পৰা এবাৰো নেদেখাজনেও তেওঁৰ মহানুভৱতাৰ প্ৰশংসা কৰিছে । তেনে এক মহানুভৱতাৰ পৰিচয় ২০১৪ চনতে দেখুৱাই থৈছিল জুবিন গাৰ্গে । যৌন নিৰ্যাতনৰ বলি হোৱা ১৫ বছৰীয়া এগৰাকী কিশোৰীক উদ্ধাৰ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গে পুনৰ জনম দিছিল ।

২০১৪ চনৰ এটা দিনত টংলাৰ পৰা জুবিন গাৰ্গে অনুষ্ঠান কৰি ঘূৰি অহাৰ সময়ত নিশা যৌন নিৰ্যাতনৰ বলি হোৱাৰ এগৰাকী কিশোৰীক উদ্ধাৰ কৰিছিল । আনকি সেই নিৰ্যাতিতা কিশোৰীগৰাকীক ন্যায় দিয়াৰ বাবে শেষ দিনলৈ যুঁজ দি গ'ল মহান শিল্পীগৰাকীয়ে । আৰ্থিকভাৱে দুৰ্বল এটি জনজাতীয় পৰিয়ালৰ কিশোৰীগৰাকী গুৱাহাটী মহানগৰীৰ চানমাৰিৰ এটা পৰিয়ালৰ বনকৰা ছোৱালী হিচাপে আছিলে । কিশোৰীগৰাকীয়ে ঘৰৰ মালিকৰ শাৰীৰিক আৰু যৌন নিৰ্যাতন সহ‌্য কৰিব নোৱাৰি নিশা ঘৰৰ পৰা পলাই আহিছিল । কিশোৰীগৰাকীক পথৰ পৰা টানি আজুৰি ঘৰলৈ পুনৰ উভতাই নিয়াৰ চেষ্টা কৰি থকা সময়তে জুবিন গাৰ্গ সেই স্থানত উপস্থিত হৈছিল । বাহনখন সেই স্থানত ৰখাই আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰি লগে লগে চানমাৰি থানালৈ লৈ যায় জুবিন গাৰ্গে । তাৰ পিছত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জুবিন গাৰ্গে ।

kindness of Zubeen Garg
জুবিন গাৰ্গৰ মহানুভৱতা (ETV Bharat)

ভুক্তভোগীগৰাকীয়ে ই টিভি ভাৰতৰ আগত কয়, "তেওঁ (জুবিন গাৰ্গ) মোক পুনৰ জীৱন দান কৰিছিল । মই তেওঁক পাপা বুলি মাতিছিলো । মই যেতিয়া তেওঁক জুবিন দা বুলি মাতিছিলো তেতিয়া তেওঁ মোক কৈছিল দাদা বুলি নহয় পাপা বুলি মাতিবি মোক । তই মোৰ ছোৱালী । তেওঁ মোৰ জন্মদাতা পিতৃতকৈও ঊৰ্ধ্বত আছিল ।"

তেওঁ লগতে কয়, "তেওঁৰ মৃত্যুৰ কথা মই মানি ল'ব পৰা নাই । মই আজি ঘৰ সংসাৰ পাতিব পাৰিছোঁ তেওঁৰ কাৰণেই । মই দুখীয়া ঘৰৰ ছোৱালী । মোৰ কোনো শিক্ষাও নাছিল । তেওঁৰ বাবে দশম শ্ৰেণীলৈ পঢ়িছিলোঁ । মোক তেওঁ উদ্ধাৰ কৰাৰ পিছত ২০১৯ চনত তেওঁক লগ পাইছিলোঁ । শিশুগৃহৰ পৰা ওলোৱাৰ পিছত তেওঁ মোক ঘৰলৈ লৈ গৈছিল যদিও মই নাথাকিলো । মই বিহু প্ৰগ্ৰামবোৰত যাম বুলি ক'লে মোক লগত লৈ গৈছিল । মোৰ ঘৰৰ ভাড়া আৰু যি প্ৰয়োজন হৈছিলে মোক সহায় কৰিছিল । ২০২৩ত বিবাহ সূত্ৰে গুৱাহাটীৰ পৰা গুচি আহিলোঁ । কিন্তু মোৰ দুবছৰীয়া সন্তান এটা আছে । সন্তানটো জন্ম হোৱাৰ সময়তো তেওঁ হাস্পতালৰ খৰচ বহন কৰিছিল । মই বৰ্তমান যিটো চিলাই মেচিনেৰে কাপোৰ চিলাই উপাৰ্জন কৰি আছো সেই মেচিনটো তেওঁ দিছিল । ২০ আগষ্টত শেষ বাৰৰ বাবে তেওঁৰ লগত কথা পাতিছিলোঁ ।"

এই সমগ্ৰ ঘটনাটোত উৎসাহ নামৰ এটা শিশু অধিকাৰ সংস্থাইও সেই সময়ত আইনী সহায় আগবঢ়াইছিল । উৎসাহৰ প্ৰতিষ্ঠাতা তথা শিশু অধিকাৰ কৰ্মী মিগুৱেল দাস কুৱাই কয়, "এক দশক পূৰ্বে গভীৰ নিশা ৰাজপথৰ পৰা এগৰাকী নিৰ্যাতিতা কিশোৰীক নিৰ্যাতনকাৰীৰ পৰা উদ্ধাৰ কৰিছিল জুবিন দাই । এটা পৰিয়ালৰ ঘৰত শিশুটি বন কৰা হিচাপে আছিল । কিন্তু শিশুটিক শাৰীৰিক তথা যৌন নিৰ্যাতন কৰা হৈছিল । এদিন ৰাতি তাই পলাই আহিছিল যদিও গৰাকীয়ে ৰাজপথৰ পৰা তাইক ওভতাই নিবলৈ চেষ্টা কৰিছিল । সেই সময়ত হঠাৎ এখন বাহন আহি ৰখিছিল আৰু সেই বাহনখনতে আছিল জুবিন দা । শিশুটিক উদ্ধাৰ কৰি চানমাৰিত গোচৰ দিয়ে । সেইদিনা জুবিন দা কিশোৰীগৰাকীক উদ্ধাৰ নকৰিলে হয়তো আজি তাই জীয়াই নাথাকিলে হয় ।"

kindness of Zubeen Garg
উচ্চ ন্যায়ালয়ৰ নথিত জুবিন গাৰ্গে কৰা স্বাক্ষৰ (ETV Bharat)

তেওঁ লগতে কয়, "সমগ্ৰ ঘটনাটোৰ আইনগত সহায়ৰ বাবে আমি জড়িত হৈছিলোঁ । তেতিয়াৰ পৰা জুবিন দা আৰু গৰিমাই সদায় গোচৰটোত মোক সহায় কৰিছিল । আৰু অৱশেষত আমি সেই গোচৰটোত জয়ী হৈছিলোঁ । কিন্তু গোচৰটোত অভিযুক্তজনে উচ্চ ন্যায়ালয়ত পুনৰ আবেদন কৰি জামিন লাভ কৰাত আমি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলোঁ । তেতিয়া আমাক জুবিন দাৰ স্বাক্ষৰ প্ৰয়োজন হৈছিল । সাধাৰণতে য'ত স্বাক্ষৰ কৰিব লাগে সেই স্থানত স্বাক্ষৰ নকৰাকৈ তেওঁ একেবাৰে নথিখনৰ ওপৰতে স্বাক্ষৰ কৰিছিল । আমি কথাটো লক্ষ্য কৰি তেওঁক কওঁতে তেওঁ কৈছিল -এ হ'ব দে । অবিশ্বাস্য কিন্তু সত্য যে উচিত স্থানত নথকা স্বত্বেও ন্যায়ালয়ে সেই স্বাক্ষৰ গ্ৰহণ কৰিছিল । গোচৰটো এতিয়াও চলি আছে আৰু আমি আশা কৰিছোঁ এই গোচৰটোত আমি জয়ী হ'ম । এই গোচৰটোত আমি জয়ী হ'লে জুবিন দাৰ জয় হ'ব ।"

সেয়ে হয়তো আজি সকলোৱে স্বীকাৰ কৰিছে যে জুবিন গাৰ্গ কেৱল গায়ক, সংগীতজ্ঞ‌, অভিনেতা হিচাপে পৰিচিত নহয় । তেওঁ আছিল মানৱ দৰদী । গীতৰ জৰিয়তে কোটি কোটি অনুৰাগীৰ হৃদয় জিনাৰ লগতে হাজাৰ হাজাৰ অসহায় লোককো সহায় কৰিছিল তেওঁ । কোনো লোকক যদি চিকিৎসাৰ বাবে সহায় কৰিছিল, আন কোনো লোকক পঢ়াশুনাৰ ক্ষেত্ৰত সহায় কৰিছিল । মুঠতে অসহায় লোকৰ বাবে সদায় প্ৰিয় শিল্পীগৰাকী আছিল ভগৱানৰ দৰে । এই কথা আজি প্ৰতিগৰাকী অসমীয়াই হৃদয়ংগম কৰিছে ।

লগতে পঢ়ক :গমেই নাপালো মোৰ ওচৰতেই ভগৱান আছিল, ভগৱানৰ আত্মা আছিল: গৰিমা গাৰ্গ