পৰম্পৰা ৰক্ষা কৰি সোণোৱাল কছাৰীৰ পৱিত্ৰ খ্ৰীং খ্ৰীং বাইথ' পূজা উদযাপন
খ্ৰীং খ্ৰীং বাইথ' পূজাৰ জৰিয়তে নিজৰ জনগোষ্ঠীৰ স্বকীয়তা জীয়াই ৰখাৰ চেষ্টা সোণোৱাল কছাৰীসকলৰ ৷

Published : March 10, 2025 at 9:53 AM IST
|Updated : March 10, 2025 at 10:37 AM IST
ডিব্ৰুগড় : অসমৰ এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী হ'ল সোণোৱাল কছাৰীসকল । নিজৰ স্বকীয় সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা বজাই ৰাখি জনগোষ্ঠীটোৱে আজিও বৰ অসম গঢ়াত অভূতপূৰ্ব অৱদান আগবঢ়াই আহিছে । অসমৰ ভূমিপুত্ৰ সোণোৱাল কছাৰী লোকসকলৰ আজি পৱিত্ৰ খ্ৰীং খ্ৰীং বাইথ' পূজা । চাৰিমুঠি জীৱৰ কল্যাণ কামনাৰে অতীজৰে পৰা অনুষ্ঠিত কৰি অহা এই খ্ৰীং খ্ৰীং বাইথ' পূজা মূলত আৰাধ্য দেৱতাক পূজা কৰা জনগোষ্ঠীটোৰ এক ধৰ্মীয় পূজা ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ বাইথ' মন্দিৰৰ প্ৰাংগনত দুদিনীয়া বা কিছু কিছু ঠাইত তিনিদিনীয়াকৈ কাৰ্যসূচীৰে খ্ৰীং খ্ৰীং বাইথ' পূজা উদযাপন কৰা হয় । সোণোৱাল কছাৰীসকলৰ সংস্কৃতি বৰ্ণময় । বাইথ’ পূজা সোণোৱাল কছাৰীসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ, য’ত নিহিত হৈ আছে আধ্যাত্মিক ভাব-ভক্তি, লোকবিশ্বাস, লোক-পৰম্পৰা ।
এই পূজা উপলক্ষে চ’ত মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে নিশা দেও নমোৱা হয়, সোমবাৰে ধৰ্মীয় ৰীতি-নীতিৰে পূজা পাঠ কৰা হয় আৰু মঙলবাৰে পুৱা হাইদাং গীত গাই বাইথ’ মন্দিৰত পূজা শেষ কৰা হয় । খ্ৰীং খ্ৰীং বাইথ’ দেৱতাৰ আৰ্শীবাদ বিচাৰি উৰণ, বুৰণ, গৰ্জন, ভ্ৰমণ এই চাৰিমুঠি জীৱৰ উদ্ধাৰ আৰু জাতিটোক কৃষ্টি, সংস্কৃতিৰে জীপাল কৰি তোলাৰ বাবে খ্ৰীং খ্ৰীং বাইথ' পূজা অতি উলহ-মালহৰে ৰাইজে অনুষ্ঠিত কৰি আহিছে ।

ক'ত, কেতিয়াৰে পৰা খ্ৰীং খ্ৰীং বাইথ' পূজা সোণোৱাল কছাৰীসকলে অনুষ্ঠিত কৰিলে :
এই পূজাৰ মূল উপাস্য দেৱতা বাইথ’ বা খিৰিং বা শিৱক পূজা-পাতলেৰে আৰাধনা কৰি তুষ্ট কৰিলে বছৰটোলৈ সমাজখনৰ কুশল-মঙ্গল হোৱাৰ লগতে, ৰোগ-ব্যাধি দূৰ হয় বুলি লোকবিশ্বাস চলি আহিছে । খ্ৰীং খ্ৰীং বাইথ' সম্পৰ্কত জানিবলৈ ইটিভি ভাৰতৰ সাংবাদিক উমাকান্ত বৰুৱা কাষ চাপিছিল জনগোষ্ঠীটোৰ এজন বিশিষ্ট ব্যক্তি, বাইথ' পূজাৰী খোৱাঙৰ আনন্দ বৰুৱাৰ । তেওঁ জানিবলৈ দিয়া অনুসৰি খ্ৰীং খ্ৰীং বাইথ' পূজা সোণোৱাল কছাৰীসকলে কেতিয়াৰে পৰা অনুষ্ঠিত কৰিছিল তাৰ কোনো ধৰণৰ লিখিত তথ্য আজি পৰ্যন্ত জানিব পৰা হোৱা নাই । তেওঁ জানিবলৈ দিয়া অনুসৰি প্ৰথম শদিয়াৰ দাঙৰি বৰপথাৰত থকা বাইথ' মন্দিৰত প্ৰথম বাইথ' পূজা অনুষ্ঠিত কৰা হৈছিল ।

কি কি নিয়ম পালন কৰি অনুষ্ঠিত কৰা হয় খ্ৰীং খ্ৰীং বাইথ' পূজা :
অতীজৰ পৰা সোণোৱাল কছাৰীসকলে বাইথ' মন্দিৰৰ লগতে ৰাজহুৱা স্থানত খ্ৰীং খ্ৰীং বাইথ' পূজা অনুষ্ঠিত কৰি আহিছিল । পূৰ্বে এই পূজাত কুকুৰা, গাহৰি বলি দিয়াৰ নিয়ম আছিল যদিও সময়ৰ লগে লগে কিছু পৰিৱৰ্তন হৈছে বুলি জানিবলৈ দিয়ে এইজন বিশিষ্ট ব্যক্তি, বাইথ' পূজাৰী খোৱাঙৰ আনন্দ বৰুৱাই ।
তেওঁ কয়, "দেওবাৰে দেও নমোৱা অনুষ্ঠিত হয় । সেইদিনাৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী গোটাই লৈ মূল বাইথ' মন্দিৰত আৰাধ্য দেৱতাক স্মৰণ কৰি পাণ-তামোলৰ টোপোলা দি আগমন কৰা হয় । ইয়াত পাণ-তামোলসমূহ ওলোটাকৈ দিয়া হয় । যিজন পূজাৰীয়ে এইসমূহ আগবঢ়াই দিয়ে তেওঁ তিতা গাৰে সম্পূৰ্ণ কৰে সকলো কাম । ইয়াত পৰম্পৰা অনুসৰি পাঁচটা তামোল-পাণৰ টোপোলা থাকে ।"

তেওঁ লগতে কয়, "সেইদিনা কেৱল এখন মাটিৰ চাকি জ্বলোৱা হয় বাইথ' মন্দিৰত । মূল পূজা অৰ্থাৎ সোমবাৰে বাইথ' মন্দিৰত নগছি চাকি জ্বলোৱাৰ পাছতে মন্দিৰৰ মূল দুৱাৰ খোলা হয় । তাৰ পাছতে ৰাইজে মন্দিৰত খ্ৰীং খ্ৰীং বাইথ' পূজাত সেৱা কৰিব পাৰে । এই পূজাত চাউলৰ পৰা প্ৰস্তুত কৰা ৰহী মদ শান্তিজল হিচাপে ব্যৱহাৰ কৰা হয় । মূল পূজাৰ দিনা ৰহী মদেৰে পূজাৰ সামগ্ৰী ধুৱাৰ লগতে ভক্তসকলক শান্তিপানী দিয়া হয় । সেইদৰে সোমবাৰে নিশাৰ ভিতৰত ঠাই ভেদে গাহৰি, কুকুৰা বলি আৰু পূজা নৈবেদ্য দি মঙলবাৰে পূজা ভাগত পূজাৰ সকলো কাম সমাপ্ত কৰা হয় । পূজাৰ সকলো কাম শেষ কৰা পাছতে সোণোৱাল কছাৰীসকলে একত্ৰিত হৈ হায়দাং গীত গাই আনন্দ কৰে ।"
লগতে পঢ়ক: পলাশ-মদাৰ-শিমলু-হালধি-নেমুৰে প্ৰাকৃতিক ফাকু

