ETV Bharat / state

অজন্তা নেওগৰ 'অসম বাজেট জনমুখী বাজেট'ত কি কি আছে ? - Assam Assembly budget session

Assam Budget 2024 : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ ৰাজ্যখনৰ সর্বাংগীণ আৰু সৰ্বস্তৰৰ জনতাৰ উন্নয়ন আৰু বিকাশৰ প্রয়াস ২০২৪-২৫ বৰ্ষৰ বাজেটত অব্যাহত থকা বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷

থোৰতে অজন্তা নেওগৰ 'অসম বাজেট জনমুখী বাজেট'

author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 7:52 PM IST

5 Min Read

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : সোমবাৰে অসম বিধানসভাৰ মজিয়াত বিত্ত মন্ত্রী হিচাপে চতুর্থখন বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ বাজেট দাখিল কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ সর্বাংগীণ আৰু সকলো স্তৰৰ জনতাৰ উন্নয়ন আৰু বিকাশৰ বাবে যি প্রয়াস চলাই আহিছে, ২০২৪-২৫ বৰ্ষৰ বাজেটত সেই প্রয়াসেই অব্যাহত আছে বুলি উল্লেখ কৰে বিত্ত মন্ত্ৰী নেওগে ৷

বাজেট অনুসৰি, ৰাজ্যিক জনমূৰি আয় ২০২২-২৩ বিত্তীয় বৰ্ষৰ ১ লাখ ২০ হাজাৰ ৩৩৬ টকাৰ বিপৰীতে ২০২৩-২৪ বর্ষত ১ লাখ ৩৫ হাজাৰ ৭৮৭ টকালৈ বৃদ্ধি পাব । বিগত ৫ বছৰত বহিঃসাহায্যপ্রাপ্ত প্ৰকল্পৰ অধীনত মূলধনী ব্যয়ৰ বাবে আহৰণ কৰা পুঁজি ৪৩৭% আৰু গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি ১৭৭% লৈ বৃদ্ধি কৰা হৈছে ।

কি কি উল্লেখনীয় বিষয় আছে এই বাজেটত ?

  • অসমত বর্তমান ৩৫, ৫৪০.৫৯ কোটি টকাৰ ১৭ টা প্ৰকল্পৰ কাম চলি আছে আৰু ২০,৬৩৮.৫৯ কোটি টকা ব্যয়সাপেক্ষে ৯ টা বহিঃসাহায্যপ্রাপ্ত প্ৰকল্পৰ কাম হাতত লোৱা হৈছে ।
  • যোৱা ৪ বছৰত মূলধনী বিনিয়োগ আঁচনিৰ বাবে ৰাজ্যসমূহলৈ আগবঢ়োৱা বিশেষ সাহায্য (SASCI) আৰু ভাৰত চৰকাৰৰ পৰা অসমে লাভ কৰা ৫০ বছৰৰ সুতবিহীন ঋণ ১০ গুণ বৃদ্ধি পাইছে । ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৮ ফেব্ৰুৱাৰীলৈ ইয়াৰ অধীনত অসমে মুঠ ১০,০০৬ কোটি টকা লাভ কৰিছে ।
  • এই বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত মুখ্যমন্ত্ৰী নিযুত মইনা, মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, অৰুণোদয়, অসম মাইক্র'ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনিকে ধৰি মূঠ ১৮ খন ধ্বজাবাহী আঁচনিৰ ৰূপায়ণ অব্যহত ৰখা হৈছে বুলি উল্লেখ অসম বাজেট ২০২৪-২৫-ত ৷
  • ওপৰত উল্লিখিত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিত ১০ লাখ ছাত্রীয়ে নামভর্তিত লাভ কৰিব বিত্তীয় অনুদান ৷ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ অধ্যয়নৰ বাবে দিব এই ধন ৷ একাদশ শ্রেণীত নামভর্তি কৰা ছাত্ৰীয়ে পাব ১০ হাজাৰ টকা ৷ স্নাতক প্রথম বৰ্ষৰ ছাত্ৰীয়ে নামভৰ্তিৰ বাবদ পাব ১২,৫০০ টকা ৷ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীয়ে নামভৰ্তিৰ বাবদ পাব ১৫ হাজাৰ টকা ৷ বাজেটত এই আঁচনিৰ বাবে ২৪০ কোটি টকা ধাৰ্য কৰা হৈছে ৷
  • মুখ্যমন্ত্রী আৱাস যোজনাৰ (গ্রামীণ) বাবে এইবাৰৰ বাজেটত ৬০০ কোটি টকা আৱণ্টন ।
  • অৰুণোদয় আঁচনিৰ পৰিসৰ বৃদ্ধিৰ লগতে ইয়াৰ ৰূপায়ণৰ বাবে এই বাজেটত ৩,৮০০ কোটি টকা ধাৰ্য কৰা হৈছে ।
  • চাহ বাগিচাৰ আৱাসীসকলৰ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ বাবদ ২০২৪-২৫ বৰ্ষৰ বাজেটত ১৫০ কোটি টকা ধাৰ্য কৰা হৈছে ।
  • অসম মাইক্র'ফাইনেন্সৰ উদ্গনি আৰু সকাহ আঁচনি : বর্গ-৷৷৷ ৰূপায়ণৰ বাবে বাজেটত ৫৫০ কোটি টকাৰ আবণ্টন দিয়া হৈছে ।
  • মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ১,০১০ কোটি টকাৰ আৱণ্টন ।
  • ২০২৪ বৰ্ষৰ জানুৱাৰী মাহলৈ ৯৪, ৫০৬ গৰাকী যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ উল্লেখ ৷
  • চলিত বছৰত 'অমৃত কাল'ৰ প্ৰত্যাশা পূৰণৰ বাবে 'অমৃত প্ৰজন্ম' প্রকল্প ।
  • অসম মালা ২.০-ৰ অধীনত ১০০০ কিলোমিটাৰ দৈর্ঘ্যৰ পথ সামৰি মার্চ মাহৰ পৰা ৩৫০০ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হ'ব । ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ই বৃহৎ ভূমিকা পালন কৰিব ।
  • অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে চলিত বর্ষত ৩ কোটি গছপুলি ৰোপণ কৰা হ'ব । ইয়াৰ বাবে বাজেটত ৪০ কোটি টকা আৱণ্টন দিয়া হৈছে ।
  • পূর্ণদৈৰ্ঘ্যৰ অসমীয়া চলচিত্রলৈ ১০ লাখ টকাকৈ অনুদানৰ প্ৰস্তাৱ ।
  • চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উন্নয়নৰ বাবে পৰৱৰ্তী তিনি বছৰত ১০০ কোটি টকা অনুদান ।
  • পুণ্য তীৰ্থ যোজনাৰ অধীনত ২৫ হাজাৰগৰাকী তীর্থযাত্ৰীক অযোধ্যাৰ ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰালৈ নিয়াৰ বাবে ২৫ কোটি টকাৰ আৱণ্টন ।
  • চলিত বর্ষত ১২৫০ কোটি টকা ব্যয়েৰে আৰু ৫ হাজাৰ আদৰ্শ অংগনবাড়ী কেন্দ্র নিৰ্মাণৰ জৰিয়তে ৰাজ্যত ১০ হাজাৰটা আদর্শ অংগনবাড়ী কেন্দ্র নির্মাণৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছে বুলি লগতে দাবী বিত্ত মন্ত্ৰীৰ ।
  • ক্রীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত যুৱ সংঘ গঠন আৰু সৰু-সুৰা মেৰামতিৰ বাবে ১৫ লাখকৈ টকা আৱণ্টন । লগতে যোৰহাট আৰু গুৱাহাটীৰ পিছত কোকৰাঝাৰত ২৮.৩০ কোটি টকা ব্যয়েৰে এটা নতুন উচ্চ কাৰ্যক্ষম ক্রীড়া কেন্দ্র স্থাপন ।
  • ২০২৪ চনৰ ডিচেম্বৰত এখন গোলকীয় বিনিয়োগ সন্মিলন আয়োজনৰ বাবে ২৫ কোটি টকা আবণ্টন ।
  • গুৱাহাটীত মুখ্যমন্ত্ৰী সংগ্ৰহালয়ৰ বাবে ৫ কোটি টকা আবণ্টন ।
  • অসম আৰক্ষীত স্থানীয় অগ্নিবীৰৰ বাবে ১০% পদ সংৰক্ষণ ৷
  • দুগ্ধ উৎপাদকসকললৈ ২৫ কোটিৰ ৰাজসাহায্য আগবঢ়োৱা হ'ব ।
  • কুকুৰা আৰু কণী উৎপাদকক উদ্গনি যোগাবলৈ ২৫ কোটি টকা ।
  • ক্ষুদ্র চাহ খেতিয়কৰ উৎকর্ষ সাধনৰ বাবে ১৫ কোটি টকা ।
  • 'আছাম চেণ্টাৰ ফৰ এক্সিলেন্স ফৰ আর্টিফিচিয়েল ইণ্টেলিজেন্স' স্থাপন ৷
  • চৰকাৰী চাকৰি নথকা পৰিয়ালৰ সদস্যৰ বাবে বিশেষ সুবিধা ৷ চৰকাৰী চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীয়ে লাভ কৰিব ৫%-কৈ অতিৰিক্ত নম্বৰ ৷ ৩৫,৯১০টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্রকাশ কৰা হৈছে বুলি উল্লেখ ৷
  • চাহ বাগিচা অঞ্চলত ২১৮ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ লক্ষ্যৰ কথা উল্লেখ অজন্তা নেওগৰ ।
  • নতুন ছবিগৃহলৈ ৫০ লাখ টকাকৈ অনুদান ৷ ইয়াৰ বাবে বাজেটত ধাৰ্য ২৫ কোটি টকা ৷
  • প্ৰতিটো বিধানসভা সমষ্টিলৈ ১৫ লাখ টকাকৈ আৱণ্টন ৷
  • কুকুৰা-কণী উৎপাদকক উদগনিৰ বাবে ২৫ কোটি টকা ৷
  • চ্যুকাফা সমন্বয় ক্ষেত্ৰৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ অনুদান ।
  • অসম আৰক্ষীত স্থানীয় অগ্নিবীৰৰ বাবে ১০% পদ সংৰক্ষণ আদিয়েই প্ৰধান ।

লগতে পঢ়ক :৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.