গুৱাহাটী: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
বৈঠকত অনাগত দিনত অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ
- বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ যুৱক-যুৱতী তথা শিক্ষাৰ্থীৰ মৃতদেহ ঘূৰাই অনাৰ বাবে আজিৰ কেবিনেটত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয় । বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ যুৱক-যুৱতীৰ মৃতদেহ চৰকাৰী খৰচত ঘূৰাই অনাৰ বাবে আজিৰ কেবিনেটে ‘শ্রদ্ধাঞ্জলি’ নামৰ আঁচনিত অনুমোদন জনায় । চিকিৎসাৰ বাবে গৈ মৃত্যু হোৱাৰ ক্ষেত্রত এই আঁচনিৰ সুবিধা নাপাব । আঁচনিখন অসম আৰক্ষীৰ বিশেষ শাখাই চোৱা-চিতা কৰিব । ১১২ নম্বৰত ফোন কৰিলে অসম আৰক্ষীৰ বিশেষ শাখাই সবিশেষ সংগ্ৰহ কৰি মৃতদেহ অনাৰ ব্যৱস্থা কৰিব ।
- ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ বাহিৰত থকা ৰাভা লোকসকলৰ বাবে কেবিনেটৰ বিশেষ পদক্ষেপ । আজিৰ কেবিনেটে ৰাভা উন্নয়ন পৰিষদ গঠনত অনুমোদন জনায় ।
- অংগনবাদী কৰ্মীসকলে দহ বছৰ কাম কৰাৰ পাছত ছুপাৰভাইজাৰ হয় । ছুপাৰভাইজাৰৰ ২৫ শতাংশ পদ অংগনবাদী কৰ্মীসকলৰ বাবে সংৰক্ষিত আছিল । আজিৰ কেবিনেটত অংগনবাদী কৰ্মীসকলৰ বাবে ছুপাৰভাইজাৰৰ ৫০ শতাংশ পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
- অসমৰ তৃতীয় লিংগৰ লোকৰ বাবে কেবিনেটত বিশেষ সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । তেওঁলোকক সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী হিচাপে আজিৰ কেবিনেটে স্বীকৃতি প্ৰদান কৰে । অসমৰ বাসিন্দাক এই স্বীকৃতিৰ পৰিচয় পত্র প্ৰদান কৰা হ'ব । বাহিৰৰ পৰা অহাসকলে এই সুবিধা লাভ নকৰিব ।
- মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কটো আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে মাহে ১৫০০ টকাকৈ দৰমহা লাভ কৰি আহিছিল । আজিৰ কেবিনেটে তেওঁলোকৰ দৰমহা ২০০০ টকালৈ বৃদ্ধি কৰে । পহিলা অক্টোবৰৰ পৰা তেওঁলোকে ২০০০ টকালৈ দৰমহা লাভ কৰিব । ৰাজ্য চৰকাৰে ইয়াৰ বাবে ব্যয় কৰিব ১০৮ কোটি টকা ৷
- গোৱালপাৰা জিলাত ডাঙৰ দুখন বিল আছে । এখন হৈছে উৰপদ বিল আৰু ইয়াৰ ভূমিৰ পৰিমাণ হৈছে ১২৫৬ হেক্টৰ (১০ হাজাৰ বিঘা) । এই বিলখন সংৰক্ষণ কৰাৰ বাবে ইয়াক বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে । গোৱালপাৰাৰ আন এখন বিল হৈছে হাচিলা বিল । এই বিলখনত কেইদিনমান আগতে উচ্ছেদ চলোৱা হৈছিল আৰু ২৪৫ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছিল । এই বিলখনৰ ২৪৫ হেক্টৰ ভূমিকো সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।
- সৰ্বশিক্ষা অভিযানৰ পৰা নিয়মীয়াকৰণ কৰা শিক্ষকৰ বাৰ্ষিক ৩ শতাংশ ইনক্ৰিমেণ্ট দিয়াৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
- ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযানৰ লগতে এ পি ডি চি এল, এ পি জি চি এল আৰু এ ই জি চি এলৰ কৰ্মচাৰী সকলে অসম চৰকাৰৰ কৰ্মচাৰীৰ দৰে 'আপোন ঘৰ' আঁচনিৰ সুবিধা লাভ কৰিব । গৃহ নিৰ্মাণৰ বাবে ৩০ লাখ টকাৰ ঋণৰ সুবিধা লাভ কৰিব । আনহাতে, এই কৰ্মচাৰীসকলে অসম চৰকাৰৰ 'আপোন বাহন' আঁচনিৰো সুবিধা লাভ কৰিব ।
- তিনি হাজাৰ কোটি টকাৰে অ'ল্টাৰনেটিভ ইনভেষ্টমেণ্ট ফাণ্ড এটা 'চেবি'ৰ লগত পঞ্জীয়ন কৰা হ'ব । যাতে অসমৰ ষ্টাৰ্টআপ আৰু অসমত উদ্যোগ স্থাপন কৰিব অহা লোকসকলক সহায় কৰিব পৰা যায় । লগতে প্ৰয়োজনত চৰকাৰী অংশীদাৰিত্ব ক্ৰয় কৰিব পৰা যায় ।
- ৰাজ্যত খনিজাত পদাৰ্থৰ সন্ধানৰ প্ৰক্ৰিয়া আৰু ক্ষিপ্ৰ কৰাৰ বাবে 'ষ্টেট মিনাৰেল এক্সপ্লৰেচন ট্ৰাষ্ট’ এটা কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় ।
- পশ্চিম কাৰ্বি আংলং জিলাত হিন্দুজা কোম্পানীয়ে ৯০০ মেগাৱাটৰ পাম ষ্টৰেজ নিৰ্মাণ কৰিব । ইয়াৰ বাবে ৫৪০০ কোটি টকা বিনিয়োগ হ'ব । আজিৰ কেবিনেটে ইয়াৰ বাবে অনুমোদন জনায় ।
- কেবিনেটে চন্দ্ৰপুৰত এখন নবোদয় বিদ্যালয় নিৰ্মাণ কৰাৰ বাবে ভাৰত চৰকাৰক ৪০ বিঘা মাটি আবণ্টন দিয়ে ।
- নামঘৰ, ধৰ্মীয় অনুষ্ঠান, অংগনৱাদী কেন্দ্ৰ আদিত বসুন্ধৰা-৩ ৰ যোগেদি ভূমি আবণ্টন দিয়াৰ বাবে ১,৯৩৫ টা প্ৰস্তাৱ আজিৰ কেবিনেটে অনুমোদন জনায় । সেইদৰে ৰাজ্য চৰকাৰৰ বিভিন্ন আন্তঃগাঁথনি থকা ৫১৮ টা অনুষ্ঠানৰ বাবে মাটিৰ বন্দোবস্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয় ।
লগতে পঢ়ক: মাটিয়েই হ’ব মূল ইছ্যু: কোকৰাঝাৰত গৌৰৱ গগৈৰ হুংকাৰ