২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰধান ঘোষণাসমূহ : কোন কিদৰে হ'ব উপকৃত
২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ শেষৰখন পূৰ্ণাংগ বাজেটত কোনে লাভ কৰিব কি কি সুবিধা ?

Published : March 10, 2025 at 6:09 PM IST
গুৱাহাটী : বিত্তমন্ত্রী অজন্তা নেওগে সোমবাৰে সদনত দাখিল কৰিলে অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট । আগন্তুক বৰ্ষৰ বাজেটখনত বহুকেইটা উল্লেখযোগ্য ঘোষণা কৰা হৈছে । বাজেটৰ প্ৰধান ঘোষণাসমূহ হৈছে -
১) চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিলৈ সুবিধা :
চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টি সকলক পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰ্ণ সাপেক্ষে গতিশীল নিশ্চিত জীৱিকা অগ্রগতি আঁচনিৰ অধীনত সামৰি লোৱা হ'ব । চৰকাৰে বছৰি দুখন ৰাষ্ট্ৰীয় সন্মিলন, এছিয়াৰ দেশসমূহৰ বাবে প্ৰতি দুবছৰত আৰু এছিয়াৰ বাহিৰৰ দেশসমূহৰ বাবে প্ৰতি চাৰি বছৰত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পৃষ্ঠপোষকতা কৰিব । চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টি সকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সূতবিহীন ঋণ প্রদান কৰিব । অতিৰিক্তভাৱে তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণ আঁচনি শীঘ্ৰে আৰম্ভ কৰা হ'ব ।

২) প্ৰ'টন থেৰাপী কেন্দ্ৰ :
কৰ্কট ৰোগী, বিশেষকৈ শিশুসকলৰ বাবে অত্যাধুনিক কর্কট চিকিৎসাৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কৰ্কট প্রতিষ্ঠান, গুৱাহাটীত এটা প্ৰ'টন থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ'ব । এইটো পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো প্ৰ'টন থেৰাপী কেন্দ্ৰ হ'ব । এই যন্ত্ৰটোৰ মূল্য হৈছে প্ৰায় ৫৫০ কোটি টকা । এই প্ৰকল্পৰ বাবে চৰকাৰে চি এছ আৰ পুঁজিও ব্যৱহাৰ কৰিব ।
৩) অসম উচ্চ আৰু কাৰিকৰী শিক্ষাৰ বাবে পুঁজি যোগান আঁচনি :
কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা পুঁজি যোগান সংস্থাৰ আৰ্হিত অসমৰ শৈক্ষিক প্রতিষ্ঠানসমূহক সহায় কৰাৰ
উদ্দেশ্যে অসম উচ্চ শিক্ষা পুঁজি যোগান আঁচনি মুকলি কৰাৰ বাবে বাজেটত প্ৰস্তাৱ লোৱা হৈছে । ইয়াৰ ফলত উচ্চ শিক্ষাৰ প্রতিষ্ঠানে নিজৰ আন্তঃগাঁথনি উন্নয়ন আৰু যন্ত্রপাতি ক্ৰয় কৰাৰ বাবে বেংকৰ পৰা ঋণ ল'ব পাৰিব । মূল ঋণৰ ২৫ শতাংশ ৰাজ্য চৰকাৰে ৰাজ সাহায্য হিচাপে প্রদান কৰিব । এনে ঋণৰ সমুদায় সুদৰ দায়িত্বও ৰাজ্য চৰকাৰে বহন কৰিব । প্ৰাৰম্ভিক পৰ্যায়ত এই আঁচনিখন ঐচ্ছিকভিত্তিক হ'ব । এই সুবিধাৰ উপৰি চৰকাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক মূলধনী ব্যয়ত সমর্থন আগবঢ়াই যাব ।
৪) ডিব্ৰুগড় পলিটেকনিকক অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীতকৰণ :
লাহোৱালত থকা ডিব্ৰুগড় পলিটেকনিকক এখন পূর্ণাংগ অভিযান্ত্রিক মহাবিদ্যালয়লৈ উন্নীত কৰা হ'ব ।
৫) আদর্শ বিদ্যালয় :
ৰাজ্যৰ ২১৮ খন চাহ বাগিচা আদর্শ বিদ্যালয়ৰ ১১৬খন ইতিমধ্যে কার্যক্ষম হৈছে । এই বছৰটোত আৰু ৯৭ খন আদৰ্শ বিদ্যালয় মুকলি কৰা হ'ব । এই বিদ্যালয়সমূহত ২০২৪-২৫ বৰ্ষত নামভৰ্তিৰ সংখ্যা ৮৭ শতাংশ বৃদ্ধি হৈছে । ২৫ খন বড়ো মাধ্যমৰ বিদ্যালয়ক আদর্শ বিদ্যালয়লৈ উন্নীত কৰা হ'ব ।
৬) বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ সৈতে জড়িত শিক্ষকসকলৰ দৰমহা ২০,০০০ টকালৈ বৃদ্ধি আৰু তেওঁলোকৰ সেৱা ৬০ বছৰলৈ সম্প্ৰসাৰিত কৰা হৈছে ।


ভবিষ্যৎ প্রতিভাবান খেলুৱৈসকলৰ বাবে শক্তিশালী বুনিয়াদ গঢ়ি তোলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে ৫০০ গৰাকী ল'ৰা-ছোৱালীক অলিম্পিককে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পৰাকৈ প্ৰয়োজনীয় দক্ষতা, সম্পদ আৰু প্ৰশিক্ষণেৰে সাজু কৰি তোলা হ'ব ।
২৩) যুৱ দক্ষতা বৃদ্ধি :
অসম দক্ষতা বিশ্ববিদ্যালয়ে এই বছৰতে নিজৰ চৌহদৰ পৰা কাম আৰম্ভ কৰিব পাৰিব । বিজ্ঞান-প্রযুক্তি তথা কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মাধ্যমিক বিদ্যালয়সমূহক ৰাজ্যিক বৃত্তিমুখী প্রশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰাৰ বাবে আমি টাটা-নেলকোৰ সৈতে অংশীদাৰিত্বৰ ভিত্তিত কাম কৰিব । ইয়াৰ বাবে বাজেটত ৫০ কোটি টকা আবণ্টন কৰা হয় ।
২৪)উচ্চ ক্ষমতাসম্পন্ন ঔদ্যোগিক প্ৰসাৰ ব'ৰ্ড আৰু উৎসর্গীত অসম ঔদ্যোগিক গতিশীল পুঁজি :
এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ জৰিয়তে ৫ লাখ কোটি টকাতকৈও অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা হৈছে । এই বিনিয়োগসমূহ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰিবলৈ আধুনিক লজিষ্টিক শক্তি, পানী আৰু পৰিবহণ আন্তঃগাঁথনিৰ সুবিধাযুক্ত ঔদ্যোগিক মণ্ডল উন্নয়নৰ পৰিকল্পনা কৰা হৈছে । এই পদক্ষেপসমূহৰ লগতে আন উদগনিমূলক ব্যৱস্থাক সমর্থন জনাবলৈ ক্ষেত্রভিত্তিক নির্দিষ্ট নীতি অনুসৰি অসম ঔদ্যোগিক গতিশীল পুঁজি নামৰ এটা উৎসর্গীকৃত পুঁজিৰ বাবে বাজেটত ২,০০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । আইন প্ৰণয়নৰ দ্বাৰা এখন উচ্চ ক্ষমতাসম্পন্ন ঔদ্যোগিক প্ৰসাৰ বোৰ্ড পৰিষদ গঠন কৰা হ'ব ।
২৫) দীর্ঘম্যাদী উন্নয়নৰ বাবে কৌশলগত বিনিয়োগ :
বৰ্তমান অসমৰ ৪৬টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ১৭টাই লাভ উপার্জন কৰি আছে । ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ মুঠ যৌথ মূল্য ৪০,৩৮০ কোটি টকা । মুখ্যমন্ত্ৰীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনাৰ অধীনত ২,৭০০ কোটি টকাৰ আছুটীয়া পুঁজি জমা কৰা হ'ব । এই বৰ্ষত গ্রীণফিল্ড সাৰ কাৰখানাত ১,২৭২ কোটি টকা বিনিয়োগেৰে কৃষিখণ্ডৰ আত্মনিৰ্ভৰশীলতাৰ দিশত এক পদক্ষেপ গ্ৰহণ কৰা হ'ব ।
২৬) আছামছাট (ASSAMSAT), মহাকাশলৈ অসমৰ নিজা খোজ :
কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰৰ সহযোগত জটিল আর্থ-সামাজিক প্রকল্পসমূহৰ কাৰ্য ৰূপায়ণৰ স্বাৰ্থত বিশ্বাসযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসমৰ নিজা কৃত্ৰিম উপগ্রহ ASSAMSAT (আছামছাট) স্থাপন কৰিব বিচৰা হৈছে । এই ব্যৱস্থাই অসমৰ কৃষি, দুর্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত উৎসর্গীকৃত সেৱা যোগানত সহায় কৰিব । ইনস্পেচ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) সহযোগত অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষামূলক কৃত্রিম উপগৃহ নির্মাণ কাৰ্যত জড়িত কৰি তেওঁলোকৰ কল্পনা শক্তিক উজ্জীবিত কৰাৰ পৰিকল্পনা কৰা হৈছে ।
অসম ভৱিষ্য দর্শন :
১) ১০০খন নির্বাচিত গাঁৱত উচ্চ প্রযুক্তিসম্পন্ন কৃত্রিম বুদ্ধিমত্তা নিৰ্ভৰ কৃষি কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰে উৎসাহ যোগাব, য'ত কৃত্রিম বুদ্ধিমত্তা আৰু ড্র’নে তথ্য-চালিত সিদ্ধান্ত গ্রহণ, কৃষি উৎপাদন বৃদ্ধি আৰু বহন ক্ষমতা ৰক্ষাৰ বাবে কৃষকক সহায় কৰিব ।
২) অসম প্রযুক্তি উপত্যকা-কৃত্রিম বুদ্ধিমত্তা আৰু সেউজ উদ্ভাৱন কেন্দ্ৰ অনাগত বছৰবোৰত ভৱিষ্যতৰ বাবে সাজু এখন অসম গঢ়াৰ বাবে চৰকাৰে কৃত্রিম বুদ্ধিমত্তা, শক্তি সুৰক্ষা, নবীকৰণযোগ্য শক্তি, জৈৱ ইন্ধন আৰু সেউজ প্ৰযুক্তিত উদ্ভাৱনৰ কাম কৰিব ।
৩) অসম : উদ্ভাৱন আৰু ষ্টার্টআপৰ ক্ষেত্ৰত পূৰ্বোত্তৰৰ প্ৰৱেশদ্বাৰ :
বিশ্বজনীন ষ্টার্টআপ আৰু বিশেষ দক্ষতাৰ চাকৰি সৃষ্টিৰ ক্ষেত্ৰত পূৰ্বোত্তৰৰ প্ৰৱেশদ্বাৰ হিচাপে অসমক প্রতিষ্ঠা কৰাৰ বাবে চৰকাৰে আই আই টি গুৱাহাটীৰ সৈতে সহযোগিতা কৰিব। গৱেষণা আৰু উদ্ভাৱনৰ বাবে উৎসর্গিত বিশেষ অর্থনৈতিক মণ্ডল গঠন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পুঁজি বিচাৰিব ।
৪) ভাৰতৰ প্ৰথম বাঁহ স্মার্ট চিটি বহনক্ষম আৰু পৰিৱেশ অনুকূল নগৰীয়া পৰিকল্পনাৰ প্ৰদৰ্শনেৰেভাৰতৰ প্ৰথমখন বাঁহ স্মাৰ্ট চিটি স্থাপনৰ চিন্তা-চৰ্চা কৰা হৈছে। সেউজ নিৰ্মাণ আৰু উদ্ভাৱনক উৎসাহিত কৰি সকলো ভৱিষ্যতৰ চৰকাৰী গৃহ নিৰ্মাণত বাঁহ-নিৰ্ভৰ সামগ্ৰীৰ ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হ'ব ।
৫) অসম ভাৰতৰ প্ৰথম সেউজ পেকেজিং কেন্দ্ৰৰ অগ্ৰদূত :
অসমক দেশৰ প্ৰথম সেউজ পেকেজিং ঔদ্যোগিক কেন্দ্ৰ হিচাপে প্রতিষ্ঠা কৰাৰ বাবে চৰকাৰে জৈৱ প্লাষ্টিক ষ্টাৰ্ট আপক উৎসাহিত কৰিব । বহনক্ষম পেকেজিং সমাধানৰ গৱেষণা আৰু বিকাশত সহায় কৰাৰ বাবে এক সেউজ উদ্ভাৱন পুঁজি আৰম্ভ কৰা হৈছে । পৰিৱেশ অনুকূল ঔদ্যোগিক বিকাশত বৰঙণি যোগোৱাৰ বাবে কলৰ আঁহ-ভিত্তিক পেকেজিঙৰ লেখীয়া প্ৰযুক্তিত বিনিয়োগ কৰিব চৰকাৰে ।
৬) কার্বন ক্রেডিট উদ্যোগৰ নেতৃত্বৰ দিশে অসম :
বহনক্ষম বিকাশ আৰু পাৰিপাৰ্শ্বিকতামূলক দায়বদ্ধতাৰ প্ৰসাৰ সাধন কৰিবলৈ চৰকাৰে এটা শক্তিশালী কার্বন ক্রেডিট ফ্ৰেমৱৰ্ক গঠন কৰি ইয়াৰ উন্নয়নৰ প্ৰচেষ্টা হাতত ল'ব ।
৭) অসমত ভাৰতৰ প্ৰথমটো এআই-পাৱাৰ এন্টি-দীপকে আৰু চাইবাৰ নিৰীক্ষণ লেব :
দীপফেকৰ ভাবুকি আৰু চাইবাৰ নিৰীক্ষণ বৃদ্ধি কৰি তুলিবলৈ ভাৰতৰ প্রথম কৃত্রিম বুদ্ধিমত্তা (A-I) ভিত্তিক লেব স্থাপনেৰে অসম আৰক্ষীক উৎসাহিত কৰা হ'ব । এই অত্যাধুনিক ব্যৱস্থাই চাইবাৰ সুৰক্ষা, ডিজিটেল ফৰেনছিকচ আৰু অনলাইন ভাবুকি চিনাক্তকৰণৰ ব্যৱস্থা শক্তিশালী কৰি তুলিব । এনে পদক্ষেপে কৃত্রিম বুদ্ধিমত্তা পৰিচালিত আইন বলবৎ আৰু চাইবাৰ অপৰাধ ৰোধত অসমে আগাশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হ'ব ।
৮) ডিজিটেল অসম চাহ-বিনিময় :
ভাৰতৰ প্ৰথমটো কৃত্রিম বুদ্ধিমত্তা আৰু ব্লকচেইন-ভিত্তিক চাহ নিলাম স্বচ্ছতা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে ভাৰতৰ প্ৰথমটো কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত, ব্লকচেইন-ভিত্তিক চাহ নিলাম ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ অসমে চাহ উদ্যোগৰ অংশীদাৰ সকলৰ সৈতে কাম কৰিব । এই ডিজিটেল প্লেটফর্মে সুৰক্ষিত লেনদেন আৰু উচিত মূল্য নিৰ্ধাৰণক নিশ্চিত কৰি চাহ ব্যৱসায়ত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব ।
৯) অসম জল মেট্ৰ' পৰিবহণ :
ফাঁচী বজাৰৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ এখন জল মেট্ৰ' চলোৱাৰ বিষয়ে বাজেটত উল্লেখ কৰা হৈছে । যাতে বিমানবন্দৰৰ যাত্ৰীসকলে ফাঁচী বজাৰৰ আই ডব্লিউ টি জেটীত চেক-ইন কৰি নতুন টার্মিনেলত উপস্থিত হ'ব পাৰে ।
১০) বিমান বন্দৰৰ যাত্ৰীসকলৰ বাবে খানাপাৰাৰ পৰা ৰোপৱে :
অধিক যাত্রী কঢ়িয়াই নিব পৰাকৈ এৰিয়েল ট্রামৱেছ বা কেৱল কাৰ নামৰ গধুৰ কেলিবাৰেৰে ডিজাইন কৰা ৰোপৱেৰে যাত্ৰীসকলক বিমানবন্দৰৰ পৰা খানাপাৰালৈ আৰু খানাপাৰাৰ পৰা বিমানবন্দৰলৈ অনা-নিয়া কৰাৰ কথা বাজেটত উল্লেখ কৰা হৈছে।
১১) লাখপতি বাইদেউ পুঁজি, মহিলা আত্মসহায়ক গোট আৰু উদ্যমীৰ সবলীকৰণ :
প্রতিশ্রুতিসম্পন্না মহিলা নেতৃত্বাধীন ষ্টার্টআপক উৎসাহিত কৰাৰ বাবে প্রায় ২৫০ কোটি টকাৰে চৰকাৰে ‘লাখপতি বাইদেউ পুঁজি' গঠনৰ পোষকতা কৰিছে । এই পুঁজি সুদবিহীন ঋণ প্রদান, সূদ ৰেহাই আৰু মহিলাসকলক সবলীকৰণৰ পৰা উদ্যমিতালৈ ৰূপান্তৰৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰাত ব্যৱহাৰ কৰা হ'ব ।
বাজেটত ঘোষণা কৰা আন কেতবোৰ ঘোষণা :
১) মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ এককালীন সাহায্যৰ পৰিমাণ ৪ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি । বন্য জন্তুৰ উপদ্ৰৱত ফলত শস্য নষ্ট হলে ইয়াৰ ক্ষতিপূৰণ ৭,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি ।
২) কাজিৰঙাত পুৰণি জিপছীৰ স্থানত নতুন বাহন, বৈদ্যুতিক বাহন অনা হ'ব । ইয়াৰ বাবে বাজেটত ২০ কোটি টকা ধাৰ্য কৰা হৈছে ।
৩) শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ বাৰ্ষিক কিস্তিত ১০০কোটি টকাৰ এককালীন অনুদানৰ ঘোষণা ।
৪) ড৹ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দুৰদৰ্শন প্ৰতিষ্ঠানক এবছৰৰ ভিতৰত ডিপ্লমা পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নীতকৰণ সিদ্ধান্ত ।
৫) অসমৰ সকলো জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ । ৩৫খন জিলাত ৭০০ কোটি টকাৰ ভিতৰত ১২খন জিলাৰ বাবে ২৪০ কোটি টকা বাজেটত আৱন্টন ।
৬) ৰাজ্যখনৰ জিকিৰ আৰু জাৰীসমূহ থলুৱা ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত । আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাই এই দায়িত্ব বহন কৰিব ।
৭) জ্যোতি চিত্ৰবনৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশীকৰণৰ সিদ্ধান্ত । জ্যোতি চিত্ৰবন সমাজৰ উন্নীত কৰণৰ বাবে ৪ জনীয়া সমিতি গঠন ।
৮) মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ গৱেষণামূলক কাম কাজৰ বাবে ৫০ কোটি টকাৰ আৱন্টনৰ ঘোষণা ।
৯) কোচবিহাৰ মধুপুৰ সত্ৰৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ ৫০ কোটি টকীয়া প্ৰকল্প গ্ৰহণ । এই সত্ৰখনক ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাব ।
১০) ২০২৫ বৰ্ষৰ ১৪ এপ্ৰিলৰ পৰা অসম চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয়ত অসমীয়া অনুবাদ বাধ্যতামূলক ।
১১) ২০০৬ চনৰ ১জানুৱাৰীৰ পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বাজেটত ।
১২) স্নাতক মহলাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আচঁনিৰ বাবে ২৫ কোটি টকা ধাৰ্য ।
১৩) মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৭৭৩ কোটি টকা ধাৰ্য ।
১৪) ৰাজ্যত এক লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য অতিক্ৰম কৰাৰ পাছত এক লাখ ৬০ হাজাৰ ৫৯৪ গৰাকীক নিযুক্তি দিয়াৰ দিশে অসম চৰকাৰ । এই সন্দৰ্ভত সবিস্তাৰে বাজেটত উল্লেখ ।
১৫) ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগানৰ নিশ্চিতি প্ৰদান কৰিবলৈ বাজেটত ৩৭০কোটি টকা আৱন্টন ।
১৬) চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২০২৫-২৬বাজেটত ৩৪২ কোটি টকাৰ আৱন্টন ।
১৭) শৈক্ষিক ক্ষেত্ৰত লিখা মেলা কৰা এক হাজাৰ যুৱ লেখকলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা । কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে এক হাজাৰ টকাকৈ এককালীন অনুদান ।
১৮) অসম দৰ্শনৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৪২০ কোটি টকা ।
১৯) প্ৰতি মাহত ১২০ ইউনিট বিদ্যুত খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলে প্ৰতি ইউনিটত এক টকাকৈ হ্ৰাস পাব । ইয়াৰ বাবে ৩০০ কোটি টকাৰ ৰাজসাহায্য ঘোষণা ।
২০) মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ অধীনত ৫০০টা কৃষক উৎপাদক সংস্থাক ১০ লাখকৈ টকা প্ৰদান কৰা হ'ব । ইয়াৰোপৰি প্ৰতি কুইন্টল ধানত ২৫০ টকা, প্ৰতি কুইন্টল সৰিয়হত ৫০০ টকা চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব ।
২১) এক জিলা এক পথ আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাতে ২৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব । শিলচৰত এখন উৰণ সেতু হ'ব । ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ'ব বিধায়কৰ হোষ্টেল । দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব ডিব্ৰুগড়ক ।
২২) দশম আৰক্ষী বেটলিয়নৰ চাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হ'ব। কাৰ্বি আংলঙত সৈনিক স্কুল, কৃষি মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয় হ'ব ।
২৩) ২০২৫ চনৰ এপ্ৰিলৰ পৰা সকলো বিদ্যালয়তে অষ্টম শ্ৰেণীলৈকে অসম ইতিহাস বিষয়টো বাধ্যতামূলক ।

