কাজিৰঙা নামটো কেনেকৈ হ’ল ? বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ বিষয়ে কিছু আমোদজনক তথ্য
কাজিৰঙা নামৰ উৎপত্তি কেনেদৰে হ’ল ? আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে সকলোৰে মাজত এটা চিনাকি নাম কাজিৰঙা ৷ যি এসময়ত আছিল এক জনশ্ৰুতি মাথোঁ...

Published : December 10, 2024 at 6:14 PM IST
কাজিৰঙা : আপুনি জানেনে কাজিৰঙা নামৰ উৎপত্তি কেনেকৈ হ’ল ? এসময়ত জনশ্ৰুতি হিচাপে থকা কাজিৰঙাই বৰ্তমান বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰি সকলোৰে মাজত এটা চিনাকি নাম হৈ পৰিছে ৷ বৰ্তমান বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিচিত কাজিৰঙাই কিন্তু এদিনতে আজিৰ কাজিৰঙা হোৱা নাই ৷ ইয়াৰ আঁৰত আছে বহু কাহিনী ৷
আহোম ৰাজত্বৰ সময়ত কাজি আৰু ৰঙাই নামৰ এহাল দম্পতী আছিল ৷ তেওঁলোকৰ নামৰ পৰাই পৰৱৰ্তী সময়ত কাজিৰঙা নামৰ উৎপত্তি হয় বুলি বুৰঞ্জীয়ে কয় ৷ এই সন্দৰ্ভত চাৰিকুৰিৰ দেওনা গৰকা স্থানীয় লেখক পদ্ম গগৈয়ে ব্যক্ত কৰে নিজৰ অভিমত ৷

তেওঁ কয়, "কাজিৰঙা নামটো উৎপত্তি সম্পৰ্কত আমি যদি নিৰীক্ষণ কৰোঁ তেতিয়াহ'লে আমি আহোম ৰাজত্বকালৰ বুৰঞ্জীলৈ ভুমুকি মাৰিব লাগিব । মোগলে যেতিয়া সপ্তমবাৰ অসম আক্ৰমণ কৰিছিল তেতিয়া চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালত কনচেং বৰপাত্ৰগোঁহায়ে মোগলক ভেটিবলৈ কলিয়াবৰৰ খলাত গৈ তেওঁলোকৰ লগত ৰণ কৰিছিল আৰু তেতিয়াই মোগল সৈন্যক বন্দী কৰি আনি আহোম ৰাজত্বকালতে বনাঞ্চলত তেওঁলোকে নৈ-বিল, জান-জুৰি খন্দাইছিল ৷ তেতিয়াই কাজি আৰু ৰঙাই নামেৰে যিটো দম্পতী আছিল, সেই দম্পতীৰ নামতে কাজিৰঙাৰ নামটো তেওঁলোকে ঘোষণা কৰিছিল ।"
আনহাতে, কাৰ্বি সমাজতো কাজিৰঙা নামৰ উৎপত্তি সম্বন্ধে আছে বিভিন্ন বিষয় ৷ সেইমতে, কাজিৰঙাক সুৰক্ষা দিছিল এগৰাকী দেৱীয়ে ৷ কাজিৰ ৰংহাংপি নামৰ উক্ত দেৱীগৰাকীৰ নামেৰেই সমস্ত হাবিখিনিয়ে পৰৱৰ্তী সময়ত কাজিৰঙা নাম পায় ৷ বছৰ বছৰ ধৰি চলি অহা এই জনশ্ৰুতি তথা বিশ্বাসক সৰোগত কৰিয়েই এই দেৱীগৰাকীৰ জন্মদিন প্ৰতিবছৰে ৫ ডিচেম্বৰত উদ্যাপন কৰি অহা হৈছে কাজিৰ ৰংহাংপি দিৱস হিচাপে ৷

এই সন্দৰ্ভত স্থানীয় ব্যক্তি জয়ছিং ফাংচুৱে কয়, "কাৰ্বি সমাজৰ মতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা নামৰ উৎপত্তি ঐশ্বৰিক গুণ সম্পন্ন কাৰ্বি যুৱতী কাজিৰ ৰংহাংপিৰ নামৰ পৰা হৈছে বুলি বিশ্বাস কৰে । এই যুৱতীগৰাকীয়ে স্বৰ্গৰ পৰা কাজিৰঙালৈ এটা খড়্গ থকা গঁড় আনিছিল বুলি বিশ্বাস কৰাৰ লগতে গঁড়ক কাৰ্বি সমাজে লক্ষ্মী দেৱীৰ প্ৰতীক বুলি বিশ্বাস কৰি অতি ভক্তিৰে পূজা-অৰ্চনা কৰি আহিছে ।"

তেওঁ লগতে কয়, "কাৰ্বি সমাজে স্বৰ্গৰ পৰা কাজিৰঙালৈ গঁড় আনি খেতি কৰিছিল । তেখেতৰ ঈশ্বৰিক শক্তি আছিল । কাজিৰ ৰংহাংপিয়ে কাজিৰঙালৈ গঁড় অনাৰ বাবেই আজি কাজিৰঙা বিশ্ব বিখ্যাত হ'ব পাৰিছে ।"
উল্লেখ্য যে গঁড়ক কাৰ্বি ভাষাত কিন্দু বুলি কয় । কাৰ্বি লোকৰ মতে, গঁড় মা লক্ষ্মীৰ প্ৰতীক। গঁড়ে কৃষকৰ ধান খালে ভাল লক্ষণ বুলিও কাৰ্বি লোকে বিশ্বাস কৰে । সেই কাৰণে কাৰ্বি সমাজত গঁড় হত্যা মহাপাপ বুলি গণ্য কৰা হয় ।

কাজিৰঙা নামৰ উৎপত্তি বিভিন্নজনে বিভিন্ন ধৰণে দি আহিছে যদিও প্ৰকৃততে ঈশ্বৰিক গুণ সম্পন্ন কাৰ্বি যুৱতী কাজিৰ ৰংহাংপিৰ নামৰ পৰাই কাজিৰঙা নামৰ উৎপত্তি বুলি কাৰ্বি সমাজে দাবী কৰি আহিছে । আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশত বৰ্তমান বসবাস কৰি থকা কাৰ্বি লোকসকল এসময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বসবাস কৰি আছিল । বহু তথ্যৰ পৰা এই কথা প্ৰমাণিত হৈছে ৷

সেয়া যিয়েই নহওক, এসময়ত লেডী কাৰ্জন আহিছিল কাজিৰঙা ভ্ৰমণৰ বাবে ৷ নিগনা চিকাৰী নামৰ স্থানীয় ব্যক্তিগৰাকীৰ স’তে হাতীৰ পিঠিত উঠি কাজিৰঙা ভ্ৰমণ কৰিও গঁড় দেখা নাপাই তেওঁ গঁড়ৰ সুৰক্ষাৰ বাবে স্বামী লৰ্ড কাৰ্জনক অনুৰোধ কৰে ।

সেই মতেই ১৯০৫ চনত কাজিৰঙাক প্ৰস্তাৱিত সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰি ১৯০৮ চনত কাজিৰঙা হাবিক সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰা হয় ৷ পৰৱৰ্তী সময়ত ১৯০৮ চনত গেম ৰিজাৰ্ভ, ১৯৫০ চনত অভয়াৰণ্য আৰু ১৯৭৪ চনত কাজিৰঙা হাবিক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় ৷

তদুপৰি, ১৯৮৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰা হয় ৷ আনহাতে, ২০০৭ বৰ্ষত ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ইতিমধ্যেই সংৰক্ষণৰ ইতিহাসৰ শতবৰ্ষ উদ্যাপন কৰিছে ৷ এসময়ত জনশ্ৰুতিত থকা কাজিৰঙা আজি বিশ্ব মানচিত্ৰৰ এক চিনাকি নামলৈ পৰিণত হৈছে ৷
| লগতে পঢ়ক : কাজিৰঙা ফুৰিবলৈ আহি অকাল মৃত্যুক সাবটিলে পৰ্যটকে |
| লগতে পঢ়ক :কাজিৰঙা নামৰ উৎপত্তি কেনেদৰে হ'ল ? |

