ETV Bharat / state

গঁড়ৰ সমান্তৰালকৈ ব্য়াঘ্ৰ পৰ্যটনৰ দিশে আগুৱাইছে কাজিৰঙা

গঁড় সংৰক্ষণৰ শতিকাজোৰা প্ৰয়াসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক চিহ্নিত কৰিছে বিশ্বৰ মানচিত্ৰত । বৃদ্ধি পাব বাঘৰ সংখ্য়া ।

Tiger tourism in Kaziranga National Park
বাঘ সংৰক্ষণৰ প্ৰয়াস কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 29, 2025 at 1:58 PM IST

7 Min Read
Choose ETV Bharat

কাজিৰঙা: বাঘ সংৰক্ষণৰ প্ৰয়াসে বিশ্বখ্যাত কাজিৰঙাৰ পৰ্যটনক দিছে এক অন্য মাত্ৰা ৷ গঁড়কেন্দ্ৰিক পৰ্যটনৰ সমান্তৰালকৈ ব্যাঘ্ৰ পৰ্যটনৰ এক উৎকৃষ্টথলীলৈ পৰ্যবসিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ‘বিগ ফাইভ’ৰে সমৃদ্ধ কাজিৰঙা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰৰ অন্যতম অভিকেন্দ্ৰ । আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱসত এই ৰাষ্ট্ৰীয় উদ্যানখনক লৈ প্ৰস্তুত কৰা হৈছে এক প্ৰতিবেদন ।

২৬০০ ৰো অধিক গঁড়ৰ বিচৰণভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিবিধ জীৱ-জন্তু, উভচৰ-সৰীসৃপ, দেশীয়পৰিভ্ৰমী চৰাইৰ বাসস্থান হিচাপে পৰিচিত । ৰাষ্ট্ৰীয় উদ্যানখন ভিন্ন প্ৰকাৰৰ গছ-লতিকা,সৰু-বৰ ঘাঁহনি,জলাশয় আদিৰে ভৰপূৰ ৷ উদ্যানখনৰ বিস্তৃতি, ভৌগোলিক-প্ৰাকৃতিক আৰু ইয়াত বসবাস কৰা বন্যপ্ৰাণীৰ বৈচিত্ৰ্যতাৰ লগতে ‘বিগ ফাইভ’ৰ বাসভূমি বুলিও জনাজাত । ‘বিগ ফাইভ’ হিচাপে চিহ্নিত গঁড়, হাতী, বাঘ, ম’হ আৰু দলহৰিণ কাজিৰঙাৰ পৰ্যটনৰ বাবে সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।

কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধিৰ আশা (ETV Bharat Assam)

এই পাঁচটাৰ লগতে একখৰ্গীয় গঁড় সংৰক্ষণৰ এক শতিকাজোৰা প্ৰয়াসে কাজিৰঙাক চিহ্নিত কৰিছে বিশ্বৰ মানচিত্ৰত ৷ বিশেষকৈ সৰ্বাধিক ঘনত্বত একখৰ্গীয় গঁড়ৰ বাসস্থান হিচাপে জনাজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চাবলৈ বিগত সময়ৰ পৰাই ভিৰ কৰি আহিছে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰ্যটকে ৷ সমান্তৰালকৈ উপভোগ কৰে উদ্যানৰ নৈসৰ্গিক দৃশ্য় আৰু বৈচিত্ৰ্যপূৰ্ণ জৈৱতন্ত্ৰ ৷ ইয়াৰ সমান্তৰালকৈ শেহতীয়াকৈ মুকলি হৈছে পৰ্যটনৰ আন এটা দিশ ৷

ব্য়াঘ্ৰ পৰ্যটনৰ দিশে কাজিৰঙা :

"কাজিৰঙাত এতিয়া কেৱল গঁড় চাবলৈ নহয়, মই ভাবো বাঘ পৰ্যটন বুলিও কাজিৰঙালৈ পৰ্যটক আহে ৷" এই মন্তব্য় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষৰ ৷ কাজিৰঙাক এক অন্যতম শীৰ্ষ ব্যাঘ্ৰ সংৰক্ষিত এলেকা বুলি উল্লেখ কৰি ক্ষেত্ৰ সঞ্চালক ঘোষে কয়,"যোৱা বছৰ কাজিৰঙাত ভালেখিনি বাঘ প্ৰত্যক্ষ কৰা হৈছিল; যাৰ বাবে আমি ক’ব পাৰো বাঘ সংৰক্ষণৰ ক্ষেত্ৰত আমি এটা ভাল স্থানত আছো ৷"

Tiger tourism in Kaziranga National Park
কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধিৰ আশা (ETV Bharat Assam)

কিমান আছে বাঘ কাজিৰঙাত ?

কাজিৰঙাত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰ অধীনত কৰা শেহতীয়া জৰীপত ১০৪ টা বাঘৰ উপস্থিতিৰ কথা উল্লেখ কৰি ক্ষেত্ৰ সঞ্চালক ঘোষে কয়, "সমগ্ৰ ভাৰততে বাঘৰ সংখ্যা নিৰূপনৰ প্ৰক্ৰিয়া আৰম্ভৰ দিশে ৷ এতিয়া পুনৰ বাঘৰ সংখ্যা নিৰূপণৰ কাম আৰম্ভ হ’ব ৷" ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে ইতিমধ্যে বনাঞ্চলখনত কেমেৰা স্থাপনৰ কাম আৰম্ভ কৰিবলৈ জনাইছে বুলি জানিবলৈ দি ঘোষে কয়,"আগন্তুক বৰ্ষলৈ কেমেৰা স্থাপনৰ জৰিয়তে ছবি তোলাৰ পাছত ২০২৭ চনত ইয়াৰ ফলাফল মুকলি হোৱাৰ সম্ভাৱনা আছে ৷"

উল্লেখ্য যে বাঘৰ গণনাৰ বাবে কেমেৰা স্থাপন কৰি ছবি তুলি বিশেষ প্ৰক্ৰিয়াৰে বাঘৰ সংখ্যা নিৰূপন কৰা হয় ৷ ঘোষে লগতে কয়,"বৰ্তমান কাজিৰঙাত ১০৪ টা বাঘৰ যি তথ্য সেয়া দুবছৰ পূৰ্বৰ । গতিকে এইবাৰ পুনৰ কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধিৰ আশা কৰা হৈছে ৷ খাদ্য শৃংখলৰ প্ৰসংগত কাজিৰঙাত প্ৰায় ৪০ হাজাৰ সুগৰী পহু, ১২ শতকৈ অধিক দল হৰিণ, তিনি হাজাৰ বনৰীয়া ম’হ, ১২শ হাতীৰ লগতে গাহৰি, শৰ পহু আদিৰ কথা উল্লেখ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে কয়,"ইয়াত পৰ্যাপ্ত পৰিমাণে খাদ্য আছে ৷ বৈজ্ঞানিকভাৱে ২৫ প্ৰজননক্ষম মাইকী বাঘৰ বাবে ৮০০ বৰ্গ কিঃমিঃ এলেকাৰ প্ৰয়োজন বুলি কোৱা হয় ৷ আমাৰ কাজিৰঙাত ১৩০০ বৰ্গ কিঃমিঃ আছে ।" গতিকে নিশ্চয়কৈ বাঘৰ সংখ্যা কাজিৰঙাত ভাল বুলিও তেওঁ দোহাৰে ।

আন্তৰ্জাতিক ব্য়াঘ্ৰ দিৱস :

একালত সমগ্ৰ বিশ্বতে বাঘৰ সংখ্যা কমি অহাৰ পৰিপ্ৰেক্ষিতত বাঘ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা হৈছিল ৷ সেইমতেই ২০১০ত ৰাছিয়াৰ ছেন্ট পিটাৰ্ছবাৰ্গত হোৱা ব্য়াঘ্ৰ সন্মিলনত বাঘ সংৰক্ষণৰ সংকল্পৰে ২৯ জুলাইৰ দিনটো আন্তৰ্জাতিক ব্য়াঘ্ৰ দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ তেতিয়াৰে পৰাই এই দিৱস পালন কৰি অহা হৈছে ।

বাঘ সংৰক্ষণত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰেই এই দিৱস পালন কৰা হয় ৷ এই দিৱসৰ দিনা এনেদৰে ক’লে উত্তৰ-পূৰ্বাঞ্চলৰ জ্যেষ্ঠ ট্যুৰ গাইড তথা বন্যপ্ৰাণী ফটোগ্ৰাফাৰ বিতোপন কলঙে ৷ তেওঁ কয়,"বাঘৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰা মানেই উক্ত বনাঞ্চলৰ সমগ্ৰ ফ্ল’ৰা, ফ’না, কীট-পতংগ সংৰক্ষণৰ গণ্ডীত সোমাই পৰা ৷" খাদ্য শৃংখলৰ শীৰ্ষত অৱস্থান কৰা বাঘৰ সংৰক্ষণৰ লগে লগে বাঘৰ খাদ্য আৰু বাসস্থান সংৰক্ষণৰ কথাটোও আহি পৰে বুলি কলঙে কয় ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত বাঘ সংৰক্ষণৰ এক উৎকৃষ্ট উদাহৰণ কাজিৰঙা বুলি উল্লেখ কৰে কলঙে ।

বাঘে বৃদ্ধি কৰিছে পৰ্যটন :

কাজিৰঙাত লাহে লাহে বাঘৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ই সংস্থাপন দি আহিছে বুলি উল্লেখ কৰি কলঙে কয়, "মধ্য ভাৰতকে ধৰি সমগ্ৰ দেশৰে বনাঞ্চলসমূহত বাঘ পৰ্যটন আৰম্ভ হৈছে ৷ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ বাঘ সংৰক্ষিত বনাঞ্চলসমূহৰ লগতে বিশেষকৈ কাজিৰঙাত ২০০৭ চনত ব্য়াঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষিত হোৱাৰ পাছৰে পৰা বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পৰ্যটন বৃদ্ধি পাইছে ৷" কলঙে কয়, "এটা সময়ত কেৱল গঁড়ৰ বাবে জনাজাত কাজিৰঙাত গঁড় চাবলৈ পৰ্যটক আহিছিল; কিন্তু শেহতীয়াকৈ বাঘ পৰ্যটনৰ পৰিৱেশ কাজিৰঙাত গঢ় লৈ উঠিছে ৷ পৰ্যটকৰ সংখ্যা বাঢ়িছে । ই এটা ইতিবাচক দিশ, এটা ভাল খবৰ ৷ "

Tiger tourism in Kaziranga National Park
কাজিৰঙাত বাঘৰ সংখ্যা বৃদ্ধিৰ আশা (ETV Bharat Assam)

সংস্থাপনো বৃদ্ধি পাইছে :

আজি কালি কাজিৰঙালৈ আহি পৰ্যটকে সোধে - বাঘ ক’ত চাবলৈ পাম ? বাঘ সঁচাকৈ দেখিম নে ? বিভিন্ন সময়ত বাঘ দেখুৱাবলৈ খাটনিও ধৰে পৰ্যটকে ৷ এনেদৰে কয় কলঙে ৷ কলঙে কয়,"কাজিৰঙাৰ সমান্তৰালকৈ একালৰ মানাহৰ অস্থিৰ পৰিৱেশৰ পাছত এতিয়া বাঘৰ সংখ্যা বাঢ়িছে । অন্যান্য বন্যপ্ৰাণীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ সমান্তৰালকৈ বাঢ়িছে পৰ্যটন ৷" অসমৰ চাৰিখন বাঘ সংৰক্ষিত বনাঞ্চল কাজিৰঙা,মানাহ,ওৰাং আৰু নামেৰীত বাঘৰ সংখ্যা বৃদ্ধি পাইছে বুলিও কলঙে দোহাৰে ৷

বাঘ পৰ্যটনক লৈ উৎফুল্লিত পৰ্যটনকৰ্মী :

কাজিৰঙাৰ পৰ্যটনত জড়িত হৈ আছে ম’হপৰা গাঁৱৰ বিতোপন গগৈ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ম’হপৰা গাঁৱৰ নিবাসী বিতোপন গগৈয়ে কয়, "দাঁতিকাষৰীয়া গাঁৱসমূহত এসময়ত বাঘৰ সন্ত্ৰাস আছিল, আজিও আছে; কিন্তু পূৰ্বতকৈ কম ৷ দাঁতিকাষৰীয়া এলেকাৰ বাসিন্দা হিচাপে জন্মৰে পৰা বন্যপ্ৰাণীৰে সহাৱস্থান কৰি আহিছো । এতিয়াও বানৰ সময়ত বন্যপ্ৰাণীৰে সহাৱস্থান কৰিবলগা হয় ।"

কাজিৰঙাৰ পৰ্যটন উদ্যোগটোৰ লগতে বিগত দহটা বছৰে জড়িত হৈ থকাৰ কথা উল্লেখ কৰি গগৈয়ে কয়,"বাঘ পৰ্যটনে কাজিৰঙাক অন্য এক মাত্ৰা দিছে ৷ এক অন্য ৰূপত ঠন ধৰি উঠিছে কাজিৰঙাৰ পৰ্যটন ৷" কাজিৰঙাৰ গঁড় কেন্দ্ৰিক পৰ্যটনৰ সমান্তৰালকৈ বাঘ কেন্দ্ৰিক পৰ্যটনে ঠন ধৰি উঠাত উৎফুল্লিত বুলি প্ৰকাশ কৰি গগৈয়ে কয়, "বাঘ চাবলৈ দেশী-বিদেশী পৰ্যটকে কাজিৰঙাত ভিৰ কৰিছে ৷ তদুপৰি, বিগত সময়ত কাজিৰঙাত দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে কাজিৰঙা ভ্ৰমণ কৰাৰ লগতে টেণ্ডুলকাৰে সোণালী বাঘ প্ৰত্যক্ষ কৰাৰ বাৰ্তা সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে সোণালী বাঘ চাবলৈ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিছে ৷" ব্যাঘ্ৰ দিৱসৰ দিনটোতে কাজিৰঙাৰ সংৰক্ষণ আৰু পৰ্যটনৰ বাবেও বিশেষ প্ৰচেষ্টা হাতত ল’বলৈ তেওঁ আহ্বান জনায় l

লগতে পঢ়ক:অৰুণাচলৰ পাকে ব্যাঘ্র প্ৰকল্পত বৃদ্ধি পাইছে বাঘৰ সংখ্যা - PAKKE TIGER RESERVE

বানৰ আতংক নহয়, অভাৱৰ বাবেহে এতিয়া চিন্তিত কাজিৰঙা কৰ্তৃপক্ষ - KAZIRANGA NATIONAL PARK

কাজিৰঙাত নতুন আলহী; কেমেৰাত ধৰা পৰিল বিপন্নপ্ৰায় প্ৰজাতিৰ ৰাংকুকুৰৰ উপস্থিতি - WILD DOG IN KAZIRANGA