তেজপুৰ: এশিঙীয়া গঁড়ৰ ৰম্যভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটনৰ ক্ষেত্ৰত গঢ়িছে অভিলেখ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে ভ্ৰমণকাৰী আৰু বন্যপ্ৰাণী অনুৰাগীসকলক মোহিত কৰি ৰাখিছে ৷ ফলস্বৰূপে পৰ্যটনৰ ক্ষেত্ৰত গঢ়িবলৈ সক্ষম হৈছে অভিলেখ ৷
ৰাষ্ট্ৰীয় উদ্যানৰ তথ্য অনুসৰি, এইবাৰ পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট উত্থান ঘটিছে । ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য, চহকী জৈৱ বৈচিত্ৰ্য আৰু এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা বন্যপ্ৰাণী অনুৰাগীৰ বাবে পছন্দৰ শীৰ্ষ গন্তব্যস্থান হিচাপে চিহ্নিত হৈছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে এক বিবৃতিত কয়, "বিগত দুবছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক গৌৰৱেৰে আদৰণি জনাই এক ঐতিহাসিক মুহূৰ্ত চিহ্নিত কৰে । ইয়াৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ মাৰ্চত কাজিৰঙা ভ্ৰমণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে ইতিহাস ৰচনা কৰে ।"

"১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হোৱাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী । শেহতীয়াকৈ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰৰ নেতৃত্বত বিভিন্ন দেশৰ ৬০ গৰাকী মিছন মুৰব্বীয়ে এডভাণ্টেজ আছামৰ অংশ হিচাপে উদ্যানখন পৰিদৰ্শন কৰে । এডভাণ্টেজ আছাম ২.০ ৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যানখনে গুৰুত্ব লাভ কৰিছে" বুলিও ঘোষে লগতে কয় ।

শেহতীয়াকৈ নিউয়ৰ্ক টাইমছত অসমে গ্ল’বেল পৰ্যটনস্থলীত নিজৰ স্থান দখল কৰাৰ উপৰিও কাজিৰঙা শীৰ্ষস্থানীয় গন্তব্যস্থানৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হোৱা দেখা গৈছে । তদুপৰি, অসম চৰকাৰে কাজিৰঙাত পৰিৱেশ অনুকূল পৰ্যটনক অগ্ৰাধিকাৰ দি শেহতীয়া বাজেটত ই ভি ছাফাৰী বাহন প্ৰদানৰ কথা ঘোষণা কৰিছে ।
বিগত ১১ বছৰৰ পৰ্যটনৰ তথ্যৰ সামগ্ৰিক তুলনাত ৰাজহৰ তথ্য আৰু পৰ্যটকৰ সংখ্যাৰ তথ্যৰ ভিত্তিত ক’ব পাৰি যে, যোৱা ১০ বছৰত মুঠ দৰ্শনাৰ্থীৰ সংখ্যা ৪ গুণ বৃদ্ধি পাইছে । উল্লেখনীয় দিশটো হৈছে, বিদেশী পৰ্যটকৰ সংখ্যা ৪.৫ % বৃদ্ধি পোৱা দেখা গৈছে বুলি তেওঁ কয় ।
লগতে পঢ়ক: নিৰূপমা তুমি আজি গাভৰু হ'লা... ! গীতটিৰ আঁৰৰ মানুহজনক চিনি পাইনে আপুনি ? - FOLK ARTIST FROM KALIABOR