ETV Bharat / state

পহিলা নৱেম্বৰৰ পৰা হাতীৰ পিঠিত উঠি কাজিৰঙা ফুৰিব পাৰিব পৰ্যটকে

১ নৱেম্বৰত মুকলি হ'ব কাজিৰঙাৰ হাতী ছাফাৰী ৷ দহটা হাতীয়ে পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যান ফুৰাবলৈ সাজু হৈছে ৷

Kaziranga National Park
কাজিৰঙাৰ হাতী ছাফাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2024 at 9:09 AM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা : পৰম্পৰাগত হস্তী পূজাৰে অহা ১ নৱেম্বৰৰ পৰা মুকলি হ'ব কাজিৰঙাৰ অতিকৈ আকৰ্ষণীয় হাতী ছাফাৰী ৷ পুৱাৰ কোমল ৰ’দজাক লগত লৈ কাজিৰঙাৰ এবুকু পৰিষ্কাৰ বতাহ প্ৰাণ ভৰি গ্ৰহণ কৰাৰ উদ্দেশ্যে হাতী ছাফাৰী কৰিবলৈ পুনৰ আহিব দেশী-বিদেশী পৰ্যটক ৷ এইবাৰ কাজিৰঙাৰ হাতী ছাফাৰীৰ নেতৃত্ব দিব অত্যন্ত সাহসী হাতী লক্ষীমায়ে ৷

তদুপৰি প্ৰদুম্ন্য, বীৰ, বিষ্ণু, কৰ্ণ, পাহি, পূৰ্ণিমা আদিকে ধৰি দহটা হাতীয়ে দেশী-বিদেশী পৰ্যটকক পিঠিত তুলি ১ নৱেম্বৰৰ পৰা ছমাহৰ বাবে চফৰ কৰাব ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ৷ হাতী মাউত কিৰণ ৰাভা আৰু কাছেম আলীয়ে জনায় যে ইতিমধ্যে বিভাগীয় হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন হৈছে ৷ লগতে পৰ্যটক বহিবলৈ হাওদাসমূহো অতি সুন্দৰকৈ সাজু কৰা হৈছে ৷

কাজিৰঙাৰ হাতী ছাফাৰী (ETV Bharat Assam)

দুয়োগৰাকী হাতী মাউতে জনায় যে আন আন বছৰৰ দৰেই নৱেম্বৰৰ ১ তাৰিখে পুৱা পৰম্পৰাগত হস্তী পূজা আৰু ফিটা কাটি কাজিৰঙাৰ মিহিমুখৰ পৰা আৰম্ভ হ'ব হাতী ছাফাৰী ৷ আনহাতে, পুৱা ৫ বজাত আৰু পুৱা ৬ বজাত মুঠতে দুটা খেপত চলিব এই হাতী ছাফাৰী ৷ এই দুটা খেপত দহটা বিভাগীয় হাতীত মুঠ ৪৪ গৰাকী পৰ্যটক উদ্যানলৈ প্ৰৱেশ কৰিব পাৰিব ৷

লগতে পঢ়ক : দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক পখিলাৰ প্ৰজাতি পোৱা স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

তেওঁলোকে আৰু কয় যে পৰ্যটকসকল কহঁৰা বনাঞ্চলৰ মুখ্য প্ৰৱেশ দ্বাৰ মিহিমুখৰ পৰা আৰম্ভ হ'ব হাতী ছাফাৰী আৰু সমাপ্ত হ'ব ৰাষ্ট্ৰীয় উদ্যানৰ কাঠপৰা এলেকাত থকা দ্বিতীয় ৰাইডিং পইণ্টত ৷ আনহাতে, বিমল শৰ্মা, ৰুবুল বৰা, ফটিক বৰা, দীপক গঞ্জু, নিপন শৰ্মা আদি কেইবাগৰাকীও কাজিৰঙাৰ ব্যক্তিৰ নেতৃত্বত বাগৰি বনাঞ্চলৰ বাবেও সাজু কৰা হৈছে ব্যক্তিগত হাতী ৷

ইতিমধ্যে বাগৰি বনাঞ্চলৰ হাতীসমূহৰো স্বাস্থ্য পৰীক্ষা, মাইক্ৰ'চিপ পৰীক্ষা আদি সমাপ্ত হৈছে ৷ আনহাতে, যোৱা ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা কাজিৰঙাৰ জীপ ছাফাৰীয়ে পৰ্যটকৰ যথেষ্ট সহাঁৰি লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক : মুকলিৰ ১৫ দিনতে কাজিৰঙালৈ আগমন ১৩ হাজাৰৰো অধিক পৰ্যটকৰ: লক্ষাধিক টকাৰ ৰাজহ সংগ্ৰহ