ETV Bharat / state

এইবাৰ অপ্ৰতিৰোধ্য কংগ্ৰেছ, জয়ী হোৱাৰ দাবী ৰ'জলিনা তিৰ্কীৰ - Lok Sabha Election 2024

Lok Sabha Election 2024: কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান । জয়ী হোৱাটো নিশ্চিত বুলি দাবী প্ৰাৰ্থীগৰাকীৰ ৷

LOK SABHA ELECTION 2024
এইবাৰ অপ্ৰতিৰোধ্য কংগ্ৰেছ, জয়ী হোৱাৰ দাবী ৰ'জলিনা তিৰ্কীৰ
author img

By ETV Bharat Assamese Team

Published : March 29, 2024 at 3:22 PM IST

2 Min Read
Choose ETV Bharat
এইবাৰ অপ্ৰতিৰোধ্য কংগ্ৰেছ, জয়ী হোৱাৰ দাবী ৰ'জলিনা তিৰ্কীৰ

কাজিৰঙা, 29 মাৰ্চ : ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ ৰ'জলীনা তিৰ্কীয়ে বৃহৎ সংখ্যক দলীয় নেতা কৰ্মী আৰু সমৰ্থকক লগত লৈ শুকুৰবাৰে মেৰাপানী তথা দৈয়াং অঞ্চলৰ ওপৰ তৰাণি ক'লাজানৰ নামঘৰসমূহৰ সহযোগত আয়োজন কৰা অৱিৰত ভাগৱত পাঠৰ শ্ৰীশ্ৰী গাড়ী পট্টীৰ নামঘৰত উপস্থিত হয় । প্ৰাৰ্থীগৰাকীয়ে উপস্থিত হৈ নামঘৰত সেৱা গ্ৰহণ কৰি ৰাইজক সাক্ষাৎ কৰে ৷

ৰাইজৰ অকুণ্ঠ মৰম-সহাৰি আৰু আশীষ লাভ কৰি ৰাইজৰ সহায় সহযোগিতা আৰু ভোট ভিক্ষা কৰে প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে । তাৰ পিচতে তিৰ্কীয়ে সংবাদমাধ্যমক সাক্ষাৎ কৰি কয় যে, নিৰ্বাচনত ৰাইজে প্ৰত্যুত্তৰ দিব ৷ সকলো ৰাইজৰ ওপৰত এৰিছে ৷

নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দল জিকাটো নিশ্চিত বুলি সাংবাদিকৰ আগত দাবী কৰে দলীয় কৰ্মীয়ে । দলীয় কৰ্মীয়ে বিজেপিক কটাক্ষ কৰি কয় যে, বিজেপি দলে মহিলা সংৰক্ষণৰ কথা কৈ আহিছে যদিও লোকসভা নিৰ্বাচনত মাত্ৰ এজন মহিলা প্ৰাৰ্থী দি নিজৰ স্বৰূপ উদঙাই দিছে ৷ তাৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰকৃততে মহিলাসকলক অগ্ৰাধিকাৰ দি আহিছে যাৰ বাবে এতিয়া কেইবাগৰাকী মহিলা প্ৰাৰ্থী আগবঢ়াইছে ।

লগতে বিজেপিয়ে চাহ জনগোষ্ঠী লোকক প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছী কৰ্মীয়ে ৷ তাৰ জ্বলন্ত উদাহৰণ স্বৰূপে এইবাৰ দুজনকৈ চাহ বাগিচাৰ প্ৰতিনিধিক দলে টিকটৰ পৰা বঞ্চিত কৰিছে, কিন্তু কংগ্ৰেছ দলে অসমৰ ইতিহাসত পেন প্ৰথমবাৰৰ বাবে দুজকৈ চাহ জনগোষ্ঠীৰ মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি দাবী কৰে কংগ্ৰেছ কৰ্মীয়ে ।

লগতে পঢ়ক: কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰক শুভেচ্ছা প্ৰদান বৰুৱাৰ - LOK SABHA ELECTION 2024